AWACS ৰ ওপৰত পাকিস্তানৰ আছিল বিশ্বাস! পিছে ভাৰতীয় বায়ু সেনাই কৰিলে ধ্বংস…

AWACS হৈছে এখন বিশেষ বিমান। ইয়াৰ ছাঁদত বৃহৎ ঘূৰণীয়া ৰাডাৰ স্থাপন আছে। এই ৰাডাৰটোৱে ৩৬০ ডিগ্ৰীত ঘূৰিব পাৰে আৰু শ শ কিলোমিটাৰ দূৰত্বত শত্ৰুৰ বিমান, ড্ৰ’ন, মিছাইল আদি কাৰ্যকালপ ধৰা পেলাব পাৰে।

AWACS ৰ ওপৰত পাকিস্তানৰ আছিল বিশ্বাস! পিছে ভাৰতীয় বায়ু সেনাই কৰিলে ধ্বংস...

প্ৰতীকি ফটো

Published: 

09 May 2025 01:07 AM

জম্মু, জয়ছালমেৰ, পাঠানকোটকে ধৰি ভাৰতৰ কেইবাটাও স্থানত পাকিস্তানৰ আক্ৰমণ বিফল কৰাৰ পাছত ভাৰতে ইয়াৰ প্ৰত্যাক্ৰমণ কৰে। প্ৰতিশোধমূল কাৰ্য হিচাপে ভাৰতে পাকিস্তানৰ ছিয়ালকোট, পেছাৱৰ, বাজৱাট ছেক্টৰ আৰু লাহোৰত আক্ৰমণ চলায়। ভাৰতৰ বিভিন্ন স্থানত পাকিস্তানে ড্ৰ’ন আৰু মিছাইল আক্ৰমণ কৰাৰ পাছত ভাৰতে আক্ৰমণ কৰে।

ভাৰতৰ আক্ৰমণত যথেষ্ঠ লোকচানৰ সন্মুখীন হৈছে পাকিস্তান। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভাৰতীয় বায়ুসেনাই সামৰিক কাৰ্যত চাৰিখন যুদ্ধ বিমানৰ লগতে AWACS (Airborne Warning and Control System)কে ধৰি পাকিস্তানৰ সমগ্ৰ এয়াৰ ডিফেন্স চিষ্টেম ধ্বংস কৰে। উল্লেখ কৰা প্ৰয়োজন যে, যিকোনো দেশৰ বিমান সুৰক্ষাৰ বাবে AWACS এক অতি গুৰুত্বপূৰ্ণ অংশ। এই বিমানখন অত্যাধুনিক ৰাডাৰ আৰু যোগাযোগ ব্যৱস্থাৰে সজ্জিত। ই শত্ৰুৰ বিমানৰ কাৰ্যকালাপৰ ওপৰত ২৪ ঘন্টাই চকু ৰাখে আৰু যুদ্ধৰ সময়ত যুদ্ধ বিমানক কৌশলগত পথ প্ৰদৰ্শন কৰে।

AWACS কি

AWACS হৈছে এখন বিশেষ বিমান। ইয়াৰ ছাঁদত বৃহৎ ঘূৰণীয়া ৰাডাৰ স্থাপন আছে। এই ৰাডাৰটোৱে ৩৬০ ডিগ্ৰীত ঘূৰিব পাৰে আৰু শ শ কিলোমিটাৰ দূৰত্বত শত্ৰুৰ বিমান, ড্ৰ’ন, মিছাইল আদি কাৰ্যকালপ ধৰা পেলাব পাৰে। এক প্ৰকাৰ ই এখন দেশক সুৰক্ষা প্ৰদান কৰে।

AWACS এ কেৱল চোৰাংচোৱাগিৰি কৰাই নহয়, যুদ্ধৰ সময়ত বিমানখনে অন্য যুঁজাৰু বিমানক নিৰ্দেশনা প্ৰেৰণ কৰে। ই শত্ৰুৰ চিগনেল, ৰাডাৰৰ গতিবিধ ডিকোড কৰে আৰু সমগ্ৰ বিমান অভিযানৰ সমন্বয় সাধন কৰে। ইয়াৰ সহায়ত যুঁজাৰু বিমানে কেতিয়া, ক’ত আৰু কেনেকৈ আক্ৰমণ কৰিব সেইটো নিৰ্ণয় কৰে।

এজন সামৰিক বিশেষজ্ঞৰ মতে, ইয়াৰ ক্ষতি সাধন পাকিস্তানৰ আকাশী কমাণ্ড আৰু কন্ট্ৰোল চিষ্টেমৰ বাবে এক ডাঙৰ আঘাত। ইয়াৰ বাবে বায়ুসেনাৰ চোৰাংচোৱা আৰু সঁহাৰি দিয়াৰ ক্ষমতাত যথেষ্ঠ প্ৰভাৱ পেলাব।

 

অন্য খবৰ পঢ়কঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপত ভয়ংকৰ বিস্ফোৰণ, বাংকাৰত সোমাল শ্বাহবাজ শ্বৰীফ…

প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা বা বিষ হয় নেকি? হ’ব পাৰে এনে স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ
আপোনাৰ ভোক কমি গৈছে নেকি? ই কি কি ৰোগৰ ইংগিত দিব পাৰে...
আপোনাৰ শোৱা কোঠাটো কেনেকুৱা হ’ব লাগে? বাস্তুত কি কোৱা হৈছে ?
নালাগে জিম যাব! এই ৫ বিধ ঘৰুৱা পানীয়ই কম কৰিব পেটৰ চৰ্বি...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা