মহম্মদ আলী জিন্নাৰ কন্যা আছিল ভাৰতীয়, পাকিস্তানৰ নাগৰিকত্ব কিয় নল’লে ডিনাই?

১৯৩৮ চনৰ ১৬ নৱেম্বৰত জিন্নাৰ একমাত্ৰ সন্তান ডিনাই তেতিয়াৰ বম্বেৰ পাৰ্চী ব্যৱসায়ী নেভিল ৱাডিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয় । কিন্তু ডিনাৰ পিতৃ মহম্মদ আলী জিন্নাই আন ধৰ্মৰ লোকৰ সৈতে বিবাহ মানি ল’ব পৰা নাছিল । ফলত পিতৃ-কন্যাৰ সম্পৰ্কত বিভাজনৰ সৃষ্টি হয় ।

মহম্মদ আলী জিন্নাৰ কন্যা আছিল ভাৰতীয়, পাকিস্তানৰ নাগৰিকত্ব কিয় নললে ডিনাই?

মহম্মদ আলী জিন্না (ফাইল ফটো)

Published: 

29 Apr 2025 15:16 PM

স্বাধীনতা লাভৰ সময়তেই বিভাজিত হৈছিল অখণ্ড ভাৰত, সৃষ্টি হৈছিল নতুন ৰাষ্ট্ৰ পাকিস্তান । এই পাকিস্তান সৃষ্টিৰ আঁৰৰ মাষ্টাৰমাইণ্ড আছিল দেশখনৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল মহম্মদ আলী জিন্না । জিন্নাক সেই দেশৰ মানুহে বাবা-ই-কুৱাম বা কোৱাইদ-ই-আজম বুলি প্ৰশংসা কৰিছিল । যাৰ অৰ্থ জাতিৰ পিতা ।

১৮৭৬ চনৰ ২৫ ডিচেম্বৰত তেতিয়াৰ বম্বে প্ৰেচিডেন্সিৰ কৰাচীত জিন্নাৰ জন্ম হৈছিল । জন্মৰ সময়ত তেওঁৰ নাম আছিল মহম্মদ আলী জিন্নাহভাই । তেওঁৰ ককাক বৰ্তমানৰ গুজৰাটৰ কাঠিয়াৱাদৰ পৰা কৰাচীলৈ গুচি যায় । জিন্নাই নিজেই কৈছিল যে তেওঁৰ পূৰ্বপুৰুষসকল আচলতে ৰাজপুত । যি পিছলৈ কাঠিয়াৱাদলৈ গৈছিল । তাৰ পিছত কৰাচীলৈ যায় । সেই পূৰ্বপুৰুষৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালৰ লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰে ।

জিন্না আৰু তেওঁৰ দ্বিতীয় পত্নী ৰতনবাই পেটিটৰ এগৰাকী কন্যা সন্তান আছিল । তেওঁৰ নাম ডিনা জিন্না । ১৯১৯ চনৰ ১৫ আগষ্টত লণ্ডনত জন্মগ্ৰহণ কৰা ডিনা জিন্নাৰ মাত্ৰ ১০ বছৰ বয়সতে মাতৃ ৰতনবাইৰ মৃত্যু হয় । মাতৃহীন ডিনাক মাতৃত্বৰ প্ৰেমেৰে ডাঙৰ-দীঘল কৰিছিল পেহীয়ে ফাতিমা জিন্নাই । ফাতিমাক পাকিস্তানৰ ‘জাতিৰ মাতৃ’ (মাদাৰ-ই-মিলাত) বা ‘পাকিস্তানৰ কন্যা’ (খাটুন-ই-পাকিস্তান) বুলি কোৱা হয় ।

১৯৩৮ চনৰ ১৬ নৱেম্বৰত জিন্নাৰ একমাত্ৰ সন্তান ডিনাই তেতিয়াৰ বম্বেৰ পাৰ্চী ব্যৱসায়ী নেভিল ৱাডিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয় । কিন্তু ডিনাৰ পিতৃ মহম্মদ আলী জিন্নাই আন ধৰ্মৰ লোকৰ সৈতে বিবাহ মানি ল’ব পৰা নাছিল । ফলত পিতৃ-কন্যাৰ সম্পৰ্কত বিভাজনৰ সৃষ্টি হয় । নিজৰ জীয়েকৰ বিয়াতো জিন্না উপস্থিত নাছিল । অৱশ্যে জানিব পৰা মতে জিন্নাই নিজৰ চালকৰ হাতেৰে ফুলৰ থোপা পঠিয়াইছিল ।

পাকিস্তানী সাংবাদিক হামিদ মিৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ডিনাই পিতৃৰ সৈতে হোৱা শেষ সাক্ষাৎকাৰৰ কথা কয় । ১৯৪৬ চনত বম্বেত অনুষ্ঠিত হোৱা এক বৈঠকৰ সময়ত জিন্নাই নাতি নুছলীক সাৱটি ধৰা বুলিও সাক্ষাৎকাৰটোত ডিনাই কৈছিল ।

১৯৪৩ চনৰ পৰা নেভিল আৰু ডিনাই পৃথকে পৃথকে থাকিবলৈ আৰম্ভ কৰে । তাৰ পিছত ডিনা নিউয়ৰ্ক চহৰলৈ গুচি যায় । পিছলৈ ১৯৬২ চনত ডিনাৰ পুত্ৰ নুছলি ৱাদিয়াই নিজৰ ব্যৱসায়ত নামি পৰে । বৰ্তমান ৮১ বছৰীয়া নুছলী মুম্বাইত থাকে । ২০০৪ চনৰ মাৰ্চ মাহত ডিনাই পুত্ৰ আৰু নাতি-নাতিনীৰ সৈতে পাকিস্তানলৈ যাত্ৰা কৰে । তাত তেওঁ পিতৃ মহম্মদ আলী জিন্নাৰ সমাধিস্থল মাজাৰ-ই-কোৱাইদ আৰু পেহীয়েক ফাতিমা জিন্নাৰ সমাধিস্থল মাদাৰ-ই-মিলাত শ্ৰদ্ধাঞ্জলি জনাবলৈ যায় ।

২০১৭ চনৰ ২ নৱেম্বৰত ৯৮ বছৰ বয়সত নিউমোনিয়াত আক্ৰান্ত হৈ মহম্মদ আলী জিন্নাৰ একমাত্ৰ সন্তান ডিনা ৱাদিয়াৰ মৃত্যু হয় । তেওঁৰ মৃত্যুৰ স্মৃতিত পাকিস্তানৰ সিন্ধ প্ৰাদেশিক পৰিষদে এক মিনিট মৌনতা অৱলম্বন কৰে । নিউয়ৰ্কত থকা পাকিস্তানী কনছুলেটে ডিনাৰ অন্ত্যেষ্টিক্ৰিয়াত ফুলৰ থোপা প্ৰেৰণ কৰে ।

নালাগে জিম যাব! এই ৫ বিধ ঘৰুৱা পানীয়ই কম কৰিব পেটৰ চৰ্বি...
ধনী হ'ব বিচাৰে নেকি? ঘৰৰ পৰা আজিয়ে আঁতৰ কৰক এই ৬ বিধ বস্তু...
পাত কচুৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি? জানিলে কেতিয়াও নকৰে উলাই
খালী পেটত ফল খালে হ'ব পাৰে এই সমস্যা, জানক...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা