ভাৰতৰ সৈতে আছে ৰাছিয়া ! প্ৰধানমন্ত্ৰী মোদীলৈ ফোন পুটিনৰ, কি কথা পাতিলে ?

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পহলগাম আক্ৰমণৰ পিছত বৃদ্ধি পোৱা উত্তেজনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোন যোগে কথা পতা বুলি জানিব পৰা গৈছে । পহলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক পুটিনে তীব্ৰ গৰিহণা দিয়ে আৰু নিৰীহ লোকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ।

ভাৰতৰ সৈতে আছে ৰাছিয়া ! প্ৰধানমন্ত্ৰী মোদীলৈ ফোন পুটিনৰ, কি কথা পাতিলে ?

পুটিনৰ সৈতে প্ৰধানমন্ত্ৰী মোদী

Published: 

05 May 2025 | 05:47 PM

পহলগাম আক্ৰমণৰ পাছতে পাকিস্তানে বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পহলগাম আক্ৰমণৰ পিছত বৃদ্ধি পোৱা উত্তেজনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোন যোগে কথা পতা বুলি জানিব পৰা গৈছে । পহলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক পুটিনে তীব্ৰ গৰিহণা দিয়ে আৰু নিৰীহ লোকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতক সম্পূৰ্ণ সমৰ্থন দিয়াৰ আশ্বাস দিছে।

নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা ফোন যোগে হোৱা বাৰ্তালাপৰ সময়ত তেওঁ এই আক্ৰমণৰ দোষী আৰু তেওঁলোকৰ সমৰ্থকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাক আলোকপাত কৰে । দুয়োগৰাকী নেতাই অংশীদাৰিত্ব আৰু অধিক গভীৰ কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে বিজয় দিৱসৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি পুটিনক শুভেচ্ছা জ্ঞাপন কৰি চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতত অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক সন্মিলনলৈ আমন্ত্ৰণ জনায়।


ৰাছিয়াই ভাৰতক সহায়ৰ প্ৰতিশ্ৰুতি দিছে। উল্লেখ্য যে,পাকিস্তান চৰকাৰ আৰু মন্ত্ৰীসকলে কৈছে যে, আমাৰ হাতত পাৰমাণৱিক অস্ত্ৰ আছে, যাৰ ফলত যুদ্ধৰ পৰিণতি ভয়াৱহ হ’ব পাৰে। কিন্তু ৰাছিয়াৰ এই পদক্ষেপক পাকিস্তানৰ বাবে এক ডাঙৰ বিপৰ্যয় হিচাপে দেখা গৈছে ।

২২ এপ্ৰিলত কাশ্মীৰ উপত্যকাৰ পহলগামত সন্ত্ৰাসবাদীয়ে পৰ্যটকক লক্ষ্য় কৰি আক্ৰমণ সংঘটিত কৰিছিল। য’ত ২৬ জন লোকে প্ৰাণ হেৰুৱায়। এই আক্ৰমণৰ পিছত বৃদ্ধি পাইছে ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব