চিন্তা বাঢ়িব নেকি ভাৰতৰ? পাকিস্তানে চলাই আছে পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষণ…

শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক ডাঙৰ দাবী কৰিছে। তেওঁ কয় যে, পাকিস্তানে সক্ৰিয়ভাৱে পাৰমাণৱিক পৰীক্ষা চলাই আছে। ইয়ে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

চিন্তা বাঢ়িব নেকি ভাৰতৰ? পাকিস্তানে চলাই আছে পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষণ...

পাকিস্তান

Published: 

03 Nov 2025 13:24 PM

পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণ সন্দৰ্ভত শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক ডাঙৰ দাবী কৰিছে। ট্ৰাম্পে কয় যে, সক্ৰিয়ৰূপে পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষণ চলোৱা দেশসমূহৰ ভিতৰত পাকিস্তান অন্যতম। তেওঁ আৰু কয়, ৰাছিয়া, চীন, উত্তৰ কোৰিয়া, পাকিস্তান আদি দেশসমূহৰ কাৰ্যই এয়া প্ৰমাণ কৰিছে যে এতিয়া আমেৰিকাইও পাৰমাণৱিক পৰীক্ষণ কৰিব লাগিব। ইয়াৰ পাছতে ট্ৰাম্পে আমেৰিকাই শীঘ্ৰেই পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষণ কৰিব বুলি উল্লেখ কৰে।

ৰাছিয়া-চীনৰ পৰীক্ষণ

দেওবাৰে এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে, ”ৰাছিয়া আৰু চীনে পাৰমাণৱিক পৰীক্ষণ চলাই আছে। তেওঁলোকে এই বিষয়ে একো কোৱা নাই। কিন্তু আমি এখন মুকলি সমাজত আছো। আমি ইয়াক লৈ মুকলিকৈ কথা পাতো কিয়নো আমাৰ সংবাদ মাধ্যমৰ অধিকাৰ আছে”। ট্ৰাম্পে আৰু কয়, কেৱল মাত্ৰ তেওঁলোকে পৰীক্ষণ চলাই থকা বাবে আমি এতিয়া পাৰমাণৱিক পৰীক্ষণ কৰিম। উত্তৰ কোৰিয়াই পৰীক্ষণ কৰি আছে, পাকিস্তানেও কৰি আছে। শেহতীয়াকৈ ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণ কৰা সন্দৰ্ভত প্ৰশ্ন কৰাত ট্ৰাম্পে এই মন্তব্য কৰে।

আমেৰিকাৰ পাৰমাণৱিক শক্তি

ট্ৰাম্পে দাবী কৰে যে, বিশ্বৰ ভিতৰত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আমেৰিকাৰ হাতত আছে। ইয়াৰ পৰিমাণ ইমানেই অধিক যে তেওঁলোকে বিশ্বক ১৫০ বাৰ ধ্বংস কৰিব পাৰিব। তেওঁ ৰাছিয়াৰ ষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে পাৰমাণৱিক অস্ত্ৰ বিচ্ছিন্নকৰণৰ বিষয়ে আলোচনা কৰা বুলি কয়।

ৰাষ্ট্ৰপতি ট্ৰাম্পে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণৰ কথা কোৱাৰ সমান্তৰালকৈ আমেৰিকাৰ শক্তি সচিব ক্ৰীছ ৰাইটে উল্লেখ কৰিছে যে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণত বৰ্তমান কোনো পাৰমাণৱিক বিস্ফোৰণ নহয়, বৰঞ্চ ব্যৱস্থা পৰীক্ষণহে হ’ব।

ইয়াৰ মাজতে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আমেৰিকাৰ সৈতে হোৱা প্লুটনিয়াম ডিচপোজেল অগ্ৰিমেন্ট (Plutonium Disposal Agreement) তক আনুষ্ঠানিকভাৱে বন্ধ কৰাৰ বাবে চুক্তিত স্বাক্ষৰ কৰে।  এই চুক্তি সামৰিক সামৰিক ব্যৱহাৰৰ বাবে পাৰমাণৱিক অস্ত্ৰ গ্ৰেডৰ সামগ্ৰীৰ উৎপাদন সীমিত কৰাৰ বাবে স্বাক্ষৰ কৰা হৈছিল।

উল্লেখ্য যে, পাকিস্তানৰ পাৰমাণৱিক পৰীক্ষণক লৈ ট্ৰাম্পে কৰা মন্তব্যৰ পাছতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। নিশ্চয়কৈ ই ভাৰতৰ বাবেও চিন্তা কৰিব পাৰিব। বৰ্তমান ভাৰত আৰু পাকিস্তানৰ ওচৰত প্ৰায় সমান পাৰমাণৱিক অস্ত্ৰ আছে।

 

 

অন্য খবৰ পঢ়কঃ ৰাছিয়াই সফলতাৰে পৰীক্ষণ কৰিলে পাৰমাণৱিক শক্তি, ইফালে ট্ৰাম্পে দিলে ডাঙৰ নিৰ্দেশ…

আপুনি ফেটি লিভাৰত আক্ৰান্ত নেকি? উপশম পাবলৈ দৈনিক এই পানীয় সেৱন কৰক
যুৱৰাজৰ দৰেই বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ, পিছে যুৱৰাজতকৈ আগবাঢ়ি কেইবাটাও অভিলেখ দীপ্তিৰ
পিতৃ-মাতৃয়ে ভুলতো সন্তানৰ আগত কৰিব নালাগে এই ৩টা কাম! জানক...
শৰীৰৰ অতিৰিক্ত ওজন কমাবলৈ গ্ৰীণ টি কেতিয়া খালে দ্ৰুত ফলাফল পাব? জানক