8 October 2025
TV9 ASSAM
হেপাটাইটিছ A, B, C, D আৰু E ৰ ভিতৰত A আৰু E বেছিভাগেই সংক্ৰমিত পানী বা খাদ্যৰ জৰিয়তে বিয়পে।
আনহাতে হেপাটাইটিছ B, C আৰু D সংক্ৰমিত তেজ, বেজী বা যৌন সম্পৰ্কৰ দ্বাৰা বিয়পে। গতিকে সময়ে সময়ে স্বাস্থ্য পৰীক্ষা কৰি থাকিব লাগে।
প্ৰাৰম্ভিক পৰ্যায়ত ইয়াৰ লক্ষণসমূহ মৃদু হ’ব পাৰে, যেনে ভাগৰুৱা, ভোক কমি যোৱা, বমি, মৃদু জ্বৰ আৰু পেটৰ বিষ।
ৰোগ বাঢ়ি যোৱাৰ লগে লগে ছাল আৰু চকু হালধীয়া হোৱা, প্ৰস্ৰাৱ ক’লা হোৱা আৰু সঘনাই বমি হোৱা দেখা যায়।
সময়মতে চিকিৎসা নকৰিলে ই মাৰাত্মক হ’ব পাৰে। ইয়াক প্ৰতিৰোধ কৰিবলৈ পৰিষ্কাৰ আৰু গৰম কৰা পানী খাব লাগে।
সংক্ৰমিত লোকক ব্যৱহাৰ কৰা বেজী বা ব্লেড পুনৰ ব্যৱহাৰ নকৰিব। একেদৰে হেপাটাইটিছ B ৰ প্ৰতিষেধক গ্ৰহণ কৰক।
অসুৰক্ষিত যৌন সম্পৰ্ক পৰিহাৰ কৰক। মদ্যপান একেবাৰে পৰিহাৰ কৰক। লগতে স্বাস্থ্যসন্মত খাদ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিয়ক।
পঢ়িবলৈ ক্লিক কৰক