ভাৰতৰ মাটিৰ পৰা আঁতৰি যাওকঃ কাশ্মীৰ সন্দৰ্ভত পাকিস্তানক হুংকাৰ ভাৰতৰ….

ভাৰত-পাকিস্তানৰ মাজত পুনৰ গৰম হৈ উঠিছে কাশ্মীৰ বিষয়। পাকিস্তানক এটাৰ পাছত আন এটা হুংকাৰ প্ৰদান কৰিছে ভাৰতে। লগতে পাকিস্তানে দখল কৰি থকা কাশ্মীৰ এৰি যাবলৈ কৈছে।

ভাৰতৰ মাটিৰ পৰা আঁতৰি যাওকঃ কাশ্মীৰ সন্দৰ্ভত পাকিস্তানক হুংকাৰ ভাৰতৰ....

ভাৰত-পাকিস্তান

Updated On: 

20 Mar 2025 13:29 PM

পাকিস্তানক এটাৰ পাছত আনটো হুংকাৰ ভাৰতৰ। পুনৰ গৰম হৈ উঠিছে কাশ্মীৰ বিষয়। বছৰৰ পাছত বছৰ পাৰ হৈ গৈছ! কিন্তু আজিও ভাৰত-পাকিস্তানৰ মাজত বিভেদ কমা নাই। এটুকুৰা মাটিৰ বাবে স্বাধীন হোৱাৰ পাছৰ পৰাই দুয়োখন দেশে যুঁজ কৰি আহিছে। ইয়াৰ মাজতে বুধবাৰে কাশ্মীৰ সমস্য়াক লৈ পুনৰ উত্তপ্ত হৈ পৰে দেশ দুখন। কেৱল দুখন দেশৰ মাজতেই এই পৰিস্থিতি সীমাবদ্ধ নাথাকি বিশ্ব ৰাজনীতি স্পৰ্শ কৰিছে।

দেওবাৰে এক সাক্ষাৎকাৰৰ পৰাই আৰম্ভ হৈছিল সমগ্ৰ ঘটনা। সেইদিনা সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ প’ডকাষ্টাৰ লেক্স ফ্ৰাইডমেনৰ সৈতে এক প’ডকাষ্টত অংশ গ্ৰহণ কৰিছিল। সেই প’ডকাষ্টত মোদীয়ে পাকিস্তানৰ বিৰুদ্ধে বহু মন্তব্য কৰিছিল। মোদীয়ে  কৈছিল, পাকিস্তানৰ সৈতে কৰা সকলো শান্তি চুক্তি শেষত সন্ত্ৰাসবাদ আৰু বিশ্বাসঘাতকতালৈ ৰূপান্তৰিত হৈছে। কিন্তু আশা কৰোঁ তেওঁলোকৰ নেতৃত্বই সাধাৰণ জ্ঞান দেখুৱাব।

মোদীয়ে কৈছিল, মই লাহোৰ গৈছিল। যেতিয়া প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হও তেতিয়া শপত গ্ৰহণ অনুষ্ঠানত পাকিস্তান আমন্ত্ৰণ জনাইছিলো। এয়া আছিল এক ডাঙৰ কূটনৈতিক পদক্ষেপ তথা সম্পৰ্ক উন্নত কৰাৰ ইংগিত।  কিন্তু ইয়াৰ পৰিণাম আছিল নকৰাত্মক। আমি পাইছিলো বিশ্বাসঘাটকতা। পাকিস্তানৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে সমগ্ৰ বিশ্ব চিন্তিত বুলি মোদীয়ে কৈছিল।

মোদীৰ এই মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছিল পাকিস্তান।  প’ডকাষ্টটো প্ৰচাৰ হোৱাৰ ঠিক পিছদিনাখনেই পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্যক “বিভ্ৰান্তিকৰ আৰু এক পক্ষীয়” বুলি অভিহিত কৰি এক বিবৃতি প্ৰকাশ কৰে। সেই বিবৃতিত তেওঁলোকে আৰু অভিযোগ কৰে যে, “কাশ্মীৰ বিষয়ত আশ্বাস দিয়াৰ পিছতো ভাৰতে সেই অঞ্চলৰ পৰিস্থিতি শান্ত কৰাৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।”

এই বক্তব্যৰ পিছত দুয়োখন দেশৰ মাজত পৰিস্থিতি পুনৰ গৰম হৈ উঠিছে। মঙলবাৰে অনুষ্ঠিত হোৱা ৰাইচিনা আলোচনাত পাকিস্তানক তীব্ৰ সমালোচনা কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে পাকিস্তান অধিকৃত কাশ্মীৰৰ বিষয়টো উত্থাপন কৰে। তেওঁৰ কয়, “দ্বিতীয় বিশ্বযুদ্ধৰ পিছত যিকোনো দেশৰ ভিতৰত আটাইতকৈ দীৰ্ঘদিনীয়া অবৈধ বেছ কেম্প ভাৰতৰ কাশ্মীৰত।”

ইয়াৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে মুখ খোলে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে। তেওঁ কয় যে পাকিস্তানে সীমান্তৰ সিপাৰে সন্ত্ৰাসবাদক কেনেদৰে ব্যৱহাৰ কৰে আৰু সমৰ্থন কৰে সেয়া বিশ্বই ভালদৰেই জানে। আনকি দুয়োখন দেশৰ মাজত শান্তি অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰতো তেওঁলোক আটাইতকৈ ডাঙৰ বাধা। বছৰ বছৰ ধৰি অবৈধভাৱে দখল কৰি থকা ভাৰতীয় ভূখণ্ড এৰি যাব লাগে। গতিকে দুই দেশৰ মাজত পুনৰ গৰম হৈ উঠিছে কাশ্মীৰ বিষয়। পৰৱৰ্তী সময়ত ই কি ৰূপ লয় সেয়া হ’ব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ মই লাহোৰ গৈছিলো, পাকিস্তানক আমন্ত্ৰণ জনাইছিলো, কিন্তু পৰিণাম আছিল নকৰাত্মকঃ মোদী

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension