৭ মে’ত ভাৰতীয় ষ্টক এক্সেঞ্জত ৩ কোটিবাৰ আক্ৰমণৰ চেষ্টা পাকিস্তানৰ

এতিয়া যুদ্ধ কেৱল স্থল, জল বা আকাশত নহয়, চাইবাৰ জগততো যুদ্ধ হয়। সাধাৰণ ভাষাত ইয়াক তথ্য যুদ্ধ বুলি কোৱা হয়। যিকোনো ব্যক্তিৰ ভিডিঅ’ বিকৃত আৰু সম্পাদনা কৰি পৃথক বাৰ্তাৰে সম্পূৰ্ণ বেলেগ ভিডিঅ’ প্ৰস্তুত কৰিবলৈ AI ব্যৱহাৰ কৰাটো এতিয়া হেকাৰৰ বাবে ভাতৰ লগত পানী খোৱাৰ দৰে কথা।

৭ মেত ভাৰতীয় ষ্টক এক্সেঞ্জত ৩ কোটিবাৰ আক্ৰমণৰ চেষ্টা পাকিস্তানৰ

প্ৰতীকী ছবি

Published: 

22 Jan 2026 | 04:18 PM

ভাৰতীয় সেনাই কেনেকৈ অপাৰেচন সেন্দূৰত পাকিস্তানী সন্ত্ৰাসবাদী আৰু সেনা জোৱানৰ কঁকাল ভাঙি পেলালে সেয়া সকলোৱে জানে। কিন্তু মিছাইল বা ড্ৰ’নৰ বাহিৰেও ইছলামবাদে ভাৰতৰ বুকুত কিমান গভীৰ আঘাত দিবলৈ চেষ্টা কৰিছিল সেয়াও এতিয়া পোহৰলৈ আহিছে। অপাৰেচন সেন্দূৰৰ প্ৰথম দিনাই পাকিস্তানে ভাৰতৰ ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জত কমেও ৩ কোটি বাৰ আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু প্ৰতিবাৰেই বিফল হৈছিল তেওঁলোকৰ এই প্ৰচেষ্টা।

ভাৰতৰ শ্বেয়াৰ বজাৰত চাইবাৰ আক্ৰমণ চলাই বিশ্বৰ অন্যতম বৃহৎ অৰ্থনীতিত আক্ৰমণ কৰিব বিচাৰিছিল পাকিস্তানে। সংখ্যাটোৰ কথা ভাবি চাওকচোন! এবাৰ দুবাৰ কিম্বা হাজাৰবাৰ নহয়! ৩ কোটি বাৰ আক্ৰমণৰ চেষ্টা চলাইছিল পাকিস্তানী হেকাৰে। এবাৰলৈও সেই প্ৰচেষ্টা সফল হ’লে থানবান হ’লহেঁতেন দেশৰ শ্বেয়াৰ বজাৰ ৷ টকাৰ হিচাপত লোকচানৰ পৰিমাণ কল্পনা কৰাটোও অসম্ভৱ! কিন্তু ভাৰতীয় সেনা আৰু এথিকেল হেকাৰে সেই প্ৰচেষ্টা প্ৰতিবাৰেই বিফল কৰি পেলালে।

এতিয়া যুদ্ধ কেৱল স্থল, জল বা আকাশত নহয়, চাইবাৰ জগততো যুদ্ধ হয়। সাধাৰণ ভাষাত ইয়াক তথ্য যুদ্ধ বুলি কোৱা হয়। যিকোনো ব্যক্তিৰ ভিডিঅ’ বিকৃত আৰু সম্পাদনা কৰি পৃথক বাৰ্তাৰে সম্পূৰ্ণ বেলেগ ভিডিঅ’ প্ৰস্তুত কৰিবলৈ AI ব্যৱহাৰ কৰাটো এতিয়া হেকাৰৰ বাবে ভাতৰ লগত পানী খোৱাৰ দৰে কথা। সেয়াও এক চিন্তাৰ বিষয়। কাৰণ, এনে ভিডিঅ’ত সাধাৰণ, নিৰীহ লোকক লক্ষ্য কৰি লোৱা হয়।

ভাৰতীয় সেনাৰ নৈতিকতাক আক্রমণ কৰি এই ভিডিঅ’বোৰ বনোৱা হৈছে ৷ সেয়াও ইমান নিখুঁতভাৱে যে বাস্তৱ আৰু ভুৱা তথ্যৰ মাজত পাৰ্থক্য বিচাৰি পোৱাটো কঠিন। এই ভিডিঅ’বোৰ ছ’চিয়েল মিডিয়াত ইমানেই পোষ্ট কৰা হৈছে যে বাৰে বাৰে চালে এজন সাধাৰণ মানুহে ভাবিবলৈ বাধ্য হ’ব, ই যেন সঁচা! তথ্য যুদ্ধৰ যুগত ই সত্য বা মিছাতকৈও অধিক গুৰুত্বপূৰ্ণ হৈ পৰে – যাৰ বক্তব্য শুনিবলৈ অধিক বিশ্বাসযোগ্য যেন লাগে, সিয়ে জয়ী হোৱা যেন অনুভৱ কৰায়।

এই সন্দৰ্ভত ভাৰতীয় সেনাৰ এডিজি, ষ্ট্ৰেটেজিক কমিউনিকেচন মেজৰ জেনেৰেল সন্দীপ শাৰদাই কয় যে ভাৰতে যোৱা ৭ মে’ত অপাৰেচন সেন্দূৰ আৰম্ভ কৰাৰ লগে লগে পাকিস্তানী নিউজ চেনেল, ইউটিউব চেনেল আৰু ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী লোকে ভাৰতৰ বৃহৎ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিলে। ভাৰতীয় সেনাৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাবলৈ ধৰিলে। কেৱল ৭ মে’ত পাকিস্তানী এপিটি বা এডভান্সড পাৰ্চিষ্টেণ্ট থ্ৰেটৰ সাতটা গোটে ভাৰত চৰকাৰৰ বিভিন্ন কাৰ্যালয়ত ১৫ লাখ চাইবাৰ আক্ৰমণৰ চেষ্টা চলাইছিল।

পাকিস্তানী ইউটিউব চেনেলৰ কন্টেন্ট ক্ৰিয়েটৰ, জনপ্ৰিয় পাকিস্তানী চেনেলৰ হ’ষ্ট, আনকি সেনা বিষয়াকো কামত লগাই দিয়া হৈছিল যাতে তেওঁলোকৰ মিছা কথাবোৰ সঁচা যেন লাগে। প্ৰতিটো পাকিস্তানী চেনেলৰ কাৰ্যালয়ত এখন জৰুৰী সম্পাদকীয় সভা আহ্বান কৰা হৈছিল। সেই বৈঠকত প্ৰতিটো পাকিস্তানী মিডিয়া হাউছে নিজস্বভাৱে ভাৰত বিৰোধী নীতিৰ সিদ্ধান্ত লৈছিল। গোটেই বিষয়টোৰ নেতৃত্ব দিছিল পাকিস্তানৰ আন্তঃসেৱা জনসংযোগ বা DG ISPR ৰ সঞ্চালক প্ৰধান জেনেৰেল আহমেদ শ্বৰীফ চৌধুৰীয়ে। কেৱল DG ISPR এই নহয়, তেওঁৰ মিত্ৰ ISI বা আন্তঃসেৱা চোৰাংচোৱা সংস্থাও জড়িত আছিল।

যোৱা ৭ মে’ত DG ISPR এ সিদ্ধান্ত লৈছিল যে ভাৰতৰ প্রতিশোধত পাকিস্তানী সেনা ধ্বংস হোৱাৰ কোনো ছবি বা খবৰ পাকিস্তানী চেনেলত প্রদর্শন কৰা নহ’ব ৷ তাৰ পৰিৱৰ্তে ভাৰতীয় বিমান ধ্বংশ কৰাৰ ভুৱা তথা ডিপফেক ভিডিঅ’ পাকিস্তানী চেনেলৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হয়। পাকিস্তানী সেনাই সংবাদমেল অনুষ্ঠিত কৰি সেই সকলোবোৰ ভিডিঅ’ প্ৰকাশ কৰে।

মেজৰ জেনেৰেল সন্দীপ শাৰদাই পৰিসংখ্যা দাঙি ধৰিলে যে মাত্ৰ ৩০-৪০ মিনিটতে পাকিস্তানী ইউটিউবাৰে ভাৰতৰ বিৰুদ্ধে বিশেষভাৱে লক্ষ্য কৰি ১ লাখৰো অধিক ভিডিঅ’ তৈয়াৰ কৰিলে। ভাৰতত আত্মগোপন কৰি থকা পাকিস্তানী চোৰাংচোৱাই দ্ৰুতগতিত ফেচবুক-ৱাটছএপ-এক্সৰ জৰিয়তে ভুৱা ভিডিঅ’ প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে। জ্যোতি মালহোত্ৰাৰ দৰে পাকিস্তানৰ হৈ প্ৰচাৰ চলোৱা ভ্লগাৰক মোটা টকাৰ বিনিময়ত এই খেলপথাৰলৈ অনা হৈছিল।

ভাৰতীয় সেনাই আশংকা কৰিছে যে আজি যদি কোনো শীৰ্ষ সেনা বিষয়াৰ সংবাদমেল অনুষ্ঠিত হয়, তেন্তে সেই ভিডিঅ’টোৰ ডিপফেক আধা ঘণ্টাৰ ভিতৰতে সৃষ্টি কৰা হয়। কৃত্ৰিম বুদ্ধিমত্তা বা AI ব্যৱহাৰ কৰি সেই ভিডিঅ’বোৰ ইমান নিখুঁতভাৱে প্ৰস্তুত কৰা হৈছে যে প্ৰকৃত আৰু ভুৱা ভিডিঅ’ মাজৰ পাৰ্থক্য দেখাটো কঠিন হৈ পৰিছে।

অৰ্থাৎ সেনা বিষয়াজনে আচলতে এটা কথা কয়, আৰু সম্পাদিত ভিডিঅ’টো সম্পূৰ্ণ বেলেগকৈ বনোৱা হয়। পাকিস্তানে ভাৰতীয় সেনাক তুচ্ছ-তাচ্ছিল্য কৰাৰ প্ৰচেষ্টাত কোনো ক্ৰুটি ৰখা নাই। উদাহৰণস্বৰূপে, সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদীৰ মুখখন ব্যৱহাৰ কৰি এটা ডিপফেক ভিডিঅ’ বনোৱা হৈছে, য’ত দেখা গৈছে যে তেওঁ নিজৰ মুখেৰে স্বীকাৰ কৰিছে যে অপাৰেচন সেন্দূৰত ৬খন ভাৰতীয় বিমান আৰু ২৫০ জন জোৱান নিহত হৈছে। যিটো সম্পূৰ্ণ মিছা।

পাকিস্তানে কেৱল বৰ্তমানৰ সেনাধ্যক্ষকেই নহয়, প্ৰাক্তন সেনা প্ৰধানসকলৰো এই একে মিছা ভিডিঅ’ প্ৰচাৰ কৰিছে। অৱসৰপ্ৰাপ্ত সেনা প্ৰধান জেনেৰেল ভি পি মালিকে বৰ্ণবাদী মন্তব্য কৰাৰ এটা ‘সম্পাদিত’ ভিডিঅ’ প্ৰচাৰ কৰা হৈছে। আন এজন লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইৰ ভিডিঅ’ সম্পাদনা কৰি সেনাক গেৰুৱা কৰি তোলা হৈছে। ভাৰত চৰকাৰৰ পিআইবি ফেক্ট চেক ইউনিটে ২০২৫-২৬ চনৰ ভিতৰত এই আটাইকেইটা ভিডিঅ’ৰ বাস্তৱতা নুই কৰিছে। সেনাৰ সূত্ৰ অনুসৰি অপাৰেচন সেন্দূৰৰ পিছৰে পৰা সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী পাকিস্তানী হেকাৰৰ মূল লক্ষ্য হৈ পৰিছে। পাকিস্তানে তেওঁৰ বিষয়ে সৰ্বাধিক ভুৱা ভিডিঅ’ বনাই প্ৰচাৰ কৰি আছে।

অফিচৰ কামৰ সময়তো হেঁচা মাৰি ধৰে নেকি ভাগৰে? এই ৫টা মাত্ৰ সহজ টিপ্ছে দিব সকাহ
WIFI ৰ সম্পূৰ্ণ অৰ্থ কি? ইয়াৰ আৰম্ভণি কেনেকৈ হৈছে জানক
হনুমানক পূজা কৰিও ফল পোৱা নাই নেকি? তেন্তে প্ৰসন্ন কৰিবলৈ এই তেলৰ চাকি দিবলৈ নাপাহৰিব!
অমিতাৰ গুটি চোবাই খোৱাৰ উপকাৰিতা জানেনে?
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...