আমেৰিকাত দুৰ্বৃত্তৰ গুলীত নিহত ভাৰতীয় ছাত্ৰঃ উপাৰ্জনৰ বাবে পেট্ৰ’ল পাম্পত কৰিছিল কাম

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগোত এগৰাকী ভাৰতীয় ছাত্ৰক গুলীয়াই হত্যা কৰিছে দুৰ্বৃত্তই। পেট্ৰ’ল পাম্পত কৰ্মৰত অৱস্থাতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে ছাত্ৰগৰাকীক। ছাই তেজা নামৰ ছাত্ৰজনে এম বি এ অধ্যয়নৰ বাবে আমেৰিকালৈ গৈছিল আৰু অধ্যয়নৰ সমান্তৰালকৈ উপাৰ্জনৰ বাবে পেট্ৰ’ল পাম্পত কাম কৰিছিল।

আমেৰিকাত দুৰ্বৃত্তৰ গুলীত নিহত ভাৰতীয় ছাত্ৰঃ উপাৰ্জনৰ বাবে পেট্ৰ’ল পাম্পত কৰিছিল কাম

প্ৰতিনিধিত্বমূলক ছবি

Published: 

01 Dec 2024 14:39 PM

আমেৰিকা যুক্তৰাষ্ট্ৰত পুনৰ হত্যাৰ বলি হৈছে এগৰাকী ভাৰতীয় ছাত্ৰ। এক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছে ভাৰতীয় ছাত্ৰগৰাকীক। শুকুৰবাৰে নিশা এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। পেট্ৰ’ল পাম্পত কৰ্মৰত অৱস্থাতে ছাত্ৰগৰাকীক গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত সংঘটিত হৈছে এই ঘটনা। নিহত ছাত্ৰগৰাকীয়ে আমেৰিকাত এম বি এ কৰি আছিল বুলি জানিব পৰা গৈছে। চিকাগোস্থিত ভাৰতীয় কনছুলেট জেনেৰেলে এক টুইট যোগে এই ঘটনাৰ বিষয়ে সদৰী কৰিছে।

এই ঘটনাত নিহত ছাত্ৰগৰাকীক ছাই তেজা নুকাৰাপু বুলি চিনাক্ত কৰা হৈছে। ছাই তেজা তেলেংগানাৰ খাম্মাম জিলাৰ বাসিন্দা। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত এম বি এ ডিগ্ৰী গ্ৰহণৰ উদ্দেশ্যে আমেৰিকালৈ গৈছিল ছাত্ৰগৰাকী। শিক্ষা গ্ৰহণৰ সমান্তৰালকৈ ছাই তেজাই উপাৰ্জনৰ বাবে পাৰ্ট টাইমাৰ হিচাপে এটা পেট্ৰ’ল পাম্পত কাম কৰি আছিল। শুকুৰবাৰে নিশা কৰ্মৰত অৱস্থাতে দুৰ্বৃত্তই ছাই তেজাক গুলীয়াই হত্যা কৰে।

চিকাগোত থকা ভাৰতীয় কনছুলেট জেনেৰেলে এই ঘটনাৰ বিষয়ে প্ৰকাশ কৰি ঘওতনাৰ বাবে দোষ প্ৰকাশ কৰাৰ লগতে দোষীৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। কনছুলেট জেনেৰেলে লগতে নিহত ছাত্ৰজনৰ পৰিয়াললৈ সকলো সহায় আগবঢ়োৱা হ’ব বুলি আশ্বাস দিছে। ভাৰতীয় কনছুলেট জেনেৰেলৰ এই পোষ্টৰ প্ৰতি সঁহাৰি জনাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও ঘটনাৰ বাবে শোক প্ৰকাশ কৰিছে।

কনছুলেট জেনেৰেলৰ পোষ্ট ৰিটুইট কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে পৰিয়ালক সকলো সহায় আগবঢ়োৱাৰ আশ্বাস দিছে। ইফালে তেলেংগানাৰ বিধান পৰিষদৰ সদস্য তথা ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেতা মধুসুদন থাথাই শনিবাৰে নিহত ছাত্ৰগৰাকীৰ বাসগৃ্হত উপস্থিত হৈ পিতৃ-মাতৃক সাক্ষাৎ কৰে। পৰিয়ালক সাক্ষাৎ কৰাৰ পিছত মধুসুদন থাথাই জানিবলৈ দিয়া মতে এই ঘটনা সংঘটিত হোৱাৰ সময়ত ছাইৰ নিজা ডিউটি নাছিল।

এগৰাকী বন্ধুক সহায় কৰাৰ উদ্দেশ্যে ছাত্ৰগৰাকীয়ে নিজা ডিউটিৰ সময় নোহোৱাৰ পিছতো সেইসময়ত পেট্ৰ’ল পাম্পত আছিল। তেনে সময়তে দুৰ্বৃত্তই ছাই তেজাক গুলীয়াই হত্যা কৰে। বন্ধুক সহায় কৰিবলৈ কৰ্মস্থলীত থাকি ছাই তেজা এইদৰে মৃত্যুমুখত পৰা জানিব পাৰি দুখ পোৱা বুলি মন্তব্য কৰে ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেতাগৰাকীয়ে। এই ঘটনাত সহায়ৰ বাবে তেলেগু এছ’চিয়েশ্যন অৱ নৰ্থ আমেৰিকা (টানা)ৰ সদস্যসকলৰ সৈতে কথা পাতিছে বুলি মধুসুদন থাথাই লগতে জানিবলৈ দিয়ে।

যকৃত বিকল হ'লে চকু, হাত আৰু ভৰিত কি কি লক্ষণে দেখা দিয়ে? জানক...
এইসমূহ খাদ্য গ্ৰহণ কৰে নেকি? হ'ব পাৰে বৃক্ক পৰ্যন্ত বিকল...
ওলোটাকৈ খোজ কাঢ়িলে শৰীৰৰ কি কি লাভ হয়?
কোষ্ঠকাঠিন্যৰ সৈতে যুঁজি আছে নেকি? আজিয়েই এই প্ৰাকৃতিক ঘৰুৱা উপায় গ্ৰহণ কৰক