কি হৈছে বিশ্বত! ইৰাণ-ইজৰাইলৰ যুদ্ধৰ পিছত এইবাৰ উত্তাল হৈছে এই দেশ, সূচনা হৈছে গৃহযুদ্ধৰ
ইজৰাইল-পেলেষ্টাইনৰ সংঘাতৰ পিছত ইৰাণ-ইজৰাইলৰ সংঘাতে বিগত কিছুদিনত মধ্যপ্ৰাচ্যত ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে। ইফালে ভাৰত-পাকিস্তানৰ মাজত সৃষ্টি হোৱা যুদ্ধময় পৰিস্থিতিয়েও কেইবাদিনলৈ উদ্বেগময় অৱস্থাৰ সৃষ্টি কৰিছিল। এতিয়া ইউৰোপৰ এখন দেশত গৃহযুদ্ধময় পৰিস্থিতিৰ উদ্ভৱ হৈছে।

ছাৰ্বিয়াত ছাত্ৰ বিপ্লৱৰ উগ্ৰ ৰূপ
সমগ্ৰ বিশ্বৰ ৰাজনৈতিক পৰিস্থিতি শেহতীয়া কিছুদিনত অশান্তময় হৈ পৰিছে। ইজৰাইল-পেলেষ্টাইনৰ সংঘাতৰ পিছত ইৰাণ-ইজৰাইলৰ সংঘাতে বিগত কিছুদিনত মধ্যপ্ৰাচ্যত ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে। ইফালে ভাৰত-পাকিস্তানৰ মাজত সৃষ্টি হোৱা যুদ্ধময় পৰিস্থিতিয়েও কেইবাদিনলৈ উদ্বেগময় অৱস্থাৰ সৃষ্টি কৰিছিল। এতিয়া ইউৰোপৰ এখন দেশত গৃহযুদ্ধময় পৰিস্থিতিৰ উদ্ভৱ হৈছে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ছাৰ্বিয়াৰ ছাত্ৰ বিপ্লৱৰ দৃশ্য। ৮ মাহ পূৰ্বে ছাৰ্বিয়াৰ ৰে’লৱে ষ্টেচনত সংঘটিত দুৰ্ঘটনাৰ ফলত উদ্ভৱ হোৱা স্ফুলিংগই এতিয়া বিদ্ৰোহৰ শিখাৰ ৰূপ লৈছে।
এই ছাত্ৰ বিপ্লৱে ক্ৰমাৎ উত্তপ্ত ৰূপ ধাৰণ কৰিছে। ছাৰ্বিয়াৰ ৰাষ্ট্ৰপতিক উৎখাত কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী। এক কথাত ছাৰ্বিয়াৰ ৰাজপথ এতিয়া গৃহযুদ্ধৰ ৰণস্থলীত পৰিণত হৈছে। ভাৰতৰ পৰা ৫২৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ইউৰোপৰ এই শান্তিপূৰ্ণ দেশখন এতিয়া প্ৰতিবাদৰ ঢৌত আন্দোলিত হৈ পৰিছে। ছাৰ্বিয়াৰ ৰাজধানী বেলগ্ৰেডত ছাত্ৰ বিপ্লৱৰ এক উত্তপ্তময় ছবি দেখিবলৈ পোৱা গৈছে।
বিগত প্ৰায় এক বছৰ পূৰ্বে ছাত্ৰ আন্দোলনেই সলনি কৰিছিল বাংলাদেশৰ পৰিস্থিতি। ছাত্ৰ আন্দোলনৰ ফলস্বৰূপেই উৎখাত হৈছিল শ্বেখ হাছিনাৰ চৰকাৰ। এতিয়া ছাৰ্বিয়াতো যেন পুনৰাবৃত্তি হৈছে এনে এক ৰাজনৈতিক পৰিস্থিতিৰেই। দেশখনত আৰক্ষী আৰু প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ মাজত হিংসাত্মক সংঘৰ্ষ হোৱা দেখিবলৈ পোৱা গৈছে। ছাৰ্বিয়াৰ ৰাজপথত এতিয়া ৰাজনৈতিক অভ্যুত্থানৰ শ্ল’গান প্ৰতিধ্বনিত হৈছে।
এফালে ছাৰ্বিয়াৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ৱুচিচৰ ওপৰত ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ, আনফালে প্ৰতিবাদ দমনৰ নামত সষ্টম আৰক্ষীৰ প্ৰস্তুতি; কাৰ্যতঃ ছাৰ্বিয়াৰ ৰাজপথসমূজ এতিয়া গৃহযুদ্ধৰ ৰণথলীত পৰিণত হৈছে। উল্লেখ্য যে ছাৰ্বিয়াৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ৱুচিচ ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ ঘনিষ্ঠ বন্ধু হিচাপে পৰিচিত। এতিয়া ছাত্ৰ আন্দোলনৰ ফলস্বৰূপে আলেকজেণ্ডাৰ ৱুচিচৰ ১২ বছৰীয়া শাসন উৎখাত হোৱাৰ উপক্ৰম হৈছে।
প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে এই আন্দোলনক স্বাধীনতাৰ যুঁজ হিচাপে অভিহিত কৰি ৱুচিচৰ পদত্যাগৰ দাবী জনাইছে। বিগত ৮ মাহ ধৰি ছাৰ্বিয়াত এই ছাত্ৰ আন্দোলন চলি আছে যদিও এতিয়া এই আন্দোলন নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে। উল্লেখ্য যে ২০২৪ চনৰ ১ নৱেম্বৰত দেশখনৰ নভি ছাদ চহৰত ৰে’ল ষ্টেচনৰ চাল ভাঙি ১৬ জন লোকৰ মৃত্যু হয়। এই কাণ্ডৰ পিছতে ছাৰ্বিয়া চৰকাৰৰ গাফিলতি আৰু দুৰ্নীতিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল।
ইয়াৰ পিছতে দেশখনৰ বিশ্ববিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত প্ৰতিবাদৰ সূচনা হয় আৰু এতিয়া ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত এই ক্ষোভ এতিয়া ৰাষ্ট্ৰপতি ৱুচিচৰ শাসনযন্ত্ৰৰ বিৰুদ্ধে জাতীয় বিদ্ৰোহলৈ ৰূপান্তৰিত হৈছে। এতিয়া এই আন্দোলনে এনে এক বৃহৎ ৰূপ ধাৰণ কৰিছে যে হেঁচাত পৰি ছাৰ্বিয়াৰ প্ৰধানমন্ত্ৰী মিলছ ৱুচিচে পদত্যাগ কৰিছে। অৱশ্যে ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ৱুচিচে এতিয়াও প্ৰতিবাদৰ সমুখত হাৰ মনা নাই।