হ’ব নেকি ডাঙৰ কিবা? ইৰানত আক্ৰমণ কৰিব পাৰে আমেৰিকাই, হাই এলাৰ্টত ইজৰাইল…

দীৰ্ঘদিন ধৰি ইৰানত চলি আছে প্ৰতিবাদ। শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ইৰানৰ শাসকক ভাবুকি প্ৰদান কৰিছে। ইয়াৰ মাজতে এতিয়া হাই এলাৰ্ট মোডত আছে ইজৰাইল। শেহতীয়াকৈ ইয়াক লৈ উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়।

হব নেকি ডাঙৰ কিবা? ইৰানত আক্ৰমণ কৰিব পাৰে আমেৰিকাই, হাই এলাৰ্টত ইজৰাইল...

আমেৰিকা-ইজৰাইল

Published: 

11 Jan 2026 | 08:00 PM

যোৱা ২৮ ডিচেম্বৰৰ পৰা ইৰানত চলি আছে প্ৰতিবাদ। লাখ লাখ জনতাই ৰাজপথলৈ ওলাই আহি চুপ্ৰীম লিডাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মাজতে হাই এলাৰ্টত আছে ইজৰাইল। দেশখনৰ একাংশ বিষয়াই সন্দেহ কৰিছে যে, যিকোনো সময়তে আমেৰিকাই ইৰানৰ পৰিস্থিতিত হস্তক্ষেপ কৰিব পাৰে। এনে ক্ষেত্ৰত নতুন সংকট আহিব পাৰে। গতিকে নিৰাপত্তা সংস্থাসমূহে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি হাই এলাৰ্ট মোডত আছে।

বিগত কেইটামান দিনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰান সন্দৰ্ভত কেইবাবাৰো কঠোৰ বিবৃতি প্ৰকাশ কৰিছে। তেওঁ ইৰান চৰকাৰক সকীয়নি দি কৈছে যে কোনো পধ্যেই যাতে প্ৰতিবাদকাৰীক অত্যাচাৰ কৰা নহয়। শনিবাৰে ট্ৰাম্পে স্পষ্টভাৱে উল্লেখ কৰে যে, আমেৰিকাই প্ৰতিবাদকাৰীসকলক সহায় কৰিবলৈ সাজু। ট্ৰাম্পৰ এই মন্তব্যৰ পাছতে এতিয়া ধাৰণা কৰা হৈছে যে, পৰৱৰ্তী সময়ত ডাঙৰ কিবা হ’ব পাৰে।

ইজৰাইলত উচ্চ পৰ্যায়ৰ বৈঠক

সূত্ৰ অনুসৰি, ইৰানত আমেৰিকাৰ হস্তক্ষেপৰ সম্ভাৱনাৰ পাছতে ইজৰাইলে উচ্চস্তৰীয় বৈঠক আহ্বান কৰিছে। ইৰানৰ পৰিস্থিতিৰ ওপৰত ৰাখিছে চোকা নজৰ। উল্লেখ্য যে, যোৱা বছৰৰ জুন মাহত ইৰান আৰু ইজৰাইলৰ মাজত ১২ দিনীয়া যুদ্ধ হৈছিল। সেই সময়ত আমেৰিকাই ইজৰাইলক সমৰ্থন কৰিছিল আৰু ইৰানৰ ওপৰত বিমান আক্ৰমণ চলাইছিল। এইবাৰ ইৰানত চলি থকা উত্তেজনাৰ মাজতো আমেৰিকা-ইজৰাইল একেশাৰীত থকা দেখা যায়।

শনিবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আৰু আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ইও ফোনযোগে বাৰ্তালাপ কৰে। এই সময়চোৱাত দুয়ো ইৰানৰ পৰিস্থিতি আৰু আমেৰিকাৰ ভূমিকা সম্পৰ্কে আলোচন কৰে। অৱশ্যে দুয়ো আৰু কি কি দিশৰ ওপৰত কথা পাতে সেই সন্দৰ্ভত এতিয়ালৈকে স্পষ্টকৈ কোনোৱে একো প্ৰকাশ কৰা নাই।

অৱশ্যে ইজৰাইলে ইৰানত প্ৰত্যক্ষ হস্তক্ষেপ কৰাৰ ইংগিত দিয়া নাই। কিন্তু ইৰানৰ পাৰমাণৱিক আৰু বেলিষ্টিক মিছাইল কাৰ্যসূচীক লৈ দুয়োখন দেশৰ মাজত উত্তেজনা চলি আছে। শেহতীয়াকৈ নেতিনিয়াহুৱে স্পষ্টকৈ কৈছিল যে, যদি ইৰাণে ইজৰাইলক আক্ৰমণ কৰে তেন্তে ইয়াৰ পৰিণতি ভয়ংকৰ হ’ব। গতিকে এই পৰিস্থিতিয়ে পৰৱৰ্তী সময়ত কি ৰূপ লয় সেয়া হ’ব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ নিজৰ নোবেল বঁটা ট্ৰাম্পক দিব বিচাৰে মাৰিয়াই! পূৰণ হ’ব নেকি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ মনৰ আশা?

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব