ট্ৰাম্প-পুটিনৰ মুখামুখি বৈঠকক আদৰণি জনাইছে ভাৰতে, ক’লে এইদৰে…

আলাস্কাত ১৫ আগষ্টত ৰাছিয়া আৰু আমেৰিকাৰ মাজত বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতে। লগতে দুই দেশৰ এই বৈঠকক আদৰণি জনাইছে ভাৰতে।

ট্ৰাম্প-পুটিনৰ মুখামুখি বৈঠকক আদৰণি জনাইছে ভাৰতে, কলে এইদৰে...
Published: 

10 Aug 2025 10:56 AM

ৰাছিয়া-আমেৰিকাৰ বৈঠকক আদৰণি জনাইছে ভাৰতে। শনিবাৰে এই কথা সদৰী কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে। আলাস্কাত ১৫ আগষ্টত ৰাছিয়া আৰু আমেৰিকাৰ মাজত বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতে। লগতে দুই দেশৰ এই বৈঠকক আদৰণি জনাইছে ভাৰতে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে, ইউক্ৰেইনৰ সৈতে ৰাছিয়াৰ বছৰ বছৰ ধৰি চলি থকা সংঘাতৰ অন্ত পেলোৱাৰ বাবে এই বৈঠক প্ৰয়োজনীয়। ইয়াৰ উপৰিও ইয়াৰ লক্ষ্য হৈছে শান্তিৰ বাবে সকলো সম্ভাৱ্য পথ মুকলি কৰা। বিগত সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বাৰে বাৰে কৈছিল যে, ‘এয়া যুদ্ধৰ সময় নহয়’।

ভাৰতৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত আমেৰিকা আৰু ৰাছিয়া তুলাচালনীৰ দৰে। এফালে বোজা বাঢ়িলে আনটো ফাল দ্ৰুতগতিত ওপৰলৈ উঠি যায় । উদাহৰণস্বৰূপে, আমেৰিকাৰ শুল্কৰ বাবে ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্কই গুৰুত্ব লাভ কৰিছে। আৰু সেই পৰিৱেশত নতুন দিল্লীয়ে বৈঠকৰ সমৰ্থনত এক বিবৃতি প্ৰকাশ কৰে।

মন কৰিবলগীয়া যে, শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজেই ঘোষণা কৰিছিল যে, তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে আলাস্কাত বৈঠকত মিলিত হ’ব। আলোচনাৰ কেন্দ্ৰবিন্দু আছিল ইউক্ৰেইনৰ যুদ্ধ আৰু ৰাছিয়াৰ ওচৰত প্ৰস্তাৱ দিয়া কিছুমান চুক্তি।

লক্ষণীয় কথাটো হ’ল, ৰাছিয়াৰ বিষয়াই যিদিনা এই বৈঠকক প্ৰথম বিশ্বৰ দৃষ্টিগোচৰ কৰিছিল। আৰু সেইদিনা সম্ভাৱ্য বৈঠকৰ কাৰ্যসূচী ঘোষণা কৰাৰ পিছত ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাজনে ঘোষণা কৰিছিল যে পুটিনে ভাৰত ভ্ৰমণ কৰিব। যিদিনা ট্ৰাম্পে তাৰিখ আৰু সময় ঘোষণা কৰিছিল। তাৰ কিছু সময়ৰ পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কথা পাতিছিল।

সূত্ৰই জনোৱা মতে, ভাৰতো কৌশলগতভাৱে ক’ৰবাত এই দ্বিপাক্ষিক বৈঠকৰ পৰোক্ষ অংশ হৈ পৰিছে। আৰু এইটোৱেই হৈছে ট্ৰাম্পৰ শুল্কৰ বিৰুদ্ধে ‘যুদ্ধ’ কৰাৰ উপায়।

দৰিদ্ৰ হৈ পৰিব আপুনি! আজিয়েই ঘৰৰ পৰা আঁতৰ কৰক এইবোৰ সামগ্ৰী...
ছালৰ সমস্যাৰ আঁৰতো আছে টোপনিৰ সম্পৰ্ক! হয়তো পূৰ্বে জনা নাছিল এনে তথ্য
ইউৰিক এচিড বৃদ্ধি হ’লে খাব নালাগে এইবোৰ খাদ্য, জানক চিকিৎসকৰ পৰা...
পাকঘৰত নিমখ আৰু হালধি একেলগে ৰখাটো শুভ নে অশুভ? বাস্তু শাস্ত্ৰই কি কয় চাওক...