Operation Sindoor: পুৱাৰ নামাজৰ অন্তত ভাৰতত আক্ৰমণ কৰিব বিচাৰিছিল পাকিস্তানে! কিন্তু তাৰ পূৰ্বে ভাৰতে কৰে আক্ৰমণ, শ্বৰীফৰ ডাঙৰ স্বীকাৰোক্তি

Operation Sindoor: পাকিস্তানী সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে আজাৰবাইজান ভ্ৰমণৰ সময়ত এক অনুষ্ঠানত অংশ লৈছিল। তাত তেওঁ কয়, ‘অসীম মুনিৰৰ নেতৃত্বত ১০ মে’ত পুৱাৰ নামাজৰ পিছত ভাৰতত আক্ৰমণ কৰাৰ পৰিকল্পনা আছিল আমাৰ।’

Operation Sindoor: পুৱাৰ নামাজৰ অন্তত ভাৰতত আক্ৰমণ কৰিব বিচাৰিছিল পাকিস্তানে! কিন্তু তাৰ পূৰ্বে ভাৰতে কৰে আক্ৰমণ, শ্বৰীফৰ ডাঙৰ স্বীকাৰোক্তি

পুৱাৰ নামাজৰ অন্তত ভাৰতত আক্ৰমণ কৰিব বিচাৰিছিল পাকিস্তানে!

Published: 

30 May 2025 16:28 PM

অৱশেষত পাকিস্তানে বৰ্ণনা কৰে নিজৰ পৰাজয়ৰ কথা। কিদৰে ভাৰতক নতশিৰে প্ৰণাম কৰিছে, সেই কথা বৃহস্পতিবাৰে ভ্ৰমণৰ সময়ত স্বীকাৰ কৰে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে দাবী কৰে ৯ আৰু ১০ মে’ৰ নিশা তেওঁলোকক হঠাতে আক্ৰমণ কৰা হৈছিল। আনকি পাকিস্তানী সেনাৰ অজ্ঞাতে এই আক্ৰমণ সংঘটিত হোৱা বুলিও তেওঁ স্বীকাৰ কৰে।

পাকিস্তানৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে আজাৰবাইজান ভ্ৰমণৰ সময়ত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছি। তাতে তেওঁ কয়, ‘অসীম মুনিৰৰ নেতৃত্বত আমি ১০ মে’ৰ পুৱাৰ নামাজৰ অন্তত ভাৰত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিলোঁ। কিন্তু পোহৰ হোৱাৰ আগতেই পাকিস্তানৰ একাধিক অঞ্চলত ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ প্ৰেৰণ কৰে।

শ্বৰীফে লগতে কয়, ‘আমাৰ সৈন্যই ফজৰৰ নামাজৰ বাবে অপেক্ষা কৰি আছিল। তাৰ পিছত ভাৰতত আক্ৰমণ হ’ব। কিন্তু তাৰ পূৰ্বে ভাৰতে এটা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল। ভাৰতে ৰাৱালপিণ্ডি বিমানবন্দৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। পুৱাই গম পালোঁ যে এই সকলোবোৰ ৰাতিটোৰ ভিতৰতে ঘটিল। অসীমে মোক ফোন কৰি সকলো কথা কয়।”

পাকিস্তানক নিশাৰ ভিতৰতে শেষ কৰিবলৈ ভাৰতে ব্ৰহ্মাছৰ ব্যৱহাৰ কৰিছিল। এই ইংগিত দিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। অৱশ্যে এই ভয়াৱহ ক্ষেপণাস্ত্ৰ প্ৰকৃততে ব্যৱহাৰ কৰা হৈছিল নে নাই সেই সন্দৰ্ভত সেনাই কোনো বক্তব্য দিয়া নাই।

উল্লেখ্য যে, ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদনত জনোৱা হৈছে, ভাৰত-পাকিস্তানৰ সংঘাতৰ সময়ত ভাৰতে সুখয় যুদ্ধ বিমান ব্যৱহাৰ কৰিছিল আৰু চুবুৰীয়া দেশখনৰ সামৰিক আৰু সন্ত্ৰাসবাদী ঘাটিত মুঠ ১৫ টা ব্ৰাহ্মছ ক্ষেপনাস্ত্ৰ পেলাইছিল। পাকিস্তানে এতিয়া ক্ৰমান্বয়ে উপলব্ধি কৰিছে যে ইয়াৰ পৰিণতি কিমান ভয়াৱহ। তথ্যনুসৰি এই যুদ্ধত পাকিস্তানৰ কিছুমান বায়ুসেনাৰ ঘাটি, যেনে- কৰাচীৰ নূৰ খান, এই আক্ৰমণতে সম্পূৰ্ণৰূপে ধ্বংস হৈছিল।

তেজৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক সংকেত, এই ৫ টা লক্ষণে দেখা দিলে সাৱধান হওক
ভাৰতৰ কোনখন ৰাজ্যত সবাতোকৈ বেছি কণ্ডম বিক্ৰী হয়? জানক...
উপহাসৰ সামগ্ৰী নহয় মূলা, এনে গুণাৱলীৰে শীতকালৰ ছুপাৰফুড এইবিধ পাচলি
মুখৰ পৰা বয়সৰ চিন আঁতৰিব ! যৌৱন ধৰি ৰাখিবলৈ দৈনিক সেৱন কৰক এই ৩ বিধ পানীয়
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...
বেদখলকাৰীক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...