বিশ্বৰ বিভিন্ন দেশৰ ওপৰত শুল্ক আৰোপৰ ক্ষেত্ৰত কঠোৰ ট্ৰাম্প, বৃদ্ধি কৰা নহয় সময়সীমা!
শুকুৰবাৰে হোৱাইট হাউছত অনুষ্ঠিত এখন সংবাদমেলত ট্ৰাম্পে কয়, "প্ৰতিখন দেশৰ সৈতে পৃথক চুক্তিত উপনীত হোৱাটো কিমান কঠিন হ’ব। ৯০ দিনত ৯০ খনকৈ বাণিজ্যিক চুক্তি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল প্ৰশাসনে।"

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে, তেওঁ প্ৰায়বোৰ দেশৰ ওপৰত আৰোপ কৰা শুল্ক কাৰ্যকৰী কৰা সন্দৰ্ভত ৯০ দিনৰ নিষেধাজ্ঞাৰ সময় ৯ জুলাইৰ পিছত বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা নাই। কাৰণ তেওঁ নিৰ্ধাৰণ কৰা আলোচনাৰ সময়সীমা সেই তাৰিখতে শেষ হ’ব। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ৯ জুলাইৰ পিছত তেওঁৰ প্ৰশাসনে দেশসমূহক জনাই দিব যে আমেৰিকাৰ সৈতে চুক্তি নোহোৱালৈকে এই শুল্ক প্ৰযোজ্য হৈ থাকিব।
তেওঁ কয়, “সময়সীমা শেষ হোৱাৰ আগতেই পত্ৰ প্ৰেৰণ আৰম্ভ হ’ব”। শুকুৰবাৰে ফক্স নিউজ চেনেলৰ ছাণ্ডে মৰ্নিং ফিউচাৰ্ছ অনুষ্ঠানৰ বাবে ৰেকৰ্ড কৰা এক সাক্ষাৎকাৰত ট্ৰাম্পে কয়, “আমি চাম যে এখন দেশে আমাৰ লগত কেনে ব্যৱহাৰ কৰে – তেওঁলোক ভাল নেকি, ইমানো ভাল নহয় নেকি? – কিছুমান দেশৰ প্ৰতি আমি গুৰুত্ব নিদিওঁ, আমি মাত্ৰ উচ্চ শুল্কৰ পত্ৰ প্ৰেৰণ কৰিম।”
৯০ দিনত ৯০ খন বাণিজ্যিক চুক্তি
ট্ৰাম্পে কয়, “সেই পত্ৰবোৰত কোৱা হ’ব, অভিনন্দন, আমি আপোনাক আমেৰিকাত বিক্ৰী কৰিবলৈ অনুমতি দিছোঁ, আপুনি ২৫ শতাংশ, বা ৩৫ শতাংশ বা ৫০ শতাংশ বা ১০ শতাংশ শুল্ক দিব লাগিব।” শুকুৰবাৰে হোৱাইট হাউছত অনুষ্ঠিত এখন সংবাদমেলত ট্ৰাম্পে কয়, “প্ৰতিখন দেশৰ সৈতে পৃথক চুক্তিত উপনীত হোৱাটো কিমান কঠিন হ’ব। ৯০ দিনত ৯০ খনকৈ বাণিজ্যিক চুক্তি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল প্ৰশাসনে।”
সাক্ষাৎকাৰত তেওঁ কয়, “আলোচনা চলি আছে, কিন্তু ২০০খন দেশ আছে, সকলোৰে লগত কথা পাতিব নোৱাৰি।” ট্ৰাম্পে সম্ভাৱ্য টিক-টক চুক্তি, চীনৰ সৈতে সম্পৰ্ক, ইৰাণৰ ওপৰত আক্ৰমণ আৰু অনুপ্ৰৱেশৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ বিষয়েও আলোচনা কৰে। ট্ৰাম্পে কয়, “আমাৰ টিক-টকৰ বাবে এজন ক্ৰেতা আছে। তাৰ বাবে হয়তো চীনৰ অনুমোদনৰ প্ৰয়োজন হ’ব, আৰু মই ভাবো ৰাষ্ট্ৰপতি ছি (জিনপিঙে) সম্ভৱতঃ তেনেকুৱা কৰিব।”
ইৰাণৰ সন্দৰ্ভত কি ক’লে ড’নাল্ড ট্ৰাম্পে?
ট্ৰাম্পে কয়, “আমেৰিকাই ইৰাণৰ পাৰমাণৱিক সুবিধাসমূহ ধ্বংস কৰিছে।” তেওঁ কয়, “ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণে ইয়াৰ পাৰমাণৱিক প্ৰতিষ্ঠান ধ্বংস কৰি পেলাইছে আৰু যিয়ে প্ৰাৰম্ভিক চোৰাংচোৱা মূল্যায়ন ফাদিল কৰিছে, য’ত তেহৰাণৰ পাৰমাণৱিক কাৰ্যসূচী মাত্ৰ কেইমাহমান পিছুৱাই দিয়া হৈছে বুলি কোৱা হৈছে, তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা উচিত।”
ট্ৰাম্পে দাবী কৰে যে ইৰাণে আক্ৰমণৰ নিৰ্দেশ দিয়াৰ আগতে পাৰমাণৱিক অস্ত্ৰ লাভ কৰিবলৈ মাত্ৰ কেইসপ্তাহমান বাকী আছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কয়, “ইয়াক এনেকৈ ধ্বংস কৰা হৈছে যে পূৰ্বে কোনেও দেখা পোৱা নাছিল । ইয়াৰ অৰ্থ আছিল যে তেওঁলোকৰ পাৰমাণৱিক উচ্চাকাংক্ষা কিছু সময়ৰ বাবে হ’লেও শেষ হৈ গৈছিল।”
তথ্য লুকুৱাই ৰখাৰ অভিযোগ
ইফালে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই দেওবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টযোগে কয়, “ট্ৰাম্পে সত্যক ঢাকিবলৈ , তথ্য লুকুৱাবলৈ ৰাখিবলৈ মিছা কথা কৈছে।” ৰাষ্ট্ৰসংঘত ইৰাণৰ ৰাষ্ট্ৰদূত আমিৰ ছাইদ ইৰাভানীয়ে চিবিএছৰ ফেচ দ্য নেচন কাৰ্যসূচীত কয় যে, তেওঁৰ দেশৰ পাৰমাণৱিক কাৰ্যসূচী শান্তিপূৰ্ণ আৰু ইউৰেনিয়াম সমৃদ্ধি কৰাটো অধিকাৰ। তেওঁ কয়, “এয়া এক অপ্ৰত্যাহাৰ্য অধিকাৰ আৰু আমি পাৰমাণৱিক অস্ত্ৰ অপ্ৰসাৰণ চুক্তিৰ অধীনত এই অধিকাৰ কাৰ্যকৰী কৰিব বিচাৰো। মই ভাবো সমৃদ্ধি কেতিয়াও বন্ধ নহ’ব।”