যুদ্ধবিৰতি চুক্তি উলংঘা ! গাজাত পুনৰ আক্ৰমণ ইজৰাইল বাহিনীৰ, ১৮ জন লোক নিহত

ইজৰাইলে গাজাত পুনৰ চলোৱা আক্ৰমণত ১৮ জন লোকৰ মৃত্যু হয়। আইডিএফে কয় যে, প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে ইজৰাইলৰ সেনাবাহিনীক গাজা ষ্ট্ৰিপত তৎক্ষণাত আক্ৰমণ চলাবলৈ নিৰ্দেশ দিয়াৰ পিছতে এই আক্ৰমণ সংঘটিত হয়।

যুদ্ধবিৰতি চুক্তি উলংঘা ! গাজাত পুনৰ আক্ৰমণ ইজৰাইল বাহিনীৰ, ১৮ জন লোক নিহত
Updated On: 

29 Oct 2025 09:54 AM

হামাছে আমেৰিকাৰ মধ্যস্থতাত হোৱা যুদ্ধবিৰতি চুক্তি উলংঘা কৰাৰ পাছতে ইজৰাইলে গাজাত পুনৰ চলোৱা আক্ৰমণত ১৮ জন লোকৰ মৃত্যু হয়। আইডিএফে কয় যে, প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে ইজৰাইলৰ সেনাবাহিনীক গাজা ষ্ট্ৰিপত তৎক্ষণাত আক্ৰমণ চলাবলৈ নিৰ্দেশ দিয়াৰ পিছতে এই আক্ৰমণ সংঘটিত হয়। এক প্ৰতিবেদন অনুসৰি, ইজৰাইলে গাজাত আক্ৰমণ চলোৱাৰ সিদ্ধান্তৰ বিষয়ে আমেৰিকাক অৱগত কৰিছিল। এজন সামৰিক বিষয়াই কয় যে, হামাছৰ যোদ্ধাসকলে প্ৰথমে ইজৰাইল বাহিনীক আক্ৰমণ কৰিছিল।

আল জাজীৰাৰ প্ৰতিবেদন অনুসৰি,  প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে “শক্তিশালী” আক্ৰমণৰ নিৰ্দেশ দিয়াৰ পিছত ইজৰাইলৰ সেনাই সমগ্ৰ গাজাত আক্ৰমণ চলায়। এই আক্ৰমণত কমেও ২০ জন পেলেষ্টাইনীৰ মৃত্যু হৈছে বুলি খবৰ প্ৰকাশ পাইছে।

হামাছে যথেষ্ট মূল্য দিব লাগিব

ৰাফাহ অঞ্চলত নিয়োজিত জোৱানসকলৰ ওপৰত ৰকেট প্ৰপেলেড গ্ৰেনেড (আৰ পি জি) আৰু স্নাইপাৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। আক্ৰমণৰ পিছত ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী কাটজে সকীয়াই দিয়ে যে, ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ জোৱানক লক্ষ্য কৰি লোৱাৰ বাবে হামাছে গধুৰ মূল্য দিব। কাটজে কয় যে, ইজৰাইলে বলপূৰ্বক সঁহাৰি জনাব।

মহিলা আৰু শিশুৰ মৃত্যু

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ কিছু সময়ৰ পিছতে গাজা অসামৰিক প্ৰতিৰক্ষাৰ বাতৰি অনুসৰি, গাজা চহৰৰ আল-ছাব্ৰা চুবুৰীত ইজৰাইলী বিমান আক্ৰমণত কমেও তিনিগৰাকী মহিলা আৰু এজন পুৰুষৰ মৃত্যু হয়। দক্ষিণৰ খান ইউনিছ চহৰত আন এক আক্ৰমণত দুটি শিশু আৰু এগৰাকী মহিলাকে ধৰি পাঁচজন লোকৰ মৃত্যু হয়। ইফালে আল শ্বিফা হাস্পতালৰ সঞ্চালক ডাঃ মহম্মদ আবু ছালমিয়াই কয় যে, উত্তৰ গাজাৰ চিকিৎসালয়ৰ সমীপত কমেও তিনিটা বিস্ফোৰণৰ শব্দ শুনা গৈছিল।

হামাছে এই আক্ৰমণৰ দায়িত্ব অস্বীকাৰ কৰে

ইজৰাইলৰ আক্ৰমণক গৰিহণা দিয়ে হামাছে। ইজৰাইলৰ সৈন্যৰ ওপৰত আক্ৰমণৰ দায়িত্ব হামাছে অস্বীকাৰ কৰে যদিও যুদ্ধবিৰতি বজাই ৰখাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে। ২০২৩ চনৰ অক্টোবৰ মাহত ইজৰাইল-হামাছ সংঘাত আৰম্ভ হোৱাৰ পিছৰে পৰা কমেও ৬৮,৫২৭ জন লোকৰ মৃত্যু হৈছে আৰু ১৭০,৩৯৫ জন আহত হৈছে। ২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ নেতৃত্বত চলোৱা আক্ৰমণৰ সময়ত ইজৰাইলত মুঠ ১১৩৯ জন লোক নিহত হোৱাৰ লগতে ২৫০ জনতকৈ অধিক লোকক বন্দী কৰি ৰখা হৈছিল।

দিনত ৩ বাৰ ভাত খোৱা স্বাস্থ্যৰ বাবে ভাল নে বেয়া? জানক...
কলেষ্টেৰল বৃদ্ধি হ'লে ছালত কি লক্ষণে দেখা দিয়ে, জানক সকলো...
ৰাতি আহাৰ সোনকালে খালে কি হয়? কি কি সমস্যাৰ পৰা উপশম পাব পাৰি?
হ'ব অমংগল, কেতিয়াও এই স্থানত আৰু এইসকল লোকৰ ভৰি চুব নালাগে!