ইফালে পাকিস্তানৰ ওপৰত প্ৰতিশোধ, আনফালে বাংলাদেশৰ বিৰুদ্ধে ডাঙৰ পদক্ষেপ ল’লে ভাৰতে

পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে ভাৰত বিৰোধী অপপ্ৰচাৰৰ বাবে বাংলাদেশৰ চাৰিটা নিউজ চেনেল - যমুনা টিভি, এক্টৰ টিভি, বাংলাভিছন আৰু মোহনা টিভি নিষিদ্ধ কৰিলে ভাৰতে। এই চেনেলসমূহ ইউটিউবত ব্লক কৰা হৈছে আৰু বাংলাদেশৰ পৰাও আঁতৰোৱা হ’ব পাৰে।

ইফালে পাকিস্তানৰ ওপৰত প্ৰতিশোধ, আনফালে বাংলাদেশৰ বিৰুদ্ধে ডাঙৰ পদক্ষেপ ললে ভাৰতে

মহম্মদ ইউনুছ

Updated On: 

10 May 2025 14:02 PM

পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধমূলক ব্যৱস্থাৰ মাজতে ভাৰতে বাংলাদেশৰ বিৰুদ্ধেও গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা। ভাৰতৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ বাবে ৪টা বাংলাদেশী সংবাদ মাধ্যমৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই প্ৰকাশ বাংলাদেশী সংবাদ মাধ্যমে নিজেই কৰিছে। ভাৰতৰ এই কাৰ্যত স্তম্ভিত হৈ পৰিছে বাংলাদেশ। ঢাকা ট্ৰিবিউনৰ তথ্য অনুসৰি ভাৰতত বাংলাদেশৰ ৪টা নিউজ চেনেল বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। বন্ধ কৰাৰ সিদ্ধান্ত লোৱা চেনেলসমূহৰ ভিতৰত আছে যমুনা টিভি, এক্টৰ টিভি, বাংলাভিছন আৰু মোহনা টিভি। এই সপ্তাহত ভাৰতে বাংলাদেশক দিলে আন এক আঘাত । উল্লেখ্য যে ভাৰতে দুদিন পূৰ্বে সীমান্ত পাৰ হৈ ১২৩জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক উভতাই পঠিয়াইছিল।

অপপ্ৰচাৰৰ অভিযোগ

এই চেনেলকেইটাই যুদ্ধৰ সময়ত ভাৰতৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছিল, তাৰ পিছত ভাৰতে ইউটিউবক এই চেনেলসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ কয়। ভাৰতৰ পৰা এই নিৰ্দেশ পোৱাৰ লগে লগে ইউটিউবে এই চেনেলসমূহৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে। তদন্তৰ সময়ত এই চেনেলবোৰে ভাৰতৰ বিৰুদ্ধে ভুৱা বাতৰি প্ৰচাৰ কৰাৰ তথ্য লাভ কৰে কৰে।

ইতিমধ্যে ইউটিউবৰ পৰা এই চেনেলবোৰলৈ জাননী প্ৰেৰণ কৰা হৈছে। কোৱা হৈছে যে সঠিক উত্তৰ নাপালে বাংলাদেশটো এই চেনেলকেইটা বন্ধ কৰা হ’ব পাৰে। এই ৪টা চেনেলৰ উপৰিও বাংলাদেশৰ আন ৩৪টা সংবাদ মাধ্যমৰ প্ৰতিষ্ঠানৰ ওপৰটো তদন্ত কৰা হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। এই বাংলাদেশী চেনেলসমূহ নিষিদ্ধ কৰাৰ পূৰ্বে ভাৰতে ইউটিউবত ১৬টা পাকিস্তানী নিউজ চেনেল বন্ধ কৰিছিল।

ভাৰত আৰু পাকিস্তানৰ উত্তেজনাক লৈ কোনো স্থিতি প্ৰকাশ কৰা নাই বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে। এতিয়ালৈকে বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কোনো বিবৃতি প্ৰকাশ কৰা নাই।  ইউনুছ গোটেই বিষয়টোত নিৰীক্ষণ হে কৰি আছে। ভাৰত আৰু পাকিস্তানৰ মাজত থকা উত্তেজনাৰ মাজতে নিশ্চিতভাৱে কিছু পদক্ষেপ লৈছে ইউনুছৰ চৰকাৰে,  সীমান্ত অঞ্চলত সামৰিক নিৰাপত্তা অধিক শক্তিশালী কৰিছে ইউনুছৰ চৰকাৰে । একে সময়তে হিন্দুৰ ওপৰত যাতে কোনো ধৰণৰ আক্ৰমণ নহয় তাৰ বাবে চৰকাৰী আদেশ জাৰি কৰা হৈছে। বাংলাদেশত হিন্দুৰ সুৰক্ষা ডাঙৰ বিষয় হৈ পৰিছে।

অনবৰতে হামিয়াই থকাটো কিহৰ লক্ষণ জানেনে?
শিৱক অৰ্পন কৰক এই বস্তু! পূৰণ হ'ব মনৰ সকলো কামনা...
শাওনৰ সোমবাৰত ভুলতো নকৰিব এই কাম! শিৱ হ'ব অসন্তুষ্ট...
ডিম্বাশয়ত কৰ্কট ৰোগ হ'লে প্ৰথমতে দেখা দিয়ে এইসমূহ লক্ষণ! আওকান নকৰিব