Economics Nobel 2025: জ’ৱেল ম’কীৰ, ফিলিপ আঘিয়ন আৰু পিটাৰ হাউইটলৈ অৰ্থনীতিৰ নোবেল বঁটা
এই বছৰ Innovation-Driven Economic Growth ৰ ধাৰণাটোৰ ওপৰত কৰা কামৰ বাবে জ'ৱেল ম'কীৰ, ফিলিপ আঘিয়ন আৰু পিটাৰ হাউইটক যৌথভাৱে এই বঁটা প্ৰদান কৰা হয়।

নোবেল বঁটা
ঘোষণা হ’ল ২০২৫ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা। এই বছৰ “Innovation-Driven Economic Growth” ৰ ধাৰণাটোৰ ওপৰত কৰা কামৰ বাবে জ’ৱেল ম’কীৰ, ফিলিপ আঘিয়ন আৰু পিটাৰ হাউইটক যৌথভাৱে এই বঁটা প্ৰদান কৰা হয়। যোৱা বছৰ অৰ্থনীতিৰ নোবেল বঁটা ডেৰন এচেমোগ্লু, চাইমন জনছন, জেমছ এ ৰবিনছনক প্ৰদান কৰা হৈছিল।
অৰ্থনীতিৰ নোবেল বঁটাক বেংক অৱ ছুইডেন বঁটা বুলি জনা যায়। ১৯৬৮ চনত ছুইডেনৰ কেন্দ্ৰীয় বেংকে ইয়াক প্ৰতিষ্ঠা কৰিছিল। ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে এই বঁটা নিৰ্বাচন কৰে। আলফ্ৰেড নোবেলৰ স্মৃতিত এই নোবেল বঁটা প্ৰদান কৰা হয়।
BREAKING NEWS
The Royal Swedish Academy of Sciences has decided to award the 2025 Sveriges Riksbank Prize in Economic Sciences in Memory of Alfred Nobel to Joel Mokyr, Philippe Aghion and Peter Howitt “for having explained innovation-driven economic growth” with one half to Mokyr… pic.twitter.com/ZRKq0Nz4g7— The Nobel Prize (@NobelPrize) October 13, 2025
তেতিয়াৰ পৰা এই বঁটা মুঠ ৯৬ জনক প্ৰদান কৰা হৈছে। বছৰি প্ৰদান কৰা এই নোবেল বঁটা হৈছে বিশ্বৰ এক সন্মানীয় পুৰস্কাৰ। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড নোবেল স্মৃতিত প্ৰদান কৰা এই বঁটা তেওঁৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমবাৰৰ বাবে নোবেল বঁটা প্ৰদান কৰা হৈছিল।পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান, সাহিত্য আৰু শান্তি এই পাঁচটা বিভাগত নোবেল বঁটা প্ৰদান কৰা হয়।
বৈজ্ঞানিক আৱিষ্কাৰৰ জৰিয়তে হওক, সাহিত্যিক কামৰ জৰিয়তে হওক, শান্তি নিৰ্মাণৰ জৰিয়তে হওক, মানৱতালৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱাসকলক এই বঁটাৰে সন্মানিত কৰা হয়।