অপাৰেশ্যন সেন্দূৰৰ আন এক বৃহৎ সফলতা, আক্ৰমণত নিহত পাকিস্তানৰ আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী ৰাউফ আজহাৰ

কান্দাহাৰ হাইজেকিঙৰ মাষ্টাৰমাইণ্ড ৰাউফ আজহাৰ আক্ৰমণত নিহত হোৱাৰ খবৰ পোহৰলৈ আহিছে। বুধবাৰে অপাৰেশ্যন সেন্দূৰত নিহত সন্ত্ৰাসবাদীৰ অন্ত্যেষ্টিক্ৰিয়াৰ নামাজৰ নেতৃত্ব দিয়া দেখা গৈছিল ৰৌফ আজহাৰক।

অপাৰেশ্যন সেন্দূৰৰ আন এক বৃহৎ সফলতা, আক্ৰমণত নিহত পাকিস্তানৰ আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী ৰাউফ আজহাৰ
Published: 

08 May 2025 15:02 PM

অপাৰেশ্যন সেন্দূৰৰ পিছত আন এক বৃহৎ সফলতা লাভ কৰিছে ভাৰতে। কান্দাহাৰ IC-814 হাইজেকিঙৰ মাষ্টাৰমাইণ্ড ৰাউফ আজহাৰৰ আক্ৰমণত নিহত হোৱাৰ খবৰ পোহৰলৈ আহিছে। বুধবাৰে অপাৰেশ্যন সেন্দূৰত নিহত সন্ত্ৰাসবাদীৰ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰাৰ্থনাৰ নেতৃত্ব দিয়া দেখা গৈছিল ৰাউফ আজহাৰক।পহলগাম আক্ৰমণৰ পিছত সন্ত্ৰাসবাদীৰ ঘৰত প্ৰৱেশ কৰি হত্যা কৰিব বুলি হুংকাৰ প্ৰদান কৰিছিল ভাৰতে। ইয়াৰ আন এক উদাহৰণ ৰাউফৰ মৃত্যু। এইটো প্ৰথমবাৰৰ বাবে নহয়; ইয়াৰ পূৰ্বে উৰি আৰু পুলৱামা আক্ৰমণৰ পিছত ভাৰতীয় সেনাই বিমান আক্ৰমণ  কৰিছিল। এতিয়া ৰাউফ হত্যাৰ পিছত মাছুদ আজহাৰকো হত্যা কৰিব পৰা যাব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

ইতিমধ্যে পৰিয়ালটোৰ দহজন সদস্যৰ মৃত্যু হৈছে

অপাৰেশ্যন সেন্দূৰৰ অধীনত পাকিস্তানৰ বাহাৱালপুৰত থকা জৈছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয়ত ভাৰতীয় বিমান আক্ৰমণত মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন সদস্যৰ মৃত্যু হয়। কিছুমান প্ৰতিবেদনত ৰাউফ আজহাৰ গুৰুতৰভাৱে আহত হোৱা বুলি কোৱা হৈছিল। কিন্তু কালি তেওঁক সন্ত্ৰাসবাদীৰ অন্ত্যেষ্টিক্ৰিয়াত নামাজ পঢ়া দেখা গৈছিল। এতিয়া অহা খবৰ মতে মৃত্যু হৈছে ৰাউফ আজহাৰৰ। কন্দাহাৰ আইচি-৮১৪ অপহৰণকে ধৰি ভাৰতৰ ওপৰত বহু আক্ৰমণৰ বাবে দোষী সাব্যস্ত ৰাউফ আজহাৰৰ মৃত্যুক সন্ত্ৰাসবাদৰ বাবে এক ডাঙৰ আঘাত বুলি বিবেচিত হৈছে। তেওঁ ভাৰতত অবিৰতভাৱে সন্ত্ৰাসবাদী কাণ্ড সংঘটিত কৰিছিল। য’ত কিছু সন্ত্ৰাসবাদী ঘটনাই দেশ কঁপাই তুলিছিল।

  • ১৯৯৯ চনত কান্দাহাৰত আইচি-৮১৪ বিমান হাইজেকিঙৰ ঘটনা
  • ২০১৯ চনত পুলৱামা আক্ৰমণ
  • ২০০১ চনত সংসদত আক্ৰমণ
  • ২০০৫ চনত অযোধ্যা আক্ৰমণ
  • পাঠানকোটৰ ভাৰতীয় বায়ুসেনাৰ ঘাটিত আক্ৰমণ

অপাৰেশ্যন সেন্দূৰৰ অব্যাহত আছেনে?

৭ মে’ত ভাৰতেঅপাৰেশ্যন সেন্দূৰ চলাই পাকিস্তান আৰু POKৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন ঘাটি ধ্বংস কৰে। এই আক্ৰমণত প্ৰায় ১০০ সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে। এই আক্ৰমণৰ পিছত পাকিস্তান আৰু ইয়াৰ সন্ত্ৰাসবাদীসকল এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। লগতে কেইবাখনো চহৰত সংঘটিত ড্ৰ’ন আক্ৰমণৰ বাবে পাকিস্তানৰ বৃহৎ লোকচানৰ খবৰ পোৱা গৈছে।

আপুনিও নিশা দেৰিলৈকে নুশুৱে নেকি? তেন্তে জানক ইয়াৰ ফলত কি বিপদ হ'ব পাৰে...
জিম নোযোৱাকৈ কম কৰক শৰীৰৰ ওজন, কেইটামান সাধাৰণ উপায়...
শৰীৰত হিম'গ্ল'বিন কম থাকিলে কি কি লক্ষণ দেখা যায়? | Hemoglobin deficiency main big symptoms in body
কণ্ডম কিদৰে প্ৰস্তুত কৰা হয় ? কিনাৰ পূৰ্বে মনত ৰাখিব এই কথা