বিচৰাই নাছিল নোবেল! শান্তিৰ নোবেল ঘোষণাৰ পিছতে সুৰ সলনি ট্ৰাম্পৰ, মাচাদোক লৈ কৰিলে এনে মন্তব্য

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া মাচোদোৱে লাভ কৰে ২০২৫ বৰ্ষৰ শান্তিৰ নোবেল বঁটা। ইয়াৰ পিছতে অৱশ্যে ট্ৰাম্পে নিজা সুৰ সলনি কৰা পৰিলক্ষিত হৈছে। ট্ৰাম্পে এতিয়া নোবেল বিচৰাই নাছিল বুলিহে উল্লেখ কৰিছে।

বিচৰাই নাছিল নোবেল! শান্তিৰ নোবেল ঘোষণাৰ পিছতে সুৰ সলনি ট্ৰাম্পৰ, মাচাদোক লৈ কৰিলে এনে মন্তব্য

ড’নাল্ড ট্ৰাম্প

Updated On: 

11 Oct 2025 11:44 AM

বিগত কিছুদিন ধৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মুখত প্ৰায়ে শুনা গৈছিল শান্তিৰ নোবেল লাভৰ দাবী। কেইবাখনো যুদ্ধ বন্ধ কৰা বুলি দাবী কৰি নিজকে শান্তিৰ নোবেলৰ দাবীদাৰ হিচাপে প্ৰক্ষেপ কৰি আহিছিল মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। পিছে শুকুৰবাৰে ৰয়েল ছুইডিছ একাডেমী অফ চায়েঞ্চে শান্তিৰ নোবেল বিজয়ীৰ নাম ঘোষণা কৰাৰ লগে লগে আশা ভংগ হয় ট্ৰাম্পৰ। তেওঁৰ পৰিৱৰ্তে ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া মাচোদোৱে লাভ কৰে ২০২৫ বৰ্ষৰ শান্তিৰ নোবেল বঁটা।

ইয়াৰ পিছতে অৱশ্যে ট্ৰাম্পে নিজা সুৰ সলনি কৰা পৰিলক্ষিত হৈছে। ট্ৰাম্পে এতিয়া নোবেল বিচৰাই নাছিল বুলিহে উল্লেখ কৰিছে। হোৱাইট হাউছত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে উল্লেখ কৰা মতে নোবেল তেওঁক দিব লাগে বুলি কেতিয়াও কোৱা নাছিল। অৱশ্যে তেওঁক নোবেল দিয়া হ’ব বুলিও আশা কৰিছিল ট্ৰাম্পে।

ইফালে নোবেল জয়ৰ পিছতে মাৰিয়া মাচোদোৱে তেওঁক ফোন কৰা বুলি ট্ৰাম্পে জানিবলৈ দিছে। ট্ৰাম্পে উল্লেখ কৰা মতে, মাচাদোৱে তেওঁৰ হৈয়ে এই সন্মান গ্ৰহণ কৰা বুলি ফোনত কৈছে। লগতে ট্ৰাম্প সঁচাকৈয়ে এই সন্মানৰ যোগ্য বুলি মাচাদোৱে ফোনত কোৱা বুলিও ট্ৰাম্পে সাংবাদিকৰ আগত উল্লেখ কৰে।

মাচাদোক বহুদিনৰ পৰা সহায় কৰি অহা বুলিও ট্ৰাম্পে লগতে কয়। ট্ৰাম্পে কয়, “দুৰ্যোগৰ সময়ত তেওঁলোকক ভেনিজুৱেলাত সহায়ৰ প্ৰয়োজন আছিল। মই সুখী যে মই লাখ লাখ লোকৰ জীৱন ৰক্ষা কৰিলো।” মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে এতিয়া নোবেল বিচৰা নাই বুলি উল্লেখ কৰিলেও অৱশ্যে তেওঁ নিজকে শান্তিৰ নোবেল বঁটাৰ যোগ্য বুলি বহুবাৰ দাবী কৰিছিল।

উল্লেখ্য যে শুকুৰবাৰে শান্তিৰ নোবেল বঁটা লাভ কৰাৰ পিছতে মাৰিয়া মাচোদোৱে ভেনিজুৱেলাৰ জনসাধাৰণ আৰু দেশখনৰ গণতন্ত্ৰ সমৰ্থক আন্দোলনৰ প্ৰতি ট্ৰাম্পৰ সমৰ্থনৰ কথা দোহাৰি মাৰ্কিন ৰাষ্ট্ৰপতিৰাকীৰ নামত শান্তিৰ নোবেল বঁটা উৎসৰ্গা কৰাৰ কথা ঘোষণা কৰে। তেওঁ লগতে দেশৰ গণতন্ত্ৰ ৰক্ষাৰ যুঁজত বিজয়ৰ দুৱাৰমুখত থকা বুলিও দাবী কৰে।

মাৰিয়া মাচাদোৱে কয়, “আমি বিজয়ৰ দুৱাৰমুখত আছো। আজি আমি ৰাষ্ট্ৰপতি ট্ৰাম্প, আমেৰিকাৰ জনসাধাৰণ, লেটিন আমেৰিকাৰ জনসাধাৰণ, আৰু বিশ্বৰ গণতান্ত্ৰিক দেশসমূহক স্বাধীনতা আৰু গণতন্ত্ৰ লাভৰ ক্ষেত্ৰত আমাৰ মূল মিত্ৰ হিচাপে গণ্য কৰিছো।”

অনিয়মিত ঋতুস্ৰাৱৰ পৰা পৰিত্ৰাণ পাবলৈ কৰক এই কাম...
দীপাৱলীত বিৰল সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!
এই লক্ষণবোৰ আওকাণ নকৰিব, কিডনী দুৰ্বল হ'লে চকুৰ কি কি সমস্যা হয়? জানক
সুস্থ মন এটাৰ বাবে মানসিক চাপ নিয়ন্ত্ৰণ কৰাৰ টিপছ জানক