আজিৰ পৰা জাৰ্মানীত নিউজ৯ গ্ল’বেল ছামিটঃ উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আজিৰ পৰা ২৩ নৱেম্বৰলৈ জাৰ্মানীৰ ষ্টুটগাৰ্ট আইকনিক এম এইচ পি এৰিনাত নিউজ৯ গ্ল’বেল ছামিট অনুষ্ঠিত হ’ব। দেশৰ সৰ্ববৃহৎ বাতৰি নেটৱৰ্ক টিভি৯ নেটৱৰ্কে বুণ্ডেছলিগাৰ ভিএফবি ষ্টুটগাৰ্টৰ সহযোগত আয়োজন কৰিছে এই সন্মিলনখন। “ভাৰত আৰু জাৰ্মানী: বহনক্ষম উন্নয়নৰ বাবে এক ৰোডমেপ” শীৰ্ষক বিষয়বস্তুৰ অধীনত এই সন্মিলন আয়োজন কৰা হৈছে।

আজিৰ পৰা জাৰ্মানীত নিউজ৯ গ্ল’বেল ছামিটঃ উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আজিৰ পৰা নিউজ৯ গ্ল’বেল ছামিট

Edited By: 

Barasha Misra | Updated On: 22 Nov 2024 | 01:29 PM

জাৰ্মানীৰ ষ্টুটগাৰ্টত আজিৰ পৰা আৰম্ভ হ’ব বহু প্ৰত্যাশিত নিউজ৯ গ্ল’বেল ছামিট। আজিৰ পৰা ২৩ নৱেম্বৰলৈ ষ্টুটগাৰ্ট আইকনিক এম এইচ পি এৰিনাত এই নিউজ৯ গ্ল’বেল ছামিট অনুষ্ঠিত হ’ব। দেশৰ সৰ্ববৃহৎ বাতৰি নেটৱৰ্ক টিভি৯ নেটৱৰ্কে বুণ্ডেছলিগাৰ ভিএফবি ষ্টুটগাৰ্টৰ সহযোগত আয়োজন কৰিছে এই সন্মিলনখন। “ভাৰত আৰু জাৰ্মানী: বহনক্ষম উন্নয়নৰ বাবে এক ৰোডমেপ” শীৰ্ষক বিষয়বস্তুৰ অধীনত এই সন্মিলন আয়োজন কৰা হৈছে।

ৰাজনীতি, ব্যৱসায়, ক্ৰীড়া, আৰু নীতি নিৰ্ধাৰণৰ বিষয়ক একত্ৰিত কৰি বহনক্ষম ভৱিষ্যতৰ কৌশল সন্দৰ্ভত এই অনুষ্ঠানটো এক মাইলষ্ট’ন হিচাপে পৰিগণিত হ’ব বুলি ধাৰণা কৰা হৈছে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল ভাষণ প্ৰদান কৰিব। ‘ইণ্ডিয়াঃ ইনচাইড দ্য গ্ল’বেল ব্ৰাইট স্পট’ বিষয়ত নিজা দৃষ্টিভংগী দাঙি ধৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

বিশ্বৰ উন্নয়নৰ পথত ভাৰতৰ ভূমিকা্ৰ ওপৰত আলোকপাতৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীৰ ভাষণে গভীৰ ভাৰত-জাৰ্মান সহযোগিতাৰ ক্ষেত্ৰত যোগসূত্ৰ নিৰ্ধাৰণ কৰিব বুলি আশা কৰা হৈছে। টিভি৯ নেটৱৰ্কৰ এমডি তথা চিইঅ’ বৰুণ দাসে কয়, “নিউজ৯ গ্ল’বেল ছামিটৰ লক্ষ্য হৈছে ভাৰত আৰু জাৰ্মানীৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক গভীৰ কৰা, বিভিন্ন ক্ষেত্ৰৰ অংশীদাৰসকলক একত্ৰিত কৰি পাৰস্পৰিক বিকাশৰ বাবে কাৰ্যকৰী সমাধান বিকশিত কৰা।”

ইউৰোপৰ সৰ্ববৃহৎ অৰ্থনীতি হিচাপে জাৰ্মানী ভাৰতৰ বাবে এক মূল অংশীদাৰ, আৰু এই সন্মিলন ভাৰতীয় সংবাদ মাধ্যমৰ সংস্থাৰ এনে প্ৰথম পদক্ষেপ বুলি বৰুণ দাসে লগতে কয়। মূল বিষয়বস্তু “India & Germany: Connected for Durable Growth”- এ দুয়োখন ৰাষ্ট্ৰই অভিযান্ত্ৰিক, প্ৰযুক্তি, আৰু উদ্ভাৱনৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী অৰ্থনৈতিক বিকাশৰ বাবে নিজৰ শক্তিক কেনেদৰে লাভৱান কৰিব পাৰে তাৰ ওপৰত আলোকপাত কৰিব।

কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ভাৰত-জাৰ্মান অংশীদাৰিত্বৰ স্তম্ভ হিচাপে প্ৰযুক্তি, আন্তঃগাঁথনি, আৰু বহনক্ষমতাক গুৰুত্ব আৰোপ কৰি অধিবেশনত ভাষণ প্ৰদান কৰিব। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে তেওঁৰ মূল ভাষণত ভাৰতৰ প্ৰতিভা, ৰূপান্তৰ আৰু প্ৰযুক্তিৰ দৃষ্টিভংগী আৰু জাৰ্মানীৰ সৈতে বহনক্ষম সহযোগিতাৰ সম্ভাৱনাৰ বিষয়ে বিশ্লেষণ দাঙি ধৰিব।

তেওঁ ৰে’লৱে, তথ্য আৰু সম্প্ৰচাৰ, আৰু আই টি আৰু ইলেক্ট্ৰনিক্সৰ উন্নতিয়ে জাৰ্মানীৰ অভিযান্ত্ৰিক উৎকৰ্ষতা আৰু উদ্ভাৱনী সংস্কৃতিৰ সৈতে কেনেদৰে সংযোগ স্থাপন কৰিব পাৰে, বহনক্ষম প্ৰযুক্তি আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত বিশ্বব্যাপী মানদণ্ড নিৰ্ধাৰণৰ বাবে এক স্থিতিস্থাপক অংশীদাৰিত্ব গঢ়ি তুলিব পাৰে, সেই বিষয়ে আলোকপাত কৰিব।

ইয়াৰ উপৰিও কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই বহনক্ষম উন্নয়ন আৰু উদ্ভাৱনক লাভান্বিত কৰাৰ ক্ষেত্ৰত কৰ্ণাটকৰ ভূমিকাক কেন্দ্ৰ কৰি বিশেষ ভাষণ আগবঢ়াব। তেওঁৰ ভাষণত প্ৰযুক্তি, নবীকৰণযোগ্য শক্তি, আৰু সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত ৰাজ্যখনৰ পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰা হ’ব আৰু ভাৰত-জাৰ্মানীৰ সহযোগিতাই ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী বহনক্ষমতাৰ লক্ষ্যত কেনেদৰে অৰিহণা যোগাব পাৰে সেই বিষয়ত মতামত দাঙি ধৰিব।

কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই অনুষ্ঠানত আন এক বিষয়তো বক্তব্য প্ৰদান কৰিব। ‘India: The Biggest Turnaround Story’ বিষয়ত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উদ্ভাৱনী নীতি আৰু শক্তিশালী অংশীদাৰিত্বৰ আধাৰত ভাৰতৰ গতিশীল পৰিৱৰ্তন সন্দৰ্ভত মতামত দাঙি ধৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব