কামৰ মাজতে চাহ খাবলৈ গৈছিল ! ১১ কোটি টকা জৰিমনা ভৰিলে দুজন চিকিৎসকে

কিছুমান কাৰ্যালয়ত বিৰতিৰ সময় নিৰ্ধাৰণ কৰা থাকে আৰু কিছুমানত সুবিধা অনুসৰি কৰ্মচাৰীয়ে বিৰতি লয় । কিন্তু এই ধৰণৰ বিৰতিৰ বাবেই দুগৰাকী কৰ্মচাৰীয়ে জৰিমনা ভৰিল ১১ কোটি টকা ।

কামৰ মাজতে চাহ খাবলৈ গৈছিল ! ১১ কোটি টকা জৰিমনা ভৰিলে দুজন চিকিৎসকে

প্ৰতীকী ফটো

Published: 

14 Jan 2025 | 06:38 PM

কামৰ মাজতে প্ৰতিগৰাকী কৰ্মচাৰীয়ে বিৰতি লাভ কৰে । কিছুমান কাৰ্যালয়ত বিৰতিৰ সময় নিৰ্ধাৰণ কৰা থাকে আৰু কিছুমানত সুবিধা অনুসৰি কৰ্মচাৰীয়ে বিৰতি লয় । কিন্তু এই ধৰণৰ বিৰতিৰ বাবেই দুগৰাকী কৰ্মচাৰীয়ে জৰিমনা ভৰিল ১১ কোটি টকা । শুনাত আচৰিত লাগিলেও প্ৰকৃতে এই ঘটনা সত্য । বিশেষকৈ দুগৰাকী চিকিৎসকৰ সৈতে এই ঘটনা সংঘটিত হৈছে । কামৰ মাজত চাহ খাবলৈ যোৱাৰ বাবে শাস্তি হিচাপে ১১ কোটি টকা জৰিমনা ভৰিব লাগিব চিকিৎসক দুজনে ।

এই ঘটনা মালয়েছিয়াৰ। সেই দেশৰ আদালতে চিকিৎসালয়ত এগৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যুৰ গোচৰত দুগৰাকী চিকিৎসকক শাস্তি প্ৰদান কৰে। ২০১৯ চনত সংঘটিত হৈছিল এই ঘটনা। চিকিৎসালয়ত দ্বিতীয় সন্তান জন্ম দিওঁতে মৃত্যু হয় এগৰাকী মাতৃৰ। প্ৰাথমিক অনুসন্ধানত জানিব পৰা মতে, শৰীৰৰ পৰা অত্যধিক ৰক্তক্ষৰণৰ বাবেই তেওঁৰ মৃত্যু হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি, তেওঁ যেতিয়া চিকিৎসালয়ত মৃত্যুৰ যন্ত্ৰণাত ভুগি আছিল, সেই সময়ত তেওঁৰ ৱাৰ্ডত কোনো চিকিৎসক উপস্থিত নাছিল। মাত্ৰ কেইগৰাকীমান নাৰ্ছ আছিল। কিন্তু, এনে ভয়ানক পৰিস্থিতি হাতে হাত ধৰি চম্ভালিবলৈ নাৰ্ছসকল একেবাৰে সক্ষম নাছিল। কপাহেৰে ৰক্তক্ষৰণ বন্ধ কৰিবলৈ চেষ্টা কৰিছিল যদিও শেষত তেওঁৰ জীৱন ৰক্ষা কৰাত ব্যৰ্থ হৈছিল। মাতৃৰ গৰাকীৰ মৃত্যু হয়।

ইফালে মালয়েছিয়াৰ আদালতে এই গোচৰত শুনানি গ্ৰহণ কৰে। চিকিৎসক দুজনক মুঠ ১১ কোটি টকাৰ জৰিমনা বিহিছে ন্যায়াধীশে। ন্যায়াধীশে কয় যে, মাতৃ গৰাকীয়ে মৃত্যু সৈতে যুঁজি থকাৰ সময়ত ৱাৰ্ডত চিকিৎসক দুজনৰ কোনো এজনো উপস্থিত নাছিল। যাৰ বাবে তেজ ওলোৱাৰ বিষৰ বাবে মাতৃ গৰাকীৰ মৃত্যু হয়। ৱাৰ্ডত কৰ্মৰত নাৰ্ছসকলে মাতৃ গৰাকীৰ জীৱন বচাবলৈ চেষ্টা কৰিছিল, কিন্তু চিকিৎসকৰ অভাৱত তেওঁলোক ব্যৰ্থ হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...