৫০ দিনৰ ভিতৰত যুদ্ধ শেষ নকৰিলে…ৰাছিয়াক মুকলি ভাবুকি ড’নাল্ড ট্ৰাম্পৰ

ট্ৰাম্পে কয় যে যদি ৫০ দিনৰ ভিতৰত কোনো চুক্তি নহয় তেন্তে আমি অতি কঠোৰ শুল্ক আৰোপ কৰিম। শুল্ক কেনেদৰে কাৰ্যকৰী কৰা হ’ব সেই বিষয়ে তেওঁ বুজাই দিয়া নাই। তেওঁ আৰু কয়, "মই বহু কামত ব্যৱসায়ক ব্যৱহাৰ কৰো। কিন্তু যুদ্ধ নিষ্পত্তি কৰাৰ বাবে ই অতি উত্তম।"

৫০ দিনৰ ভিতৰত যুদ্ধ শেষ নকৰিলে...ৰাছিয়াক মুকলি ভাবুকি ড’নাল্ড ট্ৰাম্পৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

Updated On: 

15 Jul 2025 18:06 PM

ৰাছিয়াক ডাঙৰ ভাবুকি প্ৰদান কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ কয়, “যদি ৫০ দিনৰ ভিতৰত ইউক্ৰেইনত যুদ্ধ শেষ কৰাৰ বাবে কোনো চুক্তি নহয়, তেন্তে তেওঁ ৰাছিয়াৰ ওপৰত শুল্ক আৰোপ কৰিব। অ’ভাল অফিচত নাটোৰ মহাসচিব মাৰ্ক ৰুটৰ সৈতে হোৱা বৈঠকত এই ঘোষণা কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। ট্ৰাম্পে কয়, “যদি ৫০ দিনৰ ভিতৰত কোনো চুক্তি নহয় তেন্তে আমি অতি কঠোৰ শুল্ক আৰোপ কৰিম।” কিন্তু শুল্ক কেনেদৰে কাৰ্যকৰী কৰা হ’ব সেই বিষয়ে তেওঁ বুজাই দিয়া নাই। তেওঁ আৰু কয়, “মই বাণিজ্যক বহু কামত ব্যৱহাৰ কৰো, কিন্তু যুদ্ধ নিষ্পত্তি কৰাৰ বাবে ই অতি ভাল।”

ইয়াৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পে এপ্ৰিল মাহত এই প্ৰশ্ন উত্থাপন কৰিছিল – ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে  ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলাবলৈ সঁচাকৈয়ে আগ্ৰহী নেকি? কাৰণ সেই সময়ত আৱাসিক অঞ্চলত বোমা বিস্ফোৰণ অভিযান অব্যাহত আছিল।  ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত ট্ৰাম্পে লিখিছে, “মই ভাবো হয়তো পুটিনে যুদ্ধ বন্ধ হোৱাটো নিবিচাৰে। তেওঁ মাত্ৰ মোক বিভ্ৰান্ত কৰিব বিচাৰিছে।” যদিও তেওঁ প্ৰথমে দুসপ্তাহৰ সময়সীমা নিৰ্ধাৰণ কৰিছিল, তথাপিও যেন প্ৰায় তিনিমাহৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ধৈৰ্য শেষ হৈ গৈছে।

মোক এনেধৰণৰ প্ৰশ্ন নকৰিব

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে নাটোৰ জৰিয়তে ইউক্ৰেইনলৈ নতুন আমেৰিকাৰ অস্ত্ৰ-শস্ত্ৰৰ চালান প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ লগতে তেওঁ ৰাছিয়াৰ সৈতে ব্যৱসায় কৰাসকলৰ ওপৰত নতুন শুল্ক আৰোপ কৰাৰ হুংকাৰ দিছে। ৰাষ্ট্ৰপতি ট্ৰাম্পক সোধা হৈছিল যে যদি পুটিনে বিষয়টো আৰু অধিক তীব্ৰতৰ কৰি তোলে তেন্তে তেওঁ কিমানখিনি উত্তৰ দিবলৈ সাজু। এই কথাত তেওঁ ক’লে, “মোক এনে প্ৰশ্ন নকৰিবা। যুদ্ধ শেষ কৰিব বিচাৰো। শক্তিশালী ইউৰোপ হৈ থকাটো বৰ ভাল কথা।ঠ

ট্ৰাম্পে কয়, পুটিনে ৰাছিয়াৰ অৰ্থনীতিক পুনৰ শুদ্ধ পথলৈ আনিব লাগিব। ৰাছিয়াৰ যথেষ্ট সম্ভাৱনা আছে। ইয়াৰ সম্পদ যুদ্ধৰ পৰিৱৰ্তে বাণিজ্যৰ বাবে ব্যৱহাৰ কৰা উচিত। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে মই যথেষ্ট সঘনাই কথা পাতো। আলোচনা বহুত ভাল যদিও তেওঁ লগতে কয় যে চহৰবোৰক মিছাইলেৰে আক্ৰমণ কৰাৰ পিছত আলোচনা অৰ্থহীন।

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ আৰু ৰক্তক্ষৰণ হোৱাটো কি ৰোগৰ লক্ষণ জানেনে?
Sawan 2025: শাওন মাহত ভুলতেও দান নকৰিব এইসমূহ বস্তু, বিপদত পৰিব আপুনি!
বিয়াৰ পূৰ্বে জীৱন সংগীক কি কি কথা সুধিব লাগে? ক'লে প্ৰেমানন্দ মহাৰাজে...
সাৱটি ধৰিবলৈ মহিলাই পুৰুষক দিয়ে ধন, ক'ত আছে এই ব্যৱস্থা?