গাজা, লেবানন, ছিৰিয়াৰ পিছত এইবাৰ য়েমেন… ইজৰাইলৰ আক্ৰমণত নিহত ৬ , আহত ৮৬ জন

ইজৰাইলে য়েমেনৰ ৰাজধানী ছানাত হাউথী বিদ্ৰোহীৰ ঘাটিত আক্ৰমণ চলায়। য'ত ৬ জন নিহত হোৱাৰ লগতে ৮৬ জন আহত হয়।ৰাষ্ট্ৰপতি ভৱনৰ সমীপৰ সামৰিক ঘাটি, বিদ্যুৎ কেন্দ্ৰ আৰু গেছ ষ্টেচনত এই আক্ৰমণ সংঘটিত হয়। ইজৰাইলে ইয়াক হাউথী বিদ্ৰোহীৰ বিৰুদ্ধে প্ৰতিশোধ হিচাপে অভিহিত কৰে।

গাজা, লেবানন, ছিৰিয়াৰ পিছত এইবাৰ য়েমেন... ইজৰাইলৰ আক্ৰমণত নিহত ৬ , আহত ৮৬ জন

য়েমেনত ইজৰাইলৰ আক্ৰমণ

Published: 

25 Aug 2025 08:58 AM

ইজৰাইলে দেওবাৰে য়েমেনৰ ৰাজধানী ছানা’ত থকা হাউথী বিদ্ৰোহীৰ ঘাটিত বিমান আক্ৰমণ চলায়। এই আক্ৰমণত ৬ জন লোক নিহত হোৱাৰ লগতে ৮৬ জন আহত হয়। ইজৰাইলে মূলতঃ মধ্য ছানায়াৰ এটা অট্টালিকা, শক্তি কেন্দ্ৰ আৰু গেছ ষ্টেচনক লক্ষ্য কৰি লৈছিল। ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইল-হামাছ যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা ইৰাণ সমৰ্থিত হাউথী বিদ্ৰোহীক কেইবাবাৰো লক্ষ্য কৰি লৈছে ইজৰাইলে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এই আক্ৰমণৰ ভিডিঅ’, য’ত অট্টালিকাসমূহৰ ওপৰলৈ ক’লা ধোঁৱা ওপৰলৈ উঠি অহা দেখা গৈছে।  অৱশ্যে এই ভিডিঅ’সমূহ সঁচা নে মিছা সেয়া নিশ্চিত হোৱা নাই।

ইজৰাইল সেনাই কি ক’লে?

ইজৰাইল সেনাই (IDF) এই আক্ৰমণক প্ৰতিশোধমূলক কাৰ্য্য বুলি অভিহিত কৰে। ইয়াৰ উপৰিও হাউথী সন্ত্ৰাসবাদীয়ে ইজৰাইল আৰু ইয়াৰ নাগৰিকক বাৰে বাৰে আক্ৰমণ চলাই আছে বুলিও কোৱা হৈছে ।  ইয়াৰ প্ৰতি সঁহাৰি জনাই এই আক্ৰমণ চলোৱা হৈছে। বিগত কিছুদিনত হাউথী বিদ্ৰোহীয়ে ইজৰাইলৰ ফালে পৃষ্ঠলৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল। শুকুৰবাৰে গভীৰ নিশা হাউথী বিদ্ৰোহীয়ে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে, যিটো ক্ষেপণাস্ত্ৰ ইজৰাইলে আকাশতে ধ্বংস কৰে।

ইজৰাইল সেনাই কয় যে, তেওঁলোকে ছানাত হাউথী শাসনৰ সামৰিক আন্তঃগাঁথনিত আক্ৰমণ চলাইছিল। ইয়াৰ ভিতৰত এটা সামৰিক স্থানো আছে, যিটো ৰাষ্ট্ৰপতি ভৱনৰ ওচৰত। ইজৰাইলী সেনাই কয় যে, তেওঁলোকে আছাৰ আৰু হেজাজ বিদ্যুৎ কেন্দ্ৰ, আৰু ইন্ধন সংৰক্ষণ স্থানত আক্ৰমণ কৰে। সেনাই কয় যে, হাউথী সন্ত্ৰাসবাদীয়ে এই ঘাটিসমূহ সামৰিক কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিছিল। হাউথীয়ে নিজৰ কামৰ বাবে অসামৰিক আন্তঃগাঁথনি ব্যৱহাৰ কৰে।

লোহিত সাগৰত হাউথী বিদ্ৰোহীৰ আক্ৰমণ

যোৱা দুবছৰ ধৰি হাউথী বিদ্ৰোহীয়ে অহৰহ লোহিত সাগৰত জাহাজ আক্ৰমণ কৰি আহিছে। প্ৰতি বছৰে ১ ট্ৰিলিয়ন ডলাৰৰ সামগ্ৰী এই জাহাজ পথৰ মাজেৰে পাৰ হয়। ২০২৩ চনৰ নৱেম্বৰৰ পৰা ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত হাউথী বিদ্ৰোহীয়ে মিছাইল আৰু ড্ৰ’ন ব্যৱহাৰ কৰি ১০০ৰো অধিক জাহাজক লক্ষ্য কৰি লৈছিল।

লগতে পঢ়ক: অন্ত পৰিব ডলাৰৰ আধিপত্য! কি হ’ব আমেৰিকাৰ ভৱিষ্যৎ? সতৰ্কবাণী…

কম দিনত ফলাফল পাব, এই সহজ ঘৰুৱা উপায়েৰে অকালতে চুলি পকা সমস্যা ৰোধ কৰক
বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ শুভ এই ৰাশিৰ বাবে! জানক সকলো...
ছেপ্টেম্বৰ মাহটোৱে শুভ ফল লৈ আহিব এই ৩ ৰাশিৰ জীৱনলৈ...
সঘনাই জ্বৰ বা সংক্রমণ, দুৰ্বলতা অনুভৱ কৰে নেকি ? ব্লাড কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ চিনাক্ত কৰক