Elon musk: সম্পৰ্ক কি? ইটালীৰ প্ৰধানমন্ত্ৰীৰ সৈতে ভাইৰেল হোৱা ফটোৰ উত্তৰ দিলে ইলন মাস্কে…

Elon musk-giorgia meloni: বৰ্তমান সৰ্বত্ৰে ভাইৰেল হৈ পৰিছে এখন ফটো। ইটালীৰ প্ৰধানমন্ত্ৰী আৰু ইলন মাস্কৰ ফটো ভাইৰেল হোৱাৰ পাছতেই প্ৰশ্ন উত্থাপন হৈছে যে দুয়োৰে মাজত আছে নেকি বিশেষ সম্পৰ্ক। এই সন্দৰ্ভত স্পষ্টীকৰণ দিছে ইলন মাস্কে।

Elon musk: সম্পৰ্ক কি? ইটালীৰ প্ৰধানমন্ত্ৰীৰ সৈতে ভাইৰেল হোৱা ফটোৰ উত্তৰ দিলে ইলন মাস্কে...

ইলন মাস্ক, মেলনি

Published: 

26 Sep 2024 | 01:58 PM

কিছুদিন ধৰি সৰ্বত্ৰে ভাইৰেল হৈ পৰিছে এখন ফটো।  ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নি আৰু বিশ্বৰ অন্যতম ধনী ব্যক্তি ইলন মাস্কৰ এই ফটো ভাইৰেল হোৱাৰ পাছতেই প্ৰশ্ন উত্থাপন হৈছে যে ডেট কৰি আছে নেকি দুয়োয অৰ্থাৎ দুয়োৰা মাজত আছে নেকি প্ৰেমৰ সম্পৰ্কয  নেটিজনসকলে এই ফটো ভাইৰেল কৰি দুয়োকে শুভেচ্ছা জনোৱাৰ লগতে দুয়ো সম্পৰ্কত থকা বুলি দাবী কৰিছে।

মঙলবাৰে নিউয়ৰ্কত অনুষ্ঠিত হোৱা এক বঁটা প্ৰদান অনুষ্ঠানত মাস্কে মেলনীক প্ৰশংসা কৰি সৎ আৰু সত্যবাদী বুলি কয়। মাস্কৰ এই মন্তব্যৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই দুয়োৰে প্ৰতি জনতাৰ মনত থকা সন্দেহ আৰু অধিক বৃদ্ধি পাইছিল। মে’লনিক আটলান্টিক গ্লোবেল চিটিজেন অৱাৰ্ড প্ৰদান কৰি মাস্কে কৈছিল- বাহ্যিকতকৈ যিগৰাকী মানুহ অন্তৰৰ পৰা ধুনীয়া, তেনে এগৰাকীক এই বঁটা প্ৰদান কৰাতো সন্মানৰ কথা। মে’লনিয়ে ইটালীৰ প্ৰধানমন্ত্ৰী হিচাপে বহু অবিশ্বাসনীয় কাম কৰা বুলিও তেওঁ কয়।

মাস্কে কৈছিল- তেওঁ , সৎ, সত্যবাদী। ৰাজনীতিবিদৰ বিষয়ে সাধাৰণতে এনেকৈ কব নোৱাৰি। কিন্তু তেওঁ অনন্য। ইয়াৰ পাছত মেলনিয়ে এক্সত মাস্কক ধন্যবাদ জ্ঞাপন কৰে।

 

তাৰ পাছত টেছলাৰ ফেন ক্লাবে মাস্ক আৰু মেলনিৰ এখন ফটো পোষ্ট কৰি লিখে যে- আপোনালোকে কি ভাৱে, তেওঁলোকে ডেট কৰি আছে নেকি। তাৰ পাছতেই ৫৩ বছৰীয়া ইলন মাস্কে কয় যে, আমি ডেট কৰা নাই। অৰ্থাত তেওঁলোকৰ মাজত কোনো সম্পৰ্ক নাই।

 

জানিব পৰা মতে,ইউৰোপীয় ইউনিয়নক শক্তিশালী সমৰ্থন আৰু ইটালীৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হোৱাৰ বাবে মেল’নিক এই বঁটা প্ৰদান কৰা হৈছিল। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বাৰ্ষিক উচ্চ পৰ্যায়ৰ বৈঠকৰ বাবে ১৯০ খনতকৈ অধিৰ ৰাষ্ট্ৰৰ নেতাৰ সৈতে মেল’নি নিউয়ৰ্কত আছিল।

উল্লেখ্য যে, কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মেলনিৰ এখন ফটো ভাইৰেল হৈছিল। এটা ভিডিঅ’ত মেলনিয়ে মোদী আৰু মেলনিক ‘মেলডী’ বুলি উল্লেখ কৰিছিল। ছ’চিয়েল মিডিয়াত বহুতে এই ফটো, ভিডিঅ’ ভাইৰেল কৰাৰ লগতে মিম বনাইছিল। তাৰ পাছতেই এইবাৰ বিশ্বৰ অন্যতম ধনী ব্যক্তি ইলন মাস্কৰ সৈতে মেলনিৰ ফটো ভাইৰেল হৈছে। অৱশ্যে দুয়োৰে মাজত প্ৰেমৰ  কোনো সম্পৰ্ক বা ডেট কৰি থকা নাই বুলি স্পষ্টীকৰণ দিছে ইলন মাস্কে।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...