India-pakistan News: ভাৰত-পাকিস্তানৰ আক্ৰমণ! ১ মিনিটত পঢ়ক ১০ টা ডাঙৰ আপডেট…

India-pak news: বৃহস্পতিবাৰে পাকিস্তানে ভাৰতৰ কেইবাখনো ঠাইত ড্ৰ'ন আৰু মিছাইল আক্ৰমণৰ চেষ্টা চলাই, যি ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ধ্বংস কৰি পেলায়। ইয়াৰ পাছতে ভাৰতে কৰে প্ৰত্যাক্ৰমণ।

India-pakistan News: ভাৰত-পাকিস্তানৰ আক্ৰমণ! ১ মিনিটত পঢ়ক ১০ টা ডাঙৰ আপডেট...

প্ৰতীকী ছবি

barasha-sarma
Published: 

09 May 2025 01:25 AM

অব্যাহত আছে ভাৰত-পাকিস্তানৰ মাজত সংঘাত। বৃহস্পতিবাৰে পাকিস্তানে ভাৰতৰ কেইবাখনো ঠাইত ড্ৰ’ন আৰু মিছাইল আক্ৰমণৰ চেষ্টা চলাই, যি ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ধ্বংস কৰি পেলায়। ইয়াৰ পাছতে ভাৰতে প্ৰতিশোধমূলক প্ৰত্যাক্ৰমণ চলাই পাকিস্তানৰ কেইবাখনো চহৰত মিছাইল নিক্ষেপ কৰে। ইফালে ভাৰতীয় নৌ সেনাইও কৰে আক্ৰমণ।  ভাৰত-পাকিস্তানৰ আক্ৰমণৰ ১০ টা ডাঙৰ খবৰ তলত উল্লেখ কৰা হ’ল-

  1. পাকিস্তানে ভাৰতৰ জম্মু, ৰাজস্থান আৰু পঞ্জাবলৈ মিছাইল আৰু ড্ৰন নিক্ষেপ কৰে। কিন্তু পাকিস্তানৰ এনে কাৰ্য ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ব্যৰ্থ কৰে।
  2. প্ৰত্যাক্ৰমণ স্বৰূপে ভাৰতে পাকিস্তানৰ লাহোৰ, ইছলামাবাদ, কৰাচী, ছিয়ালকোট, বহাবলপুৰ. পেছাৱৰ, কোটকী (পিঅকে)ত সামৰিক কাৰ্য চলায়।
  3. পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ বাসগৃহৰ ২০ কিলোমিটাৰ আঁতৰত বিস্ফোৰণ হয়। লগে লগে শ্বৰীফ বাংকাৰৰ ভিতৰত আশ্ৰয় লয় বুলি জানিব পৰা গৈছে।
  4.   ভাৰতে পাকিস্তানৰ ২খন যুদ্ধ জাহাজ, মিছাইল, ড্ৰন আৰু AWACS ব্যৱস্থাক ধ্বংস কৰে। ইয়াৰ পাছতে পাকিস্তানৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে।
  5. ভাৰতীয় নৌ সেনাই চলাই আক্ৰমণ। আৰৱ সাগৰৰ পৰা আই এন এছ বিক্ৰান্তে কৰাচী আৰু অৰমৰা বন্দৰত আক্ৰমণ চলায়। ইয়াৰ ফলত বন্দৰ কেইটাৰ বিস্তৰ ক্ষতিসাধন হয়।
  6. পুঞ্চত যুদ্ধবিৰতি উলংঘা কৰিছে পাকিস্তানে। সীমান্তৰ সিপাৰৰ পৰা প্ৰচণ্ড গোলাবৰ্ষণ কৰা হৈছে। পাকিস্তানে অহৰহ লক্ষ্য কৰি লৈছে সাধাৰণ নাগৰিকক। ভাৰতীয় সেনাই ইয়াৰ প্ৰত্যুত্তৰ দিছে।
  7. ভাৰত-পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে বেলুচিস্তানত পাকিস্তানী সেনাক আক্ৰমণ বিএলএই। খবৰ অনুসপি বেলুচ আৰ্মীয়ে গেছ পাইপলাইন উৰুৱাই দিছে।
  8. জম্মু-কাশ্মীৰৰ উৰি খণ্ডত যুদ্ধবিৰতি উলংঘা কৰিছে পাকিস্তানে। সীমান্তৰ সিপাৰৰ পৰা প্ৰচণ্ড গোলাবৰ্ষণ কৰা হৈছে। আৱাসিক স্থানতো লক্ষ্য কৰি লৈছে। এই গুলীচালনাৰ বাবেই উৰিৰ এটা স্থানত অগ্নিকাণ্ড সংঘটিত হয়।
  9. পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ ল’লে ভাৰতে। ইয়াৰ ফলত সীমান্তত আতংক আৰু বিশৃংখলতাৰ সৃষ্টি হৈছে। ভাৰতে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ লগতে সীমান্তৰ বাবেও সবল ব্যৱস্থা কৰিছে। ইয়াৰ অধীনত ইণ্ডিয়া গেট সম্পূৰ্ণৰূপে খালী কৰা হৈছে। ইণ্ডিয়া গেটৰ আশে-পাশে কাকো থাকিবলৈ দিয়া হোৱা নাই।
  10. জম্মু-কাশ্মীৰত বৈষ্ণো দেৱীক আক্ৰমণৰ চেষ্টা পাকিস্তানৰ। আজি পুৱা পাকিস্তানে পঞ্জাৱৰ স্বৰ্ণ মন্দিৰত আক্ৰমণৰ চেষ্টা চলাইছিল। ইয়াৰ পাছতে এতিয়া বৈষ্ণো দেৱী মন্দিৰত আক্ৰমণৰ চেষ্টা চলায়।

 

অন্য খবৰ পঢ়কঃ AWACS ৰ ওপৰত পাকিস্তানৰ আছিল বিশ্বাস! পিছে ভাৰতীয় বায়ু সেনাই কৰিলে ধ্বংস…

প্ৰ’ষ্টেট কৰ্কট ৰোগীয়ে সঘনাই প্ৰস্ৰাৱৰ অনুভৱ কৰে, কিদৰে থাকিব সাৱধান?
Dhanteras 2025: ধনতেৰাচত কি কি বস্তু কিনিলে শুভ ফল পোৱা যায়
পাকঘৰৰ এই ৫ বস্তু হ'ব পাৰে হৃদযন্ত্ৰৰ সমস্যাৰ মূল কাৰণ! জানক...
ছালত দেখা দিছে নেকি এই লক্ষণ? হ'ব পাৰে এই ডাঙৰ সমস্যাৰ সংকেত...