অসাৰ ট্ৰাম্পৰ ভাবুকি! আমেৰিকাৰ শত্ৰু ইৰাণৰ সৈতে ১২খন বুজাবুজিৰ চুক্তি স্বাক্ষৰ পাকিস্তানৰ…

বিগত সময়চোৱাত আমেৰিকা আৰু পাকিস্তানৰ সম্পৰ্কৰ বহু উন্নতি হৈছে। কিন্তু এতিয়া পাকিস্তানে আমেৰিকাৰ শত্ৰু ইৰাণৰ সৈতে ১২ খনকৈ বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিছে।

অসাৰ ট্ৰাম্পৰ ভাবুকি! আমেৰিকাৰ শত্ৰু ইৰাণৰ সৈতে ১২খন বুজাবুজিৰ চুক্তি স্বাক্ষৰ পাকিস্তানৰ...

পাকিস্তান-ইৰাণ

Published: 

03 Aug 2025 18:08 PM

দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে শাসনভাৰ গ্ৰহণৰ পাছতে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ড’নাল্ড ট্ৰাম্পে। শেহতীয়াকৈ ট্ৰাম্পে ভাৰতৰ সৈতে সম্পৰ্কত পিঠি দি পাকিস্তানৰ কাষ চাপিছে। পাকিস্তানক প্ৰশংসা কৰাৰ লগতে আমেৰিকাই দেশখনৰ সৈতে বাণিজ্যিক চুক্তিও স্বাক্ষৰ কৰিছে। কিন্তু এতিয়া আমেৰিকাৰ বিৰুদ্ধে গৈ কাম কৰিছে পাকিস্তানে। ইৰাণৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে চুবুৰীয়া ৰাষ্ট্ৰখনে।

বৰ্তমান পাকিস্তান ভ্ৰমণত আছে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান। এই সময়চোৱাত দেওবাৰে ইৰাণৰ ৰাষ্ট্ৰপতি আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ এক বৈঠকত মিলিত হয়। য’ত দুয়োখন দেশে ১২ খনতৈ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। লগতে দুই দেশৰ মাজত বাণিজ্য ৮ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাত সন্মতি প্ৰকাশ কৰে। কিন্তু বিশেষ কথা এয়াই যে, ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ৰাছিয়া, চীন বা ইৰাণৰ সৈতে বাণিজ্য বৃদ্ধি কৰা দেশসমূহক ভাবুকি প্ৰদান কৰিছিল। গতিকে এতিয়া ট্ৰাম্পে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ’ব লক্ষণীয়।

পাকিস্তানী সংবাদ মাধ্যমৰ মতে, বৈঠকৰ পাছত সংবাদমেল সম্বোধন কৰি ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে,কম সময়ৰ ভিতৰতে আমি ইৰাণ আৰু পাকিস্তানৰ মাজত বাণিজ্যিক সম্পৰ্ক বৰ্তমানৰ ৩ বিলিয়ন ডলাৰৰ পৰা ১০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰিব পাৰো। ইজৰাইলৰ সৈতে ১২ দিনীয়া যুদ্ধৰ সময়ত পাকিস্তানে আগবঢ়োৱা সহযোগিতাৰ বাবেও তেওঁ ধন্যবাদ জ্ঞাপন কৰে।

এই বৈঠকত পাকিস্তানৰ বাণিজ্য মন্ত্ৰী জাম কমল খান আৰু ইৰাণৰ উদ্যোগ, খনি আৰু বাণিজ্য মন্ত্ৰী মহম্মদ আতাবাকে অংশগ্ৰহণ কৰে। বাণিজ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে খান আৰু আটাবাকৰ মাজত হোৱা উচ্চ পৰ্যায়ৰ আলোচনাই বাণিজ্য ত্বৰান্বিত কৰা, সীমান্তৰ বাধা আঁতৰোৱা আৰু অন্য দিশত অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে দুয়োপক্ষই নতুন প্ৰতিশ্ৰুতি কৰিছে।

পাকিস্তানৰ বাণিজ্যিক মন্ত্ৰীগৰাকীয়ে কয় যে, এই চুক্তিসমূহ ভালদৰে কাৰ্যকৰী কৰা হব যাতে আগন্তুক সময়ত পাকিস্তান আৰু ইৰাণৰ দ্বিপাক্ষিক বাণিজ্য ৮ আৰৱ ডলাৰ অতিক্ৰম কৰিব পাৰে। ইয়াৰ বিপৰীতে ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ইৰাণ-পাকিস্তানে সদায় ভাল, আন্তৰিক আৰু গভীৰ সম্পৰ্ক বজাই ৰাখিছে। তেনেস্থলত এই দুই দেশৰ দ্বিপাক্ষিক বাণিজ্য ১০ আৰৱ ডলাৰলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে। বৰ্তমান দুই দেশৰ মাজত বাণিজ্য ৩ আৰৱ ডলাৰ। তেওঁ লগতে কয় যে, ইজৰাইল-আমেৰিকাই চলোৱা ১২ দিনীয়া “সন্ত্রাসবাদী আগ্ৰাসন”ৰ সময়ত ইৰাণক ৰক্ষা আৰু সমৰ্থন কৰাত পাকিস্তানৰ চৰকাৰৰ লগতে সকলোৰে ভূমিকা প্ৰশংসনীয়। ৰাষ্ট্ৰপতিগৰাকীয়ে ইয়াৰ লগতে পাকিস্তানক ধন্যবাদো জ্ঞাপন কৰে।

 

 

অন্য খবৰ পঢ়কঃ ভাৰতক শিৰ নত কৰাৰ চেষ্টা! পাকিস্তানৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ আমেৰিকাৰ, ট্ৰাম্পে ক’লে…

ধনী হোৱাত বাধা দিয়ে এই ৪ অভ্যাসে! বাস্তু শাস্ত্ৰত আছে সবিশেষ...
কোনবোৰ খাদ্যত সৰ্বাধিক প্ৰটিন থাকে? চিকিৎসকৰ পৰা জানক...
১০০ বছৰ পাছত বিৰল সংযোগ! এইবাৰ ৰাখীবন্ধনত কপাল ফুলিব ৩ ৰাশিৰ লোকৰ...
বাৰিষা কিমান উষ্ণতাত ৰাখিব লাগে ফ্ৰীজ? সঠিককৈ নাজানে যদি এতিয়াই চাওক