ভাৰত-জাৰ্মানী সম্পৰ্কৰ বাবে গুৰুত্বপূৰ্ণ এই বৰ্ষ, নতুন উচ্চতাত হ’ব উপনীতঃ প্ৰধানমন্ত্ৰী মোদী

নিউজ৯ গ্ল’বেল ছামিটৰ জাৰ্মানী সংস্কৰণত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। এই অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে চলিত এই ২০২৪ বৰ্ষটো ভাৰত-জাৰ্মানী সম্পৰ্কৰ বাবে এক গুৰুত্বপূৰ্ণ বৰ্ষ বুলি অভিহিত কৰে আৰু এই বৰ্ষত ভাৰত আৰু জাৰ্মানীৰ সম্পৰ্ক নতুন শিখৰত উপনীত হ’ব বুলি দৃঢ়তাৰে কয়।

ভাৰত-জাৰ্মানী সম্পৰ্কৰ বাবে গুৰুত্বপূৰ্ণ এই বৰ্ষ, নতুন উচ্চতাত হ’ব উপনীতঃ প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Updated On: 

22 Nov 2024 | 11:14 PM

নিউজ৯ গ্ল’বেল ছামিটৰ জাৰ্মানী সংস্কৰণত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। এই অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে চলিত এই ২০২৪ বৰ্ষটো ভাৰত-জাৰ্মানী সম্পৰ্কৰ বাবে এক গুৰুত্বপূৰ্ণ বৰ্ষ বুলি অভিহিত কৰে আৰু এই বৰ্ষত ভাৰত আৰু জাৰ্মানীৰ সম্পৰ্ক নতুন শিখৰত উপনীত হ’ব বুলি দৃঢ়তাৰে কয়। লগতে তেওঁ ভৱিষ্যতে দুয়োখন দেশৰ মাজত বাণিজ্য সম্পৰ্ক অধিক বৃদ্ধি পাব বুলি পূৰ্ণ আস্থা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্মিলনত দিয়া ভাষণত বাণিজ্য, বিজ্ঞান, প্ৰযুক্তি, আৰু সংস্কৃতিৰ দৰে ক্ষেত্ৰত দুয়োখন দেশৰ মাজত বৰ্ধিত সহযোগিতাৰ বিষয়ে উল্লেখ কৰে আৰু ভাৰত-জাৰ্মানীৰ অংশীদাৰিত্বক এক নতুন মাত্ৰা প্ৰদানৰ ক্ষেত্ৰত আত্মবিশ্বাস প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আজি ভাৰতত ১৮০০ৰো অধিক জাৰ্মান কোম্পানীয়ে কাম কৰি আছে, ভৱিষ্যতে ভাৰত আৰু জাৰ্মানীৰ মাজত বাণিজ্য অধিক বৃদ্ধি পাব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে।”

এই সময়ত তেওঁ জাৰ্মানীয়ে জাৰি কৰা ‘ফ’কাচ অন ইণ্ডিয়া’ৰ বিষয়েও উল্লেখ কৰে। এই পদক্ষেপ দুয়োখন দেশৰ মাজত গভীৰ সম্পৰ্কৰ প্ৰতীক আাখ্যা দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ লগতে কয় যে জাৰ্মানীত প্ৰায় ৩ লাখ ভাৰতীয় বাস কৰে, যি দুয়োখন দেশৰ মাজত এক শক্তিশালী সংযোগ হৈয়ে আছে। ভাৰত আৰু জাৰ্মানীৰ মাজত বাণিজ্যিক সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ বাবে ভাৰতে গ্ৰহণ কৰা নতুন নীতিৰ কথাও তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে ৩০ হাজাৰতকৈ অধিক আইন বিলুপ্ত কৰি কৰ ব্যৱস্থা উন্নত কৰাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। বাণিজ্যক প্ৰসাৰিত কৰি তোলাৰ উদ্দেশ্যে এনে পদক্ষেপ গ্ৰহণ কৰা বুলি তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে জাৰ্মান কোম্পানীসমূহক ভাৰতলৈ আহিবলৈও আমন্ত্ৰণ জনায়। ভাৰতৰ সমগ্ৰ গুৰুত্ব আন্তঃগাঁথনি আৰু ডিজিটেল উদ্ভাৱনৰ ওপৰত বুলিও তেওঁ ভাষণত লগতে কয়।

নিজ ভাষণত তেওঁ ভাৰতৰ বিকাশ সন্দৰ্ভত যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে বিকশিত ভাৰতৰ বাবে ভেটি সাজু হৈছে আৰু এই ক্ষেত্ৰত জাৰ্মানী ভাৰতৰ গুৰুত্বপূৰ্ণ অংশীদাৰ হ’ব বুলি মন্তব্য কৰে। আজি ভাৰত-জাৰ্মান অংশীদাৰিত্বত এক নতুন অধ্যায় সংযোজন হৈছে আৰু টিভি৯ৰ প্ৰচেষ্টাক শলাগি ভাৰতীয় সংবাদ মাধ্যমৰ এটা গোটে আজি জাৰ্মানী আৰু ভাৰতৰ জনসাধাৰণক সংযোগ কৰিছে বুলি উল্লেখ কৰি সুখ প্ৰকাশ কৰে।

শীতত এই তিনিবিধ খাদ্য হৈ উঠিব আপোনাৰ হৃদযন্ত্ৰৰ শত্ৰু! বিপদৰ পূৰ্বে চাওক এতিয়াই
আলু বাকলিৰ উপকাৰিতা জানিলে পেলাবলৈ মন নকৰিব!
গুপ্তাংগত বিষ ? প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰে নেকি? নকৰিব ভুল!
ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?