এতিয়াৰ পৰা মহিলা হত্যা অপৰাধত শাস্তি হ’ব আজীৱন কাৰাদণ্ড…ঐতিহাসিক সিদ্ধান্ত

এতিয়াৰ পৰা এই অপৰাধৰ বাবে আজীৱন কাৰাদণ্ড শাস্তি হ'ব পাৰে। আইন প্ৰণেতাসকলে মহিলাক হত্যা কৰাটোক এক সুকীয়া অপৰাধ হিচাপে স্বীকৃতি দিছে।

এতিয়াৰ পৰা মহিলা হত্যা অপৰাধত শাস্তি হ’ব আজীৱন কাৰাদণ্ড...ঐতিহাসিক সিদ্ধান্ত

প্ৰতীকী ফটো

Published: 

26 Nov 2025 | 11:16 AM

এতিয়াৰ মহিলা হত্যা এক সুকীয়া অপৰাধ। এই অপৰাধৰ বাবে আজীৱন কাৰাদণ্ড শাস্তি হ’ব পাৰে। ইটালীৰ সংসদত লোৱা হৈছে এক ঐতিহাসিক সিদ্ধান্ত। আইন প্ৰণেতাসকলে মহিলাক হত্যা কৰাটোক এক সুকীয়া অপৰাধ হিচাপে স্বীকৃতি দিছে। লগতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিৰ আইন প্ৰণয়ন কৰিছে। উল্লেখ্য যে, এই বিধেয়কখন ২৫ নৱেম্বৰত অনুমোদন জনোৱা হৈছিল, যিটো দিন বিশ্বজুৰি নাৰীৰ ওপৰত হোৱা হিংসাৰ অন্ত পেলোৱাৰ বাবে উৎসৰ্গিত কৰা হয়।

যোৱা বছৰ ইটালীত ১১৬ গৰাকী মহিলা হত্যাৰ বলি হৈছিল, ইয়াৰে ১০৬ টা এনে ঘটনা মূল কাৰণ আছিল লিংগ। এতিয়া এনে প্ৰতিটো গোচৰ পৃথকে পৃথকে পঞ্জীয়ন কৰা হ’ব আৰু আইনৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইয়াৰ পূৰ্বেও ইটালীত নাৰী হত্যা আইন সম্পৰ্কে আলোচনা হৈছিল যদিও ২২ বছৰীয়া জুলিয়া চেকেটিনৰ নৃশংস হত্যাকাণ্ডই সমগ্ৰ দেশক স্তম্ভিত কৰাৰ পাছে এই সিদ্ধান্ত লোৱা হৈছে।

২০২২ চনত জুলিয়াৰ প্ৰাক্তন প্ৰেমিক ফিলিপো টুৰেটাই তেওঁক ছুৰীৰে আঘাত কৰি হত্যা কৰিছিল, তাৰ পিছত তেওঁৰ মৃতদেহটো বেগত ভৰাই এটা হ্ৰদত পেলাই দিছিল। এই খবৰে কেইবাদিনো ইটালীৰ শিৰোনাম দখল কৰে। জুলিয়াৰ পিতৃ জিনো চেকেটিনে বিশ্বাস কৰে যে, এই আইনখন প্ৰয়োজনীয় যদিও প্ৰকৃত যুঁজখন শিক্ষাৰ জৰিয়তেহে হ’ব।

দুবছৰৰ পাছত ইটালীৰ সংসদত ঘণ্টাৰ পিছত ঘণ্টা ধৰি চলা বিতৰ্কৰ অন্তত এই আইনখন অনুমোদন কৰা হয়। প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিৰ চৰকাৰ আৰু বিৰোধী দুয়োটা দলে যৌথভাৱে গৃহীত কৰে। বহু সাংসদে মহিলাৰ ওপৰত হোৱা হিংসাৰ বিৰুদ্ধে প্ৰতীকী হিচাপে ৰঙা ফিতা পিন্ধিছিল। এতিয়াৰে পৰা ইটালীত মহিলাৰ লিংগৰ বাবে সংঘটিত যিকোনো হত্যাকাণ্ড নাৰী হত্যা বুলি গণ্য কৰা হ’ব আৰু যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি হ’ব।

একাংশ বিশেষজ্ঞৰ মতে, এই আইনখনৰ পৰিসৰ অতি বহল আৰু এই হত্যাকাণ্ডৰ প্ৰকৃত উদ্দেশ্য যে লিংগ আছিল সেই কথা আদালতত প্ৰমাণ কৰাটো কঠিন হ’ব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...