এইবাৰ ধৰা পৰিল নাৰ্কো মেকুৰী ! জন্তুৰ সহায়ত কেনেদৰে কৰা হয় ড্ৰাগছ সৰবৰাহ ? ভিডিঅ’ ভাইৰেল

কেনেদৰে মেকুৰী সহায়ত ড্ৰাগছ সৰবৰাহ কৰা হয় সেই সমগ্ৰ কাণ্ড পোহৰলৈ আনিছে এটা ভাইৰেল ভিডিঅ'য়ে । ভিডিঅ'টোত দেখা গৈছে যে, এটা মেকুৰী পোৱালীৰ শৰীৰত ড্ৰাগছৰ পেকেট মেৰিয়াই থোৱা আছে ।

এইবাৰ ধৰা পৰিল নাৰ্কো মেকুৰী ! জন্তুৰ সহায়ত কেনেদৰে কৰা হয় ড্ৰাগছ সৰবৰাহ ? ভিডিঅ ভাইৰেল

নাৰ্কো মেকুৰী

Published: 

19 May 2025 | 04:12 PM

ড্ৰাগছ সৰবৰাহৰ নতুন কৌশলে সকলো আচৰিত কৰিছে । কেনেদৰে মেকুৰী সহায়ত ড্ৰাগছ সৰবৰাহ কৰা হয় সেই সমগ্ৰ কাণ্ড পোহৰলৈ আনিছে এটা ভাইৰেল ভিডিঅ’য়ে । ভিডিঅ’টোত দেখা গৈছে যে, এটা মেকুৰী পোৱালীৰ শৰীৰত ড্ৰাগছৰ পেকেট মেৰিয়াই থোৱা আছে । এই ঘটনা সংঘটিত হৈছে কোষ্টা ৰিকাত ।

উল্লেখ্য যে, কোষ্টা ৰিকাত নাৰ্কো মেকুৰী আৰু পোৱালি ব্যৱহাৰ কৰি ড্ৰাগছ সৰবৰাহৰ কৰাটো নতুন কথা নহয়। শেহতীয়াকৈ কৰ্তৃপক্ষই এটা মেকুৰী ধৰে আৰু মেকুৰীটোৰ শৰীৰত মেৰিয়াই থোৱা ড্ৰাগছ জব্দ কৰে কৰ্তৃপক্ষই । প্ৰথমে কোষ্টা ৰিকাৰ প’কোচি কাৰাগাৰৰ প্ৰহৰীয়ে সেউজীয়া এটা অঞ্চলৰ মাজেৰে কিবা এটা অস্বাভাৱিক বস্তু গৈ থকা লক্ষ্য কৰিছিল। ভালদৰে চোৱাৰ পাছত তেওঁলোকে এটা ক’লা-বগা মেকুৰী দেখা পালে । মেকুৰীটোৰ লোমশ শৰীৰত টানকৈ দুটা টোপোলা বান্ধি থোৱা আছিল। জন্তুটোৱে কঢ়িয়াই লৈ ফুৰা সেই টোপোলা দুটা আছিল ড্ৰাগছৰ ।

ছেইছডটকমৰ মতে, মেকুৰীটোৰ শৰীৰত ২৩৫ গ্ৰামতকৈ অধিক গাঞ্জাৰ বাণ্ডিল, ৬৮ গ্ৰাম ক্ৰেক পেষ্ট আৰু কিছু পৰিমাণৰ ৰোলিং পেপাৰ বান্ধি থোৱা আছিল । ইয়াৰ লগে লগে সামগ্ৰীসমূহ কৰ্তৃপক্ষই জিম্মাত হয় আৰু নাৰ্কো মেকুৰীটোৰ স্বাস্থ্য পৰীক্ষাৰ বাবে কোষ্টা ৰিকা’ৰ ৰাষ্ট্ৰীয় পশু স্বাস্থ্য সেৱাক গতাই দিয়া হয়।

ইফালে, এই ভিডিঅ’টোত সামাজিক মাধ্যমত সাংঘাতিক ধৰণে ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত স্পষ্ট হৈ পৰিছে যে,গাঞ্জা আৰু কোকেইন (ক্ৰেক বুলিও কোৱা হয়)ৰ দৰে ড্ৰাগছ সৰবৰাহৰ বাবে মেকুৰীটো ব্যৱহাৰ কৰা হৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...