ৰাছিয়াৰ হৈ যুদ্ধ কৰিছিল এজন ২২ বছৰীয়া ভাৰতীয় যুৱকে, অৱশেষত বন্দী কৰিলে ইউক্ৰেইন সেনাই…

এজন ২২ বছৰীয়া ভাৰতীয় নাগৰিকক গ্ৰেপ্তাৰ কৰিছে ইউক্ৰেইন সেনাই। ইউক্ৰেইনৰ সেনাই দাবী কৰিছে যে, ভাৰতীয় নাগৰিকজনে ৰাছিয়াৰ সেনাৰ হৈ যুদ্ধত নামিছিল।

ৰাছিয়াৰ হৈ যুদ্ধ কৰিছিল এজন ২২ বছৰীয়া ভাৰতীয় যুৱকে, অৱশেষত বন্দী কৰিলে ইউক্ৰেইন সেনাই...
Published: 

08 Oct 2025 11:48 AM

মঙলবাৰে ইউক্ৰেইনৰ সেনাই এজন ২২ বছৰীয়া ভাৰতীয় নাগৰিকক গ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা কৰে। ইউক্ৰেইনৰ সেনাই দাবী কৰিছে যে, ভাৰতীয় নাগৰিকজনে ৰাছিয়াৰ সেনাৰ হৈ যুদ্ধত নামিছিল। ইউক্ৰেইনৰ সেনাৰ ৬৩ নং মেকানাইজড ব্ৰিগেডে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, গুজৰাটৰ মৰ্বিৰ নিবাসী মাজোতি চাহিল মহম্মদ হুছেইন নামৰ ছাত্ৰজন ৰাছিয়াৰ এখন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ গৈছিল।

ইণ্ডিয়ান এক্সপ্ৰেছৰ তথ্য অনুসৰি, ভাৰতীয় দূতাবাসে এই প্ৰতিবেদনৰ সত্যতাৰ তদন্ত কৰি আছে। খবৰ অনুসৰি ইউক্ৰেইনে এই সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাৱে ভাৰতক অৱগত কৰা নাই। ইউক্ৰেইনৰ সেনাই হুছেইনৰ এটা কথিত ভিডিঅ’ ক্লিপ প্ৰকাশ কৰিছে, য’ত তেওঁ কয় যে, তেওঁক ড্ৰাগছ সম্পৰ্কীয় অভিযোগত ৰাছিয়াৰ কাৰাগাৰত সাত বছৰৰ কাৰাদণ্ড বিহা হৈছিল।

ৰাছিয়ান ভাষাত তেওঁ কয় যে, তেওঁক অধিক শাস্তিৰ পৰা হাত সাৰিবলৈ ৰাছিয়ান সেনাৰ সৈতে চুক্তিবদ্ধ হোৱাৰ সুযোগ দিয়া হৈছিল। চাহিলে কয়, “মই জেলত থাকিব বিচৰা নাছিলো, গতিকে মই বিশেষ সামৰিক অভিযানৰ বাবে চুক্তিবদ্ধ হ’লোঁ। কিন্তু মই মাত্ৰ তাৰ পৰা ওলাই আহিব বিচাৰিছিলো।”

ইউক্ৰেইনে প্ৰকাশ কৰা এটা ভিডিঅ’ত চাহিলে কয় যে, ১৬ দিনৰ প্ৰশিক্ষণৰ অন্তত তেওঁক ১ অক্টোবৰত প্ৰথম যুদ্ধ অভিযানত পঠিওৱা হৈছিল, য’ত তেওঁ তিনিদিন আছিল। যুদ্ধৰ অন্তত তেওঁ ৬৩ নং মেকানাইজড ব্ৰিগেডৰ ইউক্ৰেইনৰ সৈন্যৰ ওচৰত আত্মসমৰ্পণ কৰে।

ভিডিঅ’টোত চাহিলে লগতে যে, তেওঁ ইউক্ৰেইনৰ সেনাবাহিনীক কয়, “মই যুঁজিব নিবিচাৰো। মোক সহায়ৰ প্ৰয়োজন… মই ৰাছিয়ালৈ উভতি যাব নিবিচাৰো। মই ইয়াত (ইউক্ৰেইনত) জেললৈ যোৱাটোৱেই ভাল পাম।” হুছেইনে লগতে দাবী কৰে যে, তেওঁক ৰাছিয়াৰ সেনাবাহিনীত যোগদান কৰিবলৈ ধনৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল, কিন্তু তেওঁ কেতিয়াও সেই ধন লাভ কৰা নাছিল।

ইয়াৰ পূৰ্বে ভাৰতকে ধৰি কেইবাখনো দেশৰ নাগৰিকক চাকৰি বা আন সুযোগৰ প্ৰতিশ্ৰুতিৰে ৰাছিয়ালৈ প্ৰলোভিত কৰি তাৰ পিছত সেনাবাহিনীত যোগদান কৰিবলৈ বাধ্য হোৱাৰ খবৰ ওলাইছে। চলিত বৰ্ষৰ জানুৱাৰী মাহত চৰকাৰে এনে ভাৰতীয়ৰ সংখ্যা ১২৬ জন বুলি জনাইছিল।চৰকাৰে প্ৰকাশ কৰিছিল যে, ইয়াৰে ৯৬ জন ব্যক্তি ভাৰতলৈ উভতি আহিছে, কমেও ১২ জন নিহত হৈছে আৰু ১৬ জন নিৰুদ্দেশ হৈছে।

বহি থকা অৱস্থাত ভৰি জোকাৰাটো অশুভ লক্ষণ নেকি? বাস্তু শাস্ত্ৰ, বিজ্ঞানৰ মতে জানক...
হেপাটাইটিছ B ৰ লক্ষণবোৰ কি কি? ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? জানক
ঋণৰ বোজাৰ পৰা পাব মুক্তি , ঘৰতে কৰক এই সহজ প্ৰতিকাৰ
কেঁচা আদা খালে কি হয়? ইয়াৰ স্বাস্থ্যৰ উপকাৰিতা জানক