ক’ত আছে হাফিজ ছাইদ? যাৰ মূৰৰ দাম এক কোটি ডলাৰ নিৰ্ধাৰণ কৰিছিল আমেৰিকাই

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা হাফিজে আত্মগোপন কৰি আছে। সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ মুৰব্বী হাফিজৰ বিৰুদ্ধে ভাৰতত সন্ত্ৰাস বিয়পোৱাৰ অভিযোগ উত্থাপন হৈছে।

কত আছে হাফিজ ছাইদ? যাৰ মূৰৰ দাম এক কোটি ডলাৰ নিৰ্ধাৰণ কৰিছিল আমেৰিকাই

হাফিজ ছাইদ

Published: 

07 Jul 2025 13:51 PM

হাফিজ ছাইদ, সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ মুৰব্বী এইগৰাকী নেতাৰ সন্ধান বিচাৰি ফুৰিছে ভাৰতৰ লগতে আমেৰিকায়ো। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে হাফিজৰ সংগঠন লস্কৰ-ই-তৈবা জড়িত থকাৰ কথা পোহৰলৈ আহিছিল।

হাফিজৰ প্ৰত্যাৰ্পণ সন্দৰ্ভত পাক নেতা বিলোৱাল ভুট্টোৱে দিয়া বক্তব্যৰ পিছত প্ৰশ্ন উত্থাপন হৈছে যে সন্ত্ৰাসবাদী হাফিজ ছাইদ ক’ত আছে? জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা হাফিজে আত্মগোপন কৰি আছে। সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ মুৰব্বী হাফিজৰ বিৰুদ্ধে ভাৰতত সন্ত্ৰাস বিয়পোৱাৰ অভিযোগ উত্থাপন হৈছে।

পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ মুৰিডকে হাফিজৰ ঘাটি বুলি গণ্য কৰা হয় যদিও অপাৰেচন সেন্দূৰৰ পিছত ইয়াত কোনো কাৰ্যকলাপ পৰিলক্ষিত হোৱা নাই। পাকিস্তানৰ চৰকাৰী বিষয়াই এই অঞ্চল নিয়ন্ত্ৰণ কৰি আছে।

ক’ত লুকাই আছে হাফিজ ছাইদ, ৩টা বক্তব্য

  • ১২ মে’ত অপাৰেচন সেন্দূৰৰ সময়ত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে বিবিচি উৰ্দুক সাক্ষাৎকাৰ দিছিল। খোৱাজাৰ মতে, আগতে পাকিস্তানত সন্ত্ৰাসবাদীয়ে ঘাটি পাতিছিল। ইয়াৰ চৰকাৰে আমেৰিকা আৰু ইউৰোপৰ নিৰ্দেশত সন্ত্ৰাসবাদীক সমৰ্থন কৰিছিল যদিও এতিয়া পাকিস্তানত এজনো সন্ত্ৰাসবাদী নাই। খোৱাজাই কয়, “মই নিশ্চিতভাৱে ক’ব পাৰো যে এই সময়ত পাকিস্তানত এজনো সন্ত্ৰাসবাদী নাই।”
  • ২০২৫ চনৰ ৫ জুলাইত আল জাজিৰাক দিয়া এক সাক্ষাৎকাৰত পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী তথা সাংসদ বিলোৱাল ভুট্টো জৰ্দাৰীয়ে কয়, “মই নাজানো বৰ্তমান হাফিজ ছাইদ ক’ত আছে। মই ভাবো হাফিজ হয়তো এতিয়া আফগানিস্তানত আছে। আফগানিস্তান পাকিস্তানৰ চুবুৰীয়া দেশ। দুয়োৰে মাজৰ সীমা প্ৰায় ২৬০০ কিলোমিটাৰ।”
  • হাফিজ ছাইদৰ পুত্ৰ তালহা ছাইদে ৬ জুলাইত দেউতাকৰ বিষয়ে কৈছিল। তালহাই কয়, “মোৰ দেউতা নিৰাপদ স্থানত আছে আৰু এতিয়া সুস্থ।” প্ৰশ্ন হয় এই নিৰাপদ স্থান পাকিস্তানৰ বাহিৰত নে ভিতৰত?

হাফিজৰ মূৰৰ দাম এক কোটি ডলাৰ

২০১৫ চনত আমেৰিকাই হাফিজ ছাইদৰ মূৰৰ দাম এক কোটি ডলাৰ ঘোষণা কৰিছিল। এটা সাক্ষাৎকাৰত হাফিজে কৈছিল, “মোৰ মূৰৰ দাম নিৰ্ধাৰণ কৰা হৈছে, কিন্তু মোৰ গোপন স্থান কোনেও কোৱা নাই। ইয়াৰ মানুহে এক কোটি ডলাৰ নিবিচাৰে।”

২০১৯ চনত পাকিস্তান চৰকাৰে হাফিজ ছাইদক গৃহবন্দী কৰি ৰাখিছিল যদিও অতি সোনকালেই তেওঁক মুকলি কৰি দিয়া হৈছিল। যোৱা ৫ বছৰত পাকিস্তাৰন দখলত থকা কাশ্মীৰ আৰু পঞ্জাৱ প্ৰদেশত হাফিজ অধিক সক্ৰিয় হোৱা দেখা গৈছে।

জিংকৰ অভাৱ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...
ডায়েবেটিছ ৰোগীয়ে আম খাব পাৰে নে? চাওঁ আহক আমি সততে নজনা কিছু কথা
খালী পেটত গ্ৰীণ টী খোৱাটো ক্ষতিকাৰক নেকি? পাৰ্শ্বক্ৰিয়া আৰু সেৱন কৰাৰ উত্তম সময় জানক
বৃক্ক বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? এই লক্ষণসমূহক আওকাণ কৰিলে বিপদত পৰিব পাৰে...