বন্ধুৰ প্ৰতি পুনৰ সুৰ সলনি! ট্ৰাম্পে ক’লে- যদি ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ নকৰে, তেন্তে…

পুনৰ ভাৰতক ভাবুকি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা অব্যাহত ৰাখিলে পুনৰ অধিক শুল্ক ভাৰতে ভৰিব লাগিব বুলি তেওঁ কয়। ভাৰতেও ইয়াৰ উত্তৰ দিয়ে।

বন্ধুৰ প্ৰতি পুনৰ সুৰ সলনি! ট্ৰাম্পে কলে- যদি ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ নকৰে, তেন্তে...

মোদী-ট্ৰাম্প

Published: 

21 Oct 2025 12:35 PM

বিগত সময়চোৱাত ভাৰত-আমেৰিকাৰ সম্পৰ্ক যথেষ্ঠ উন্নত হোৱা যেন লাগিছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰায় প্ৰতিদিনে নৰেন্দ্ৰ মোদীক নিজৰ বন্ধু আখ্যা দিয়াৰ লগতে প্ৰশংসা কৰিছিল। কিন্তু এতিয়া পুনৰ সুৰ সলনি হয় ট্ৰাম্পৰ। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাক লৈ ট্ৰাম্পে দিছে ভাৰতক শুল্ক ভাবুকি। যদি ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ নকৰে তেতিয়া ভাৰতে অধিক শুল্ক ভৰিব লাগিব বুলি ট্ৰাম্পে কয়।

এনে অৱস্থাত আমেৰিকা আৰু ভাৰতৰ মাজত পুনৰ উত্তেজনা বৃদ্ধি পাইছে। সোমবাৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে কয়, যেতিয়ালৈকে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ নকৰে তেতিয়ালৈকে অধিক শুল্ক ভৰি থাকিব লাগিব। ট্ৰাম্পে দাবী কৰে, মোদীয়ে কৈছিল তেওঁলোকে ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে। আমেৰিকাই বিশ্বাস কৰে যে ভাৰতৰ ৰাছিয়াৰ তেল আমদানিয়ে ৰাছিয়াৰ যুদ্ধক ইন্ধন যোগাইছে। যদি ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰে তেন্তে ৰাছিয়াৰ ৰাজহ কৰ্তন হ’ব আৰু ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ বন্ধ হ’ব।

ট্ৰাম্পৰ দাবী

ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয় কৰা সন্দৰ্ভত ট্ৰাম্পে এসপ্তাহৰ ভিতৰত দুটা দাবী কৰিছে। কিছুদিন পূৰ্বে ট্ৰাম্পে কৈছিল যে মোদীয়ে তেওঁক ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিব বুলি আশ্বাস দিছে। ট্ৰাম্পৰ এই দাবী ভাৰতে নাকচ কৰাৰ পাছত পুনৰ ট্ৰাম্পে কয় যে,দিল্লীয়ে ইতিমধ্যে মস্কোৰ পৰা তেল ক্ৰয় কৰাটো “সংকীৰ্ণভাৱে বন্ধ” কৰিছে। এনে নকৰিলে অধিক শুল্ক ভৰিব লাগিব।

ইফালে ভাৰতে কয়, ভাৰতৰ শক্তি নীতি ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু বিশ্বব্যাপী অস্থিৰ মূল্যৰ পৰা গ্ৰাহকক ৰক্ষা কৰাৰ প্ৰয়োজনীয়তাৰ দ্বাৰা পৰিচালিত। ট্ৰাম্পৰ এই মন্তব্যৰ প্ৰতি সঁহাৰি জনাই বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে পুনৰ কয় যে ভাৰত তেল আৰু গেছৰ উল্লেখযোগ্য আমদানিকাৰক, আৰু শক্তিৰ উৎসৰ বৈচিত্ৰ্য এটা মূল অগ্ৰাধিকাৰ হৈয়ে আছে।

 

 

অন্য খবৰ পঢ়কঃ ‘নো কিংছ’ প্ৰতিবাদত উত্তাল আমেৰিকা! ইফালে নিজৰ মূৰত মুকুট পিন্ধিলে ট্ৰাম্পে…

কাজি নেমুৱে কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে নেকি?
ভগৱান হনুমান সন্তুষ্ট হ’লে ভক্তই লাভ কৰে এই সংকেত! জানক...
মৃত্যুৰ পাছত আত্মাৰ সৈতে কি হয়? জানক গৰুড় পুৰাণৰ পৰা...
এই চাৰিবিধ খাদ্যত আছে সুস্থ মগজুৰ যাদুকৰী প্ৰতিকাৰ, সুখকৰ হ’ব জীৱন