Nobel Prize 2025: ৩ বিজ্ঞানীলৈ ২০২৫ বর্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা

2025 Nobel Prize in Chemistry: এইবাৰ একেলগে তিনিগৰাকী বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে এই বঁটা।  এইবাৰ জাপান, আমেৰিকা, অষ্ট্ৰেলিয়াৰ বিজ্ঞানীসকলক ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে। ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে ধাতু-জৈৱিক কাঠামোৰ বিকাশৰ কামৰ বাবে চুছুমু কিটাগাৱা, ৰিচাৰ্ড ৰবছন আৰু ওমৰ এম য়াঘীক এই পুৰস্কাৰ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে।

Nobel Prize 2025: ৩ বিজ্ঞানীলৈ ২০২৫ বর্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা

Nobel Prize 2025 In Chemistry

Published: 

08 Oct 2025 16:22 PM

চিকিৎসা আৰু পদার্থ বিজ্ঞানৰ পিছত আজি ঘোষণা কৰা হ’ল ২০২৫ বর্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা। এইবাৰ একেলগে তিনিগৰাকী বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে এই বঁটা।  এইবাৰ জাপান, আমেৰিকা, অষ্ট্ৰেলিয়াৰ বিজ্ঞানীসকলক ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে। ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে ধাতু-জৈৱিক কাঠামোৰ বিকাশৰ কামৰ বাবে চুছুমু কিটাগাৱা, ৰিচাৰ্ড ৰবছন আৰু ওমৰ এম য়াঘীক এই পুৰস্কাৰ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে।

ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে কি ক’লে?

ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে ঘোষণা কৰিছে যে ২০২৫ চনৰ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা চুছুমু কিটাগাৱা, ৰিচাৰ্ড ৰবছন, ওমৰ এম য়াঘীক নতুন ধৰণৰ আণৱিক গঠনৰ বিকাশৰ বাবে প্ৰদান কৰা হৈছে। ১৯৮৯ চনত ৰসায়ন বিজ্ঞানৰ বঁটা বিজয়ী ৰিচাৰ্ড ৰবছনে পৰমাণুৰ অন্তৰ্নিহিত ধৰ্মৰ ব্যৱহাৰৰ বিষয়ে এক নতুন পদ্ধতিৰে অনুসন্ধান কৰিছিল।

চুছুমুৱে দেখুৱাইছিল যে গেছবোৰ গঠনবোৰৰ ভিতৰলৈ আৰু বাহিৰলৈ বৈ যাব পাৰে। তেওঁ ভৱিষ্যদ্বাণী কৰিছিল যে ধাতু-জৈৱিক কাঠামো (MOF)ক নমনীয় কৰি তুলিব পৰা যাব। ইফালে ওমৰ য়াঘীয়ে এটা অতি সুস্থিৰ এম অ’ এফ সৃষ্টি কৰি দেখুৱাইছিল যে ইয়াক যুক্তিসংগত ডিজাইন ব্যৱহাৰ কৰি পৰিৱৰ্তন কৰিব পাৰি, যাৰ ফলত ইয়াক নতুন আৰু বাঞ্ছনীয় গুণ পোৱা যায়।

উল্লেখ্য যে,  সোমবাৰে ঘোষণা কৰা চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা বিজয়ী তিনিগৰাকী হৈছে মেৰী ই ব্ৰুংকো, ফ্ৰেড ৰেমছডেল আৰু শ্বিমন ছাকাগুচি। মঙলবাৰে ৰয়েল ছুইডিছ একাডেমীয়ে ঘোষণা কৰে যে, এইবাৰৰ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা জন ক্লাৰ্ক, মাইকেল এইচ ডেভ’ৰেট আৰু জন এম মাৰ্টিনিছক প্ৰদান কৰা হ’ব। এতিয়া বৃহস্পতিবাৰে সাহিত্য বিজ্ঞানৰ নোবেল বঁটা, শুকুৰবাৰে শান্তি আৰু ১৩ অক্টোবৰত অৰ্থনীতিৰ ন’বেল বঁটা বিজয়ীৰ নাম ঘোষণা কৰা হ’ব।

পাকঘৰৰ এই ৫ বস্তু হ'ব পাৰে হৃদযন্ত্ৰৰ সমস্যাৰ মূল কাৰণ! জানক...
ছালত দেখা দিছে নেকি এই লক্ষণ? হ'ব পাৰে এই ডাঙৰ সমস্যাৰ সংকেত...
বহি থকা অৱস্থাত ভৰি জোকাৰাটো অশুভ লক্ষণ নেকি? বাস্তু শাস্ত্ৰ, বিজ্ঞানৰ মতে জানক...
হেপাটাইটিছ B ৰ লক্ষণবোৰ কি কি? ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? জানক