ড’নাল্ড ট্ৰাম্প মানসিকভাবে সুস্থ নহয়, সেয়ে তেওঁৰ কথাৰ কোনো ঠিক নাইঃ ভতিজাক ফ্ৰেড ট্ৰাম্প তৃতীয়

ড’নাল্ড ট্ৰাম্প মানসিকভাবে অসুস্থ- এই দাবী তেওঁৰ ভতিজাকৰ। তথ্য অনুসৰি ট্ৰাম্পৰ, পিতৃ ফ্ৰেড ট্ৰাম্প ছিনিয়ৰে আঠ বছৰ ধৰি এলজেইমাৰ ৰোগত আক্ৰান্ত আছিল।

ডনাল্ড ট্ৰাম্প মানসিকভাবে সুস্থ নহয়, সেয়ে তেওঁৰ কথাৰ কোনো ঠিক নাইঃ ভতিজাক ফ্ৰেড ট্ৰাম্প তৃতীয়

ড'নাল্ড ট্ৰাম্প

Updated On: 

26 Jun 2025 | 03:42 PM

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মানসিক অৱস্থাক লৈ পুনৰ এবাৰ প্ৰশ্ন উত্থাপন হৈছে। এইবাৰ এই প্ৰশ্ন উত্থাপন কৰিছে তেওঁৰ পৰিয়ালৰ লোকে।  ট্ৰাম্পৰ ভতিজাক ফ্ৰেড ট্ৰাম্প তৃতীয়ই মুকলিকৈ দাবী কৰিছে যে তেওঁৰ খুড়াকৰ দেহত ডিমেনচিয়াৰ লক্ষণ দেখাবলৈ আৰম্ভ কৰিছে। ট্ৰাম্পৰ ভতিজাজনে লগতে দাবী কৰে যে ট্ৰাম্পৰ পৰিয়ালত এই ৰোগৰ ইতিহাস আছে। উল্লেখ কৰা প্ৰয়োজন যে, ডিমেনচিয়া হৈছে এনে এক অৱস্থা যিয়ে মগজুৰ কামত প্ৰভাৱ পেলায়। ইয়াৰ ফলত স্মৃতিশক্তি, চিন্তা ক্ষমতা আৰু যুক্তিৰ ক্ষমতা হ্ৰাস পায়।

শেহতীয়াকৈ ফ্ৰেড ট্ৰাম্প তৃতীয়ই The Dean Obeidallah Show ত অংশগ্ৰহণ কৰি তেওঁৰ নতুন কিতাপ “অল ইন দ্য ফেমিলি: দ্য ট্ৰাম্পছ এণ্ড হাউ উই গট ডিছ ৱে” (All in the Family: The Trumps and How We Got This Way )ৰ বিষয়ে আলোচনা কৰাৰ সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে। তেওঁ কয় যে ড’নাল্ড ট্ৰাম্পৰ পিতৃ ফ্ৰেড ট্ৰাম্প ছিনিয়ৰে আঠ বছৰ ধৰি এলজেইমাৰ ৰোগত আক্ৰান্ত আছিল। অৱশ্যে ট্ৰাম্পে কৈছিল যে, তেওঁৰ পিতৃ শেষ সময়লৈকে ঠিকেই আছিল।

ফ্ৰেডে দাবী কৰিছে যে, “ড’নাল্ড ট্ৰাম্প এতিয়া আগৰ দৰে হৈ থকা নাই। তেওঁক বৃদ্ধ যেন দেখাবলৈ আৰম্ভ কৰিছে। ইয়াৰোপৰি তেওঁৰ ভাষণ আৰু সাক্ষাৎকাৰবোৰো অৰ্থহীন যেন লাগিবলৈ আৰম্ভ কৰিছে। ফ্ৰেডে কয়, এতিয়া তেওঁ এটা কথাত অটল হৈ থাকিব নোৱাৰে।  প্ৰথমে তেওঁ নিজৰ কথাত অটল আছিল, কিন্তু এতিয়া কেৱল আজে বাজে কথা কয়”।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ফ্ৰেডৰ ভগ্নী তথা পেছাত মনোবিজ্ঞানী মেৰী ট্ৰাম্পে ড’নাল্ড ট্ৰাম্পৰ মানসিক স্বাস্থ্যক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। ২০২৪ চনৰ নিৰ্বাচনত উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক সমৰ্থন জনাই দুই ভাই-ভনীয়ে ট্ৰাম্পৰ প্ৰত্যাৱৰ্তনক বিপজ্জনক বুলি অভিহিত কৰিছে।

আচৰিত কথা এয়াই যে, ট্ৰাম্পে প্ৰায়ে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জ বাইডেনক মানসিক দুৰ্বলতাৰ কথা কৈ ঠাট্টা কৰিছিল। কিন্তু এতিয়া ট্ৰাম্পে এনে অভিযোগৰ সন্মুখীন হৈ আহিছেল।.

অৱশ্যে হোৱাইট হাউছৰ চিকিৎসক শ্বেন বাৰ্বাৰেলাই ট্ৰাম্পক সুস্থ বুলি অভিহিত কৰিছে। তেওঁৰ মতে, মণ্ট্ৰিয়েল কগনিটিভ এচেছমেণ্ট টেষ্ট (MoCA)ত ট্ৰাম্পে ৩০ৰ ভিতৰত ৩০ নম্বৰ লাভ কৰিছে। কিন্তু পৰিয়ালৰ ভিতৰত উত্থাপিত হোৱা অভিযোগ আৰু সাৰ্বজনীন স্থানত ট্ৰাম্পৰ সলনি হোৱাৰ ব্যৱস্থাৰে তেওঁৰ মানসিক স্বাস্থ্যত সন্দেহৰ মাজলৈ আনিছে।

 

অন্য খবৰ পঢ়কঃপুনৰ সুৰ সলনি ড’নাল্ড ট্ৰাম্পৰ! ইৰাণক দিলে স্মাৰ্ট আখ্যা, ইফালে ইজৰাইলক ক’লে…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব