“মোৰ কিমান ভাই-ভনী আছে নাজানো”, মাস্কৰ কন্যাৰ বিস্ফোৰক ভাষ্য…

শেহতীয়াকৈ ইলন মাস্কৰ ট্ৰেন্স কন্যা ভিভিয়ান জেনা উইলছনে এক সাক্ষাৎকাৰত নিজৰ দেউতাক ইলন মাস্কৰ সৈতে কেনে সম্পৰ্ক সেই সন্দৰ্ভত বহুখিনি কথা প্ৰকাশ কৰিছে । ভিভিয়ান উইলছন হৈছে ইলন মাস্ক আৰু তেওঁৰ প্ৰাক্তন পত্নী জাষ্টিন উইলছনৰ প্ৰথম সন্তান।

মোৰ কিমান ভাই-ভনী আছে নাজানো, মাস্কৰ কন্যাৰ বিস্ফোৰক ভাষ্য...

ইলন মাস্কৰ ট্ৰেন্স কন্যা ভিভিয়ান উইলছন

Published: 

22 Mar 2025 | 12:42 PM

বিশ্বৰ আগশাৰীৰ পুঁজিপতি ইলন মাস্কে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে । শেহতীয়াকৈ ইলন মাস্কৰ ট্ৰেন্স কন্যা ভিভিয়ান জেনা উইলছনে এক সাক্ষাৎকাৰত নিজৰ দেউতাক ইলন মাস্কৰ সৈতে কেনে সম্পৰ্ক সেই সন্দৰ্ভত বহুখিনি কথা প্ৰকাশ কৰিছে । এই সাক্ষাৎকাৰত ভিভিয়ানে কয় যে, পিতৃ মাস্কৰ সৈতে বৰ্তমান তেওঁৰ সম্পৰ্ক কেনেকুৱা ? ভিভিয়ান উইলছন হৈছে ইলন মাস্ক আৰু তেওঁৰ প্ৰাক্তন পত্নী জাষ্টিন উইলছনৰ প্ৰথম সন্তান। ২০০৪ চনত জন্মগ্ৰহণ কৰা ভিভিয়ান জন্মৰ সময়ত ল’ৰা আছিল। তেওঁৰ নাম আছিল জেভিয়াৰ মাস্ক। ২০২২ চনত ভিভিয়ানে আইনগতভাৱে তেওঁৰ লিংগ আৰু নাম সলনি কৰে।

বৰ্তমান ভিভিয়ান জাপানৰ টকিঅ’ত থাকে। Teen Vogue ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মাস্কৰ পৰিয়ালৰ সন্দৰ্ভত কেইবাটাও বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে ভিভিয়ানে। ভিভিয়ানৰ বয়স বৰ্তমান ২০ বছৰ। পিতৃ মাস্কৰ সৈতে ভিভিয়ানৰ বৰ ঘনিষ্ঠ সম্পৰ্ক নাই। সাক্ষাৎকাৰত তেওঁ কয় যে, তেওঁ ইলন মাস্কৰ ওপৰত আৰ্থিকভাৱে নিৰ্ভৰশীল নহয়। তেওঁ কয় যে, যোৱা ৫ বছৰত তেওঁ মাস্কৰ সৈতে কথা পতা নাই আৰু লগতে কোনো ধৰণৰ যোগাযোগ ৰক্ষা কৰিবলৈ চেষ্টা কৰা নাই ।

ভিভিয়ানে ইলন মাস্ক আৰু তেওঁৰ সন্তানৰ কথা উল্লেখ কৰি কয় যে, “সঁচাকৈয়ে মই নাজানো মোৰ কিমান ভাই-ভনী আছে।” লগতে তেওঁ কয় যে, তেওঁৰ নিজৰ পৰিয়ালৰ কোনো তথ্য নাই। ইলন মাস্কৰ সন্তান হোৱাৰ কথা যেনেকৈ গোটেই বিশ্বই জানিব পাৰে, ঠিক তেনেদৰে তেওঁ ছ’চিয়েল মিডিয়া আৰু বাতৰিৰ জৰিয়তেহে এই বিষয়ে জানে । দেউতাক পৃথিৱীৰ অন্যতম প্ৰভাৱশালী উদ্য়োগপতি হোৱাৰ পাছতো ভিভিয়ানে তেওঁৰ লগত কোনো সম্পৰ্ক ৰক্ষা কৰিব নিবিচাৰে বুলিও উল্লেখ কৰিছে ভিভিয়ানে।

কন্যা ভিভিয়ান আৰু পিতৃ মাস্কৰ সম্পৰ্কৰ মাজত ইমানেই দূৰত্ব যে, ভিভিয়ানে তেওঁৰ ছ’চিয়েল মিডিয়া ফিডৰ পৰা মাস্কৰ বিষয়ে তথ্য লাভ কৰে। ভিভিয়ানে কেৱল আমেৰিকা এৰি যোৱাই নহয়, পিতৃৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সো ব্যৱহাৰ নকৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...