২৫ হাজাৰ গাৰ্ড, ৩৬ মাইলৰ নিৰাপত্তাৰক্ষী কৰ্ডন… কিছু সময়ৰ পিছত ট্ৰাম্পৰ শপত গ্ৰহণ

ট্ৰাম্পৰ শপত গ্ৰহণ সুচাৰুৰূপে অনুষ্ঠিত হ'বৰ বাবে ৩৬ মাইলৰ নিৰাপত্তাৰক্ষীৰ কৰ্ডন সৃষ্টি কৰা হৈছে । ইয়াৰ সমান্তৰালভাৱে এই কটকটীয়া নিৰাপত্তাৰ বাবে ২৫ হাজাৰৰো অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। ইয়াৰ ভিতৰত আছে ৮০০০ নেচনেল গাৰ্ড।

২৫ হাজাৰ গাৰ্ড, ৩৬ মাইলৰ নিৰাপত্তাৰক্ষী কৰ্ডন... কিছু সময়ৰ পিছত ট্ৰাম্পৰ শপত গ্ৰহণ

আজি শপত গ্ৰহণ কৰিব ট্ৰাম্পে

Updated On: 

20 Jan 2025 | 10:33 PM

আজি ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিব। তেওঁৰ শপত গ্ৰহণ অনুষ্ঠানত বহু দেশৰ নেতা আৰু উদ্যোগপতিসকলে অংশগ্ৰহণ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত ট্ৰাম্পৰ শপত গ্ৰহণ সুচাৰুৰূপে অনুষ্ঠিত হ’বৰ বাবে ৩৬ মাইলৰ নিৰাপত্তাৰক্ষীৰ কৰ্ডন সৃষ্টি কৰা হৈছে । ইয়াৰ সমান্তৰালভাৱে এই কটকটীয়া নিৰাপত্তাৰ বাবে ২৫ হাজাৰৰো অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। ইয়াৰ ভিতৰত আছে ৮০০০ নেচনেল গাৰ্ড।

নিৰ্বাচনী প্ৰচাৰৰ সময়ত ড’নাল্ড ট্ৰাম্পে দুবাৰকৈ আক্ৰমণৰ বলি হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে নিৰাপত্তা সংস্থাসমূহ সম্পূৰ্ণৰূপে সাজু হৈ আছে । তদুপৰি ড্ৰোন আক্ৰমণ, ৰাসায়নিক আক্ৰমণ আৰু ৰকেট আক্ৰমণৰ দৰে যিকোনো আক্ৰমণ বিফল কৰাৰ বাবে শক্তিশালী নিৰাপত্তা ব্যৱস্থা কৰা হৈছে।

উল্লেখ্য যে, ৰিপাব্লিকান নেতাগৰাকীৰ শপত গ্ৰহণ অনুষ্ঠানত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে মাটিৰ পৰা আকাশলৈ চোৰাংচোৱাগিৰিৰ ব্যৱস্থা কৰা হৈছে। শপত গ্ৰহণ অনুষ্ঠানৰ অনুষ্ঠিত হোৱাৰ স্থানৰ পৰা হোৱাইট হাউছলৈকে সকলো পথ ছীল কৰা হৈছে। ইতিমধ্যে শপগ্ৰহণৰ বাবে ৱাশ্বিংটনৰ লাফায়েট স্কোৱাৰৰ ছেইণ্ট জনছ এপিস্কোপাল চাৰ্চত উপস্থিত হৈছে নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ পত্নী মেলানিয়া ট্ৰাম্প।

মনকৰিবলগীয়া আজি ২০ জানুৱাৰীত আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰিব ড’নাল্ড ট্ৰাম্পে। ভাৰতীয় সময় অনুসৰি নিশা ১০:৩০ বজাত এই শপত গ্ৰহণ কৰা হ’ব। দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ড’নাল্ড ট্ৰাম্পৰ শপত গ্ৰহণৰ এই অনুষ্ঠানত সমগ্ৰ বিশ্বৰ বহু নেতা, ব্যৱসায়ী আৰু চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰিছে । ভাৰতৰ হৈ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে অংশগ্ৰহণ কৰিছে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...