স্বাধীনতাৰ পাছত প্ৰথমবাৰ…সংস্কৃতত গীতা-মহাভাৰতৰ শ্লোক আওৰাইছে পাকিস্তানৰ শিক্ষাৰ্থীয়ে

পাকিস্তানত সংস্কৃতক পুনৰুজ্জীৱিত কৰাৰ উদ্যোগ লৈছিল অধ্যাপক শ্বাহিদ ৰছিদে। তেওঁ ফৰ্মান খ্ৰীষ্টান কলেজত সমাজবিজ্ঞানৰ অধ্যাপনা কৰে। তেওঁৰ মতে এই পদক্ষেপটো সৰু হ’লেও অতি গুৰুত্বপূৰ্ণ। সংস্কৃতে দক্ষিণ এছিয়াৰ দৰ্শন আৰু সাহিত্যক গঢ় দিছে, গতিকে এই ভাষাটো অতি গুৰুত্বসহকাৰে অধ্যয়ন কৰা উচিত।

স্বাধীনতাৰ পাছত প্ৰথমবাৰ...সংস্কৃতত গীতা-মহাভাৰতৰ শ্লোক আওৰাইছে পাকিস্তানৰ শিক্ষাৰ্থীয়ে

পাকিস্তানত সংস্কৃত শিক্ষা

Published: 

13 Dec 2025 | 03:45 PM

পাকিস্তানত নজিৰবিহীন ঘটনা। দেশ বিভাজনৰ পিছত প্ৰথমবাৰৰ বাবে পাকিস্তানী শ্ৰেণীকোঠাত কৰা হৈছে সংস্কৃতৰ পাঠদান। মহাভাৰত-ভাগৱতৰ শ্লোক আবৃত্তি কৰিছে পাকিস্তানী ছাত্ৰ-ছাত্ৰীসকলে। মহাভাৰত ধাৰাবাহিক ‘হ্যে কথা সংগ্ৰাম কি’ৰ শীৰ্ষ সংগীতটিও শুনা গৈছে উৰ্দু ভাষাত। লাহোৰ ইউনিভাৰ্চিটি অৱ মেনেজমেণ্ট ছায়েন্সে গ্ৰহণ কৰিছে এই ঐতিহাসিক পদক্ষেপ।

কেৱল তিনিমহীয়া কৰ্মশালা নহয়, পাকিস্তানৰ বিশ্ববিদ্যালয়সমূহত এতিয়া পূৰ্ণাংগ পাঠ্যক্ৰম হিচাপে পাঠদান কৰা হ’ব সংস্কৃত। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাবিদৰ পৰা ব্যাপক সঁহাৰি পোৱাৰ পিছতে লোৱা হৈছে এই সিদ্ধান্ত। ২০২৭ চনৰ ভিতৰত সংস্কৃতক বাৰ্ষিক পাঠ্যক্ৰম হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে।

পাকিস্তানত সংস্কৃতক পুনৰুজ্জীৱিত কৰাৰ উদ্যোগ লৈছিল অধ্যাপক শ্বাহিদ ৰছিদে। তেওঁ ফৰ্মান খ্ৰীষ্টান কলেজত সমাজবিজ্ঞানৰ অধ্যাপনা কৰে। তেওঁৰ মতে এই পদক্ষেপটো সৰু হ’লেও অতি গুৰুত্বপূৰ্ণ। সংস্কৃতে দক্ষিণ এছিয়াৰ দৰ্শন আৰু সাহিত্যক গঢ় দিছে, গতিকে এই ভাষাটো অতি গুৰুত্বসহকাৰে অধ্যয়ন কৰা উচিত।

দ্য ট্ৰিবিউনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, “আমি ইয়াক কিয় শিকিব নালাগে? এই ভাষাই সমগ্ৰ অঞ্চলটোক একেলগে বান্ধি ৰাখিছে। পানিনিৰ গাঁওখন ইয়াতেই আছিল। সিন্ধু উপত্যকা সভ্যতাৰ সময়ত ইয়াত (পাকিস্তান) বহু কথা লিখা হৈছিল। আমি এই ভাষাটো গ্ৰহণ কৰা উচিত, ই আমাৰো প্ৰয়োজনীয়। এই ভাষা কোনো ধৰ্মৰ লগত বান্ধ খাই থকা নাই।

মন কৰিবলগীয়া যে সংস্কৃত ব্যাকৰণবিদ পানিনিয়ে গান্ধাৰত বাস কৰিছিল, যিটো বৰ্তমান পৰিচিত খাইবেৰ-পাখতুনখোৱা হিচাপে।

অধ্যাপক ৰছিদে কয় যে যেতিয়া প্ৰথম সংস্কৃত পঢ়োৱা হৈছিল তেতিয়া ছাত্ৰ-ছাত্ৰীসকলে ভয় খাইছিল। কিন্তু তেওঁলোকে ভাষাটোক সোনকালে আঁকোৱালি ল’লে। প্ৰথম সপ্তাহৰ পাঠদানৰ বিষয়ে শ্বেয়াৰ কৰি তেওঁ কয়, “মই সুভাষিতা পঢ়াওঁতে ছাত্ৰ-ছাত্ৰীসকল আচৰিত হৈছিল যে উৰ্দু ভাষা সংস্কৃতৰ পৰা কিমান অনুপ্ৰাণিত হৈছিল, বহুতে আনকি নাজানিছিল যে হিন্দী আৰু সংস্কৃত দুটা বেলেগ ভাষা।”

বিশ্ববিদ্যালয়খনৰ গুৰমানী কেন্দ্ৰৰ সঞ্চালক ড০ আলী উছমান কাছমীয়ে কয় যে পঞ্জাৱ বিশ্ববিদ্যালয়ত সংস্কৃত নথি-পত্ৰৰ বিশাল সংগ্ৰহ আছে। তালপাতত লিখা এই সংস্কৃত পাণ্ডুলিপিসমূহ ১৯৩০ চনত তালিকাভুক্ত কৰা হৈছিল যদিও দশক দশক ধৰি কোনো পাকিস্তানী পণ্ডিতে এই পাণ্ডুলিপিসমূহৰ ওপৰত অধ্যয়ন বা গৱেষণা কৰা নাছিল। এতিয়া যেতিয়া পাকিস্তানৰ মাটিত সংস্কৃত শিক্ষা আৰম্ভ হৈছে, সেই ছবিখন সলনি হ’ব ৷ তেওঁলোকে আশা কৰিছে যে আগন্তুক ১০-১৫ বছৰত পাকিস্তানৰ পৰা গীতা আৰু মহাভাৰতৰ বিশেষজ্ঞই আত্মপ্ৰকাশ কৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...