ৰাছিয়াত ডোভাল, চীন যাব মোদী, ব্ৰাজিল ভাৰতৰ পক্ষত! ট্ৰাম্পৰ বিৰুদ্ধে গঠন হ’ব নেকি ডাঙৰ মিত্ৰজোট…
ডনাল্ড ট্ৰাম্পে নিজৰ সকলো শক্তি ব্যৱহাৰ কৰি একাংশ দেশত আঁঠু লোৱাৰ বাবে বাধ্য কৰাৰ চেষ্টা কৰি গৈছে। কিন্তু তেওঁৰ এই পদক্ষেপে কাম দিয়া নাই। ভাৰত, চীন আৰু ব্ৰাজিলৰ দৰে দেশে ট্ৰাম্পৰ শুল্ক নীতিৰ ওপৰত শিৰনত কৰিব বিচৰা নাই।

আমেৰিকাৰ বিৰুদ্ধে কিবা হ'বলৈ গৈ আছে নেকি
নিজকে সৰ্বেসৰ্বা বুলি ভাবি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এখনৰ পাছত আন এখন ৰাষ্ট্ৰৰ ওপৰত শুল্ক আৰোপ কৰি গৈছে। কিন্তু এতিয়া যেন নিজে শলঠেকত কৰিছে তেওঁ। শেহতীয়াকৈ ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰি এক ডাঙৰ শত্ৰুভাৱ প্ৰদৰ্শন কৰে। কিন্তু ট্ৰাম্পে বিচৰা মতে ভাৰতে তেওঁৰ ওচৰত নতশিৰ নহ’ল। ইয়াৰ বিপৰীতে মস্কোত উপস্থিত হৈছে NSA অজিত ডোভাল আৰু প্ৰধানমন্ত্ৰী যাবলৈ সাজু হৈছে চীন। ইফালে ভাৰতৰ সৈতে শত্ৰুতা গঢ়ি নিজ দেশতে সমালোচনাৰ সন্মুখীন হৈছে ট্ৰাম্প।
এই সকলোবোৰৰ মাজতে ব্ৰাজিলে প্ৰত্যক্ষভাৱে কৈছে যে, ট্ৰাম্পৰ লগত নহয় তেওঁলোকে শুল্কৰ ক্ষেত্ৰত চীন আৰু ভাৰতৰ সৈতে কথা পাতিব। গতিকে প্ৰশ্ন হৈছে, বিশ্ব ৰাজনীতিত কোনো ডাঙৰ পৰিবৰ্তন হ’বলৈ গৈ আছে নেকি? একত্ৰিত হ’ব নেকি ট্ৰাম্পৰ বিৰুদ্ধে একাংশ শক্তিশালী দেশ?
NSA ডোভাল ৰাছিয়াত
বুধবাৰে ৰাছিয়াৰ ৰাজধানী মস্কোত উপস্থিত হয় ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল। এই সময়চোৱাত তেওঁ দ্বিপাক্ষিক শক্তি আৰু প্ৰতিৰক্ষা সম্পৰ্কৰ লগতে ৰাছিয়াৰ খাৰুৱা তেলৰ ওপৰত পশ্চিমীয়া দেশৰ নিষেধাজ্ঞাৰ ওপৰত আলোচনা কৰিব। পশ্চিমীয়া দেশৰ নিষেধাজ্ঞাৰ পাছতো ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা ভাৰতৰ সম্পৰ্কৰ আমেৰিকাৰ সৈতে বেয়া হৈ পৰিছে। কিন্তু ইয়াৰ মাজতে ডোভালৰ এই ভ্ৰমণে বিশেষ গুৰুত্ব বহন কৰিছে।ইয়াৰ পূৰ্বে ৰাছিয়াৰ উপ-ৰক্ষা মন্ত্ৰী কৰ্ণেল জেনেৰেল আলেকজেণ্ডাৰ ফমিনে ভাৰতৰ দূত বিনয় কুমাৰক সাক্ষাৎ কৰে।
ভাৰতৰ পক্ষত ৰাছিয়া
আমেৰিকাৰ শুল্কৰ ওপৰত ভাৰতে কঠোৰ প্ৰত্যুত্তৰ দি আহিছে। ৪ আগষ্টত বিদেশ মন্ত্ৰালয়ে উদঙাই দিয়ে যে, আমেৰিকাইও ৰাছিয়াৰ সৈতে বিভিন্ন বাণিজ্য কৰি আছে। কিন্তু এই সময়ত ৰাছিয়াই ভাৰতৰ পক্ষত থিয় দিছে। মস্কোৱে কৈছে যে, ক্ৰেমলিন ভাৰতৰ গুৰুত্বপূৰ্ণ বাণিজ্যিক অংশীদাৰ আৰু আমেৰিকাই ভাবুকি দি ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক শেষ কৰাৰ চেষ্টা কৰি আছে। ৰাছিয়াই আৰু কয় যে, আমি বিশ্বাস কৰো যে, সাৰ্বভৌম দেশসমূহে নিজৰ বাণিজ্যিক অংশীদাৰ, বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ অংশীদাৰ বাছনি কৰাৰ অধিকাৰ আছে।
ব্ৰাজিলৰ ৰাষ্ট্ৰপতি
ইফালে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ এক মন্তব্যইও যে ট্ৰাম্পৰ নিদ্ৰা হৰিছে সেয়া এক প্ৰকাৰ খাটাং। ৰাষ্ট্ৰপতি লুইজ ইনাছিঅ’ লুলা দা ছিলভাই ট্ৰাম্পৰ শুল্ক সন্দৰ্ভত কয় যে ব্ৰাজিলে নিজৰ স্বাৰ্থৰ বাবে WTOৰ লগতে সকলো উপলব্ধ সম্পদ ব্যৱহাৰ কৰিব। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে তেওঁক কথা পতাৰ অফাৰ দিছিল। কিন্তু তেওঁ কয় যে, শুল্কৰ আলোচনাৰ বাবে মই ট্ৰাম্পক ফোন নকৰো। মই ছি জিনপিঙক ফোন কৰিম, প্ৰধানমন্ত্ৰী মোদীক ফোন কৰিম। মই এতিয়া পুটিনক ফোন নকৰো, কিয়নো তেওঁ এতিয়া যাত্ৰা কৰিব নোৱাৰে। কিন্তু বহু কেইজন ৰাষ্ট্ৰপতিক ফোন কৰিম।
উল্লেখ্য যে, ব্ৰাজিল, ভাৰত, ৰাছিয়া আৰু চীন ব্ৰিকছৰ অংশীদাৰ। এনে অৱস্থাত এই দেশসমূহে ট্ৰাম্পৰ এতিয়া চিন্তা বৃদ্ধি কৰিছে। তেওঁ দাবী কৰিছে যে, এই ৪খন দেশে আমেৰিকান ডলাৰক দুৰ্বল কৰাৰ চেষ্টা কৰি আছে।
চীন যাব মোদী
এই সকলোবোৰৰ মাজতে চীন যাবলৈ সাজু হৈছে মোদী। এছ চি অ’ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে চীন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। মোদীৰ এই ভ্ৰমণ ৭ বছৰ পাছত হ’ব। কিন্তু শুল্ক যুদ্ধৰ মাজতে মোদীৰ এই ভ্ৰমণ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে।
ইয়াৰোপৰি জুন মাহত ডোভাল আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চুবুৰীয়া দেশ ভ্ৰমণ কৰিছিল। লগতে জুলাই মাহত চীন ভ্ৰমণ কৰিছিল বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে। গতিকে এই সকলোবোৰ ঘটনাৰাজি লক্ষ্য কৰিলে ক’ব পাৰি যে সম্ভৱতঃ আমেৰিকাৰ বিৰুদ্ধে কিবা বিশেষ পদক্ষেপ লব পাৰে এই ৰাষ্ট্ৰসমূহে।
অন্য খবৰ পঢ়কঃ ভাৰতৰ ওপৰত অতিৰিক্ত ২৫%শুল্ক আৰোপ আমেৰিকাৰ, প্ৰতিক্ৰিয়া প্ৰকাশ বিদেশ মন্ত্ৰালয়ৰ…