সেই ১৩ টা ভয়ংকৰ বিমান দুৰ্ঘটনা, যি সলনি কৰিছিল বিমান পৰিবহনৰ ৰেহৰূপ
প্ৰতিটো ডাঙৰ ট্ৰেজেডীৰ পিছত প্ৰযুক্তি আৰু নিয়মৰ উন্নতি কৰা হয়, যিয়ে ভৱিষ্যতে সুৰক্ষিত বিমান সেৱা নিশ্চিত কৰিব পাৰে। বিমান পৰিবহনৰ জগতখন চিৰদিনৰ বাবে সলনি কৰি দিয়া ১৩টা ভয়ংকৰ বিমান দুৰ্ঘটনাৰ বিষয়ে জানো আহক।

বিমান দুৰ্ঘটনা
মহাৰাষ্ট্ৰৰ বাৰামাতিত বুধবাৰে পুৱা সংঘটিত এক শোকাৱহ বিমান দুৰ্ঘটনাত এন চি পিৰ নেতা তথা উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰকে ধৰি ৫জন লোকৰ মৃত্যু হয়। বিমান দুৰ্ঘটনা অত্যন্ত মৰ্মান্তিক, কিয়নো যাত্ৰীসকলৰ জীয়াই থকাৰ সম্ভাৱনা কমহে থাকে। কিন্তু প্ৰতিটো ডাঙৰ ট্ৰেজেডীৰ পিছত প্ৰযুক্তি আৰু নিয়মৰ উন্নতি কৰা হয়, যিয়ে ভৱিষ্যতে সুৰক্ষিত বিমান সেৱা নিশ্চিত কৰিব পাৰে। বিমান পৰিবহনৰ জগতখন চিৰদিনৰ বাবে সলনি কৰি দিয়া ১৩টা ভয়ংকৰ বিমান দুৰ্ঘটনাৰ বিষয়ে জানো আহক।
গ্ৰেণ্ড কেনিয়নৰ দুৰ্ঘটনা: ১৯৫৬ চনৰ ৩০ জুনত গ্ৰেণ্ড কেনিয়নৰ ওপৰেৰে উৰি থকা দুখন বিমান প্ৰযুক্তিৰ দুৰ্বলতাৰ বাবে সংঘৰ্ষত পতিত হয়। ইয়াৰ পিছত ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচন (FAA) গঠন কৰা হয় আৰু ৰাডাৰ ব্যৱস্থা আধুনিকীকৰণ কৰা হয়। বিমানত এতিয়া সংঘৰ্ষ প্ৰতিৰোধী ব্যৱস্থা (TCAS) আছে, যিয়ে পাইলটসকলক আনখন বিমান ক’ত আছে সেই কথা জনায়।
ইউনাইটেড এয়াৰলাইন্সৰ বিমান ১৭৩: ১৯৭৮ চনৰ ২৮ ডিচেম্বৰত ইউনাইটেড এয়াৰলাইন্সৰ বিমান ১৭৩ৰ ইন্ধন শেষ হৈ যায় কাৰণ পাইলটজনে এটা সৰু কাৰিকৰী সমস্যা সমাধান কৰাত ব্যস্ত আছিল আৰু ক্ৰুৰ পৰামৰ্শক আওকাণ কৰিছিল। এই ঘটনাৰ ফলত ককপিট ৰিচ’ৰ্চ মেনেজমেণ্ট (CRM)ৰ প্ৰচলন হয়। পাইলটসকলক এতিয়া দল হিচাপে কাম কৰিবলৈ শিকাইছে আৰু ক্ৰুৰ পৰামৰ্শক আওকাণ নকৰিবলৈ শিকাইছে।
এয়াৰ কানাডা ফ্লাইট ৭৯৭: ১৯৮৩ চনৰ ২ জুনত ৩৩,০০০ ফুট উচ্চতাত উৰি থকা এয়াৰ কানাডা ফ্লাইট ৭৯৭ৰ শৌচাগাৰত অগ্নিকাণ্ড সংঘটিত হয় আৰু ধোঁৱা ইমানেই বিয়পি পৰে যে যাত্ৰীসকলে কোনোমতেই ৰক্ষা নাপালে। এই ঘটনাৰ পিছতে বিমানৰ শৌচাগাৰত ধোঁৱা প্ৰতিৰোধী যন্ত্ৰ আৰু স্বয়ংক্ৰিয় অগ্নিনিৰ্বাপক যন্ত্ৰ বাধ্যতামূলক কৰা হয়। ধোঁৱাৰ মাজেৰে দৃশ্যমানতা প্ৰদানৰ বাবে মজিয়াত টৰ্চো স্থাপন কৰা হৈছিল।
ডেল্টা এয়াৰলাইন্সৰ বিমান ১৯১: ১৯৮৫ চনৰ ২ আগষ্টত ডালাছ-ফ’ৰ্ট ৱৰ্থ বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত ডেল্টা এয়াৰলাইন্সৰ বিমান ১৯১ হঠাতে নিম্নগামী চাপত দুৰ্ঘটনাগ্ৰস্ত হয়। ইয়াৰ পিছতে বিমানত আগলৈ চোৱা ৰাডাৰ স্থাপন কৰা হয়, যিয়ে পাইলটসকলক সন্মুখত বিপজ্জনক বতাহৰ ঢৌৰ বিষয়ে সতৰ্ক কৰি দিয়ে।
ইউনাইটেড এয়াৰলাইন্সৰ ফ্লাইট ২৩২: ১৯৮৯ চনৰ ১৯ জুলাইত ডেনভাৰৰ পৰা চিকাগোলৈ যোৱা ইউনাইটেড এয়াৰলাইন্সৰ ফ্লাইট ২৩২ৰ পিছফালৰ ইঞ্জিনত থকা ফেন ব্লেড ফাটি যোৱাৰ ফলত হাইড্ৰলিক চিষ্টেম বিকল হৈ বিমানখন নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। এই কাণ্ডৰ পিছত ইঞ্জিন পৰিদৰ্শনৰ পদ্ধতি সলনি কৰা হয় আৰু ভৱিষ্যতৰ বিমানসমূহত বেকআপ সুৰক্ষা ব্যৱস্থা সংযোজন কৰা হয়, যাতে কোনো অংশ বিকল হ’লেও বিমানখন নিয়ন্ত্ৰণযোগ্য হৈ থাকে।
আলোহা এয়াৰলাইন্সৰ বিমান ২৪৩: ১৯৮৮ চনৰ ২৮ এপ্ৰিলত হাৱাইৰ হিলোৰ পৰা বয়িং ৭৩৭ বিমানে হনোলুলুলৈ উৰা মাৰে। ১৯ বছৰ পুৰণি বিমানখনৰ ব’ডীত ব্যৱহৃত ধাতু দুৰ্বল হোৱাৰ বাবে কিছু অংশ এৰাই য়ায়। এই কাণ্ডৰ ফলত “বয়সীয়া বিমান কাৰ্যসূচী” আৰম্ভ হয়। পুৰণি বিমানসমূহ এতিয়া অধিক কঠোৰ নীৰিক্ষণৰ অধীনত থাকে।
ইউ এছ এয়াৰৱেজৰ ফ্লাইট ৪২৭: ১৯৯৪ চনৰ ৮ ছেপ্টেম্বৰত পিটচবাৰ্গত ইউ এছ এয়াৰৱেজৰ ৪২৭ ফ্লাইট অৱতৰণ কৰিবলৈ ওলোৱাৰ সময়তে বিমানখনৰ ৰাডাৰ হঠাতে জাম হৈ পৰে আৰু বয়িং ৭৩৭ বাওঁফালে খুন্দা মাৰে। এই দুৰ্ঘটনাৰ পিছত বয়িঙে হাজাৰ হাজাৰ বিমানৰ ৰাডাৰ ব্যৱস্থা সলনি কৰি নতুন সুৰক্ষা উপাদান স্থাপন কৰে।
ভেল্যুজেট ফ্লাইট ৫৯২: ১৯৯৬ চনৰ ১১ মে’ত মিয়ামিৰ ওচৰৰ এভাৰগ্লেডছত ভেল্যুজেট ৫৯২ৰ কাৰ্গো হোল্ডত জমা হৈ থকা ৰাসায়নিক পদাৰ্থত জুই লাগে। এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছত বিমানখনৰ লাগেজ কম্পাৰ্টমেণ্টত ধোঁৱা প্ৰতিৰোধী যন্ত্ৰ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ ব্যৱস্থা বাধ্যতামূলক কৰা হয় আৰু বিপজ্জনক সামগ্ৰী কঢ়িয়াই নিয়াৰ নিয়ম কটকটীয়া কৰা হয়।
টি ডব্লিউ এ ফ্লাইট ৮০০: ১৯৯৬ চনৰ ১৭ জুলাইত জে এফ কেৰ পৰা পেৰিছলৈ উৰি যোৱা টি ডব্লিউ এ ফ্লাইট ৮০০ৰ ইন্ধনৰ টেংকত বৈদ্যুতিক স্পাৰ্কৰ ফলত এক বৃহৎ বিস্ফোৰণ ঘটে, যাৰ ফলত বিমানখন আকাশৰ মাজত বিস্ফোৰণ ঘটে। এই দুৰ্ঘটনাৰ পিছত বিমানৰ ইন্ধনৰ টেংকিত নাইট্ৰজেন গেছ সুমুৱাই দিয়াৰ ব্যৱস্থা উদ্ভাৱন কৰা হয়, যাৰ ফলত স্পাৰ্ক হ’লেও বিস্ফোৰণৰ পৰা ৰক্ষা পৰে।
ছুইছ এয়াৰ ফ্লাইট ১১১: ১৯৯৮ চনৰ ২ ছেপ্টেম্বৰত নিউয়ৰ্কৰ পৰা জেনেভালৈ উৰাজাহাজেৰে যোৱা ছুইছ এয়াৰ ফ্লাইট ১১১ৰ ইন-ফ্লাইট এণ্টাৰটেইনমেণ্ট চিষ্টেমৰ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাৰ পিছতে বিমানখনত ব্যৱহৃত তাঁৰৰ কভাৰ সলনি কৰি জুই প্ৰতিৰোধী কৰি তোলা হয়।
এয়াৰ ফ্ৰান্স ৪৪৭: ২০০৯ চনৰ ১ জুনত ৰিঅ’ৰ পৰা পেৰিছলৈ যোৱা এয়াৰ ফ্ৰান্স ৪৪৭ৰ স্পীড’মিটাৰ জাম হৈ অটোপাইলট চিষ্টেম বিকল হৈ পৰে। ইয়াৰ ফলত পাইলটসকল আতংকিত হৈ বিমানখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। এই ঘটনাৰ পৰা শিক্ষা লৈ পাইলটসকলক মেচিনৰ ওপৰত কম নিৰ্ভৰশীল হ’বলৈ আৰু নিজে বিমান উৰুৱাবলৈ কঠোৰ প্ৰশিক্ষণ দিয়া হয়।
মালয়েছিয়া এয়াৰলাইন্স ৩৭০: ২০১৪ চনৰ ৮ মাৰ্চত কুৱালালামপুৰৰ পৰা বেইজিংলৈ যোৱা মালয়েছিয়া এয়াৰলাইন্সৰ বিমান ৩৭০ ৰহস্যজনকভাৱে নিৰুদ্দেশ হয় আৰু ইয়াৰ কোনো সন্ধান নোলাল। এই কাণ্ডৰ পিছত এতিয়া সকলো বিমানৰ বাবে বাস্তৱ সময়ৰ অনুসৰণ বাধ্যতামূলক হৈ পৰিছে, যাৰ ফলত সাগৰৰ ওপৰেদিও ইয়াৰ নিৰ্দিষ্ট অৱস্থান নিশ্চিত কৰা হৈছে।
লায়ন এয়াৰ আৰু ইথিওপিয়ান এয়াৰলাইন্স: ২০১৮ চনৰ ২৯ অক্টোবৰত ইণ্ডোনেছিয়াৰ জাকাৰ্টাৰ ছ’কাৰ্নো-হাটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ ১৩ মিনিটৰ পিছত জাভা সাগৰত দুখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। বয়িং ৭৩৭ মেক্সৰ নতুন চফটৱেৰ চিষ্টেম (এমচিএএছ) বিমানখনৰ সন্মুখভাগ বাৰে বাৰে হেলনীয়া কৰি ৰখাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। তাৰ পিছত চফট্ ৱেৰটো সম্পূৰ্ণৰূপে অভাৰহ’ল কৰা হয় আৰু পাইলটসকলে এই বিশেষ ব্যৱস্থাটোৰ ওপৰত বাধ্যতামূলক প্ৰশিক্ষণ গ্ৰহণ কৰে।