এশৰো অধিক যুঁজাৰু বিমান, ২৫ মিনিটত এইদৰে ইৰাণৰ পাৰমাণৱিক ঘাটি ধ্বংস কৰিছিল আমেৰিকাই…

আক্ৰমণৰ পিছত আমেৰিকান সেনাৰ যুটীয়া মুৰব্বী জেনেৰেল ডেন কেইনে এখন সংবাদমেল অনুষ্ঠিত কৰে। সেই বৈঠকত তেওঁ সাংবাদিকসকলৰ আগত আক্ৰমণৰ সবিশেষ দাঙি ধৰে। GBU-57 ‘মাছিভ অৰ্ডানেন্স পেনেট্ৰেটৰ’ (Massive Ordnance Penetrator) বা সংক্ষেপে বাংকাৰ ব্লাষ্টাৰে ইৰাণৰ আটাইতকৈ নিৰাপদ পাৰমাণৱিক কেন্দ্ৰ ফোৰ্ড কেনেকৈ ধ্বংস কৰিলে সেই বিষয়ে বুজাই দিয়ে।

এশৰো অধিক যুঁজাৰু বিমান, ২৫ মিনিটত এইদৰে ইৰাণৰ পাৰমাণৱিক ঘাটি ধ্বংস কৰিছিল আমেৰিকাই...

ইৰাণৰ পাৰমাণৱিক ঘাটিত মিছাইল নিক্ষেপ কৰিছিল আমেৰিকাই...

Published: 

23 Jun 2025 | 12:43 PM

ইৰাণৰ তিনিটাকৈ পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰিলে আমেৰিকাই। এই অভিযানৰ বাবে সময় লাগিছিল ২৫ মিনিট। এই অপাৰেশ্যনৰ নাম ৰখা হৈছিল ‘অপাৰেশ্যন মিডনাইট হামাৰ’। হাতুৰীৰ দৰে ইৰাণৰ ফৰ্ডো, নাটাঞ্জ আৰু ইছফাহানৰ তিনিটা পাৰমাণৱিক কেন্দ্ৰ মুহূৰ্তে ধ্বংস কৰি পেলাই আমেৰিকাই। আৰু এই আক্ৰমণত বিশ্বই দেখিলে আটাইতকৈ শক্তিশালী যুঁজাৰু বিমান বি-২ ষ্টেলথ বম্বাৰ(B-2 Stealth Bomber)ৰ শক্তি।

এই আক্ৰমণৰ পিছত আমেৰিকান সেনাৰ যুটীয়া মুৰব্বী জেনেৰেল ডেন কেইনে এখন সংবাদমেল অনুষ্ঠিত কৰে। সেই বৈঠকত তেওঁ সাংবাদিকসকলৰ আগত আক্ৰমণৰ সবিশেষ দাঙি ধৰে। GBU-57 ‘মাছিভ অৰ্ডানেন্স পেনেট্ৰেটৰ’ (Massive Ordnance Penetrator) বা সংক্ষেপে বাংকাৰ ব্লাষ্টাৰে ইৰাণৰ আটাইতকৈ নিৰাপদ পাৰমাণৱিক কেন্দ্ৰ ফোৰ্ড কেনেকৈ ধ্বংস কৰিলে সেই বিষয়ে বুজাই দিয়ে।

তেওঁ কয়, ‘আমি ১৩ হাজাৰ কিলোগ্ৰাম ওজনৰ দুটা ক্ষেপণাস্ত্ৰৰে ফৰ্ডো আৰু নাটাঞ্জ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ চলাও। আৰু ইছফাহান পাৰমাণৱিক কেন্দ্ৰত কম শক্তিশালী টমাহক ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰা হৈছে।’ দেওবাৰে ভাৰতৰ সময় অনুসৰি পুৱা ৪:১০ বজাত আমেৰিকাৰ যুদ্ধ বিমানখনে ইৰাণৰ আকাশমাৰ্গত প্ৰৱেশ কৰে। পুৱা ৪:৩৫ বজাৰ ভিতৰত যুদ্ধ বিমানখনে ইৰাণৰ আকাশমাৰ্গৰ পৰা উভতি অহা বুলি দাবী কৰে কাইনীয়ে।

তেওঁ লগতে কয় যে ২০০১ চনৰ পিছত প্ৰথমবাৰৰ বাবে আমেৰিকাই বিশ্বৰ আটাইতকৈ শক্তিশালী বি-২ যুঁজাৰু বিমানখন এনে এক বৃহৎ অভিযানৰ বাবে ব্যৱহাৰ কৰিছে। মিছৌৰীৰ পৰা একেৰাহে ৩৭ ঘণ্টা উৰাৰ পিছত ইৰাণৰ তিনিটা পাৰমাণৱিক কেন্দ্ৰ আক্ৰমণ কৰে যুঁজাৰু বিমানখন। কিন্তু ইৰাণলৈ মুঠ কিমান ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হ’ল? সেই প্ৰসংগত কেইনে এখন সংবাদমেলত কয়, “আমেৰিকাই ২৫ মিনিটৰ এই অভিযানত ১৪টা বাংকাৰ বাষ্টাৰ আৰু দুডজন টমাহক মিছাইল ব্যৱহাৰ কৰিছিল। যাৰ বাবে তেওঁলোকে ইৰাণৰ আকাশলৈ মুঠ ১২৫খন যুদ্ধবিমান প্ৰেৰণ কৰিবলগীয়া হৈছিল।”

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...