আমেৰিকাৰ বিৰোধ কৰা ব্ৰিকছৰ দেশলৈ শুল্কৰ ভাবুকি ট্ৰাম্পৰ, কি হ’ব ভাৰত-আমেৰিকাৰ চুক্তি?

সোমবাৰে পুৱা ট্ৰাম্পে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত যুদ্ধ আৰম্ভ কৰিছে। আমেৰিকাৰ বিৰুদ্ধে নীতিক সমৰ্থন কৰাৰ বাবে ব্ৰিকছ দেশসমূহৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লৈছে ট্ৰাম্পে।

আমেৰিকাৰ বিৰোধ কৰা ব্ৰিকছৰ দেশলৈ শুল্কৰ ভাবুকি ট্ৰাম্পৰ, কি হব ভাৰত-আমেৰিকাৰ চুক্তি?

ট্ৰাম্পৰ সকীয়নি

Updated On: 

07 Jul 2025 11:12 AM

৯ জুলাইত অন্ত পৰিব ড’নাল্ড ট্ৰাম্পে নিৰ্ধাৰণ কৰ বৰ্ধিত শুল্ক আৰোপৰ ৰেহায়ৰ সময়সীমা। এই শুল্ক বিৰতিৰ সময়সীমাৰ পূৰ্বে ব্ৰিকছ দেশসমূহক ডাঙৰ সতৰ্কবাণী দিছে ড’নাল্ড ট্ৰাম্পে। ব্ৰিকছ শীৰ্ষ সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আমেৰিকাৰ বিৰুদ্ধে ব্ৰিকছৰ নীতিক সমৰ্থন কৰা দেশসমূহৰ ওপৰত আমি অতিৰিক্ত ১০ শতাংশ শুল্ক আৰোপ কৰিম। এনে পৰিস্থিতিত এই ভাবুকিৰ প্ৰভাৱ ভাৰতত পৰিব নে নাই সেই সম্পৰ্কে চৰ্চা চলিছে। ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা বাণিজ্যিক চুক্তি বন্ধ হ’ব নেকি? কাৰণ ভাৰতো ব্ৰিকছৰ সদস্য।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে শেহতীয়াকৈ বাতৰিৰ শিৰোনাম দখল কৰিছে কাৰণ হঠাৎ তেওঁ কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰি বিশ্ববাসীক আচৰিত কৰি তুলিছে। ক্ষমতালৈ অহাৰ পিছৰে পৰা তেওঁ ইটোৰ পিছত সিটো সিদ্ধান্ত লৈছে যিয়ে বিশ্ব অৰ্থনীতিত প্ৰভাৱ পেলাইছিল। ২০২৫ চনৰ ২ এপ্ৰিলত তেওঁ প্ৰথমে সমগ্ৰ বিশ্বক শুল্কৰ পৰিসৰৰ অধীনত ৰাখিছিল। কিন্তু পিছত তেওঁ ভাৰতৰ লগতে আন বহু দেশক ৯ জুলাইলৈকে সময় দিছিল চুক্তি কৰিবলৈ।

ভাৰত আৰু আমেৰিকাৰ মাজত মিনি ট্ৰেড ডিল সন্দৰ্ভতো আলোচনা চলি আছে। কিন্তু সোমবাৰে পুৱা ট্ৰাম্পে পুনৰবাৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত যুদ্ধ আৰম্ভ কৰিলে। আমেৰিকাৰ বিৰুদ্ধে নীতিক সমৰ্থন কৰাৰ বাবে ব্ৰিকছ দেশসমূহৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্তৰ প্ৰভাৱ ভাৰত আৰু আমেৰিকাৰ বাণিজ্যিক চুক্তিতো দেখা যায়।

কি ক’লে ট্ৰাম্পে

সোমবাৰে পুৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত পোষ্ট কৰি কয় যে যিকোনো দেশে ব্ৰিকছৰ আমেৰিকা বিৰোধী নীতিত যোগদান কৰিলে ১০% অতিৰিক্ত শুল্ক দিব লাগিব। এই নীতিৰ ব্যতিক্ৰম নহ’ব বুলিও তেওঁ কয়।

ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক চুক্তি

আমেৰিকা আৰু ভাৰতৰ মাজত মিনি ট্ৰেড চুক্তি চূড়ান্ত পৰ্যায়ত আছে। সংবাদ মাধ্যমৰ বাতৰি যদি বিশ্বাস কৰা হয়, তেন্তে আগন্তুক ২৪-৩০ ঘন্টাত এই সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। অৱশ্যে বাণিজ্য চুক্তিৰ পূৰ্বে ট্ৰাম্পে পুনৰবাৰ ব্ৰিকছ দেশসমূহক শুল্ক আৰোপ কৰাৰ ভাবুকি দিছে। বৰ্তমান এই চুক্তি কেতিয়া আৰু কি দৰে স্বাক্ষৰিত হ’ব সেই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য নাই।

জিংকৰ অভাৱ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...
ডায়েবেটিছ ৰোগীয়ে আম খাব পাৰে নে? চাওঁ আহক আমি সততে নজনা কিছু কথা
খালী পেটত গ্ৰীণ টী খোৱাটো ক্ষতিকাৰক নেকি? পাৰ্শ্বক্ৰিয়া আৰু সেৱন কৰাৰ উত্তম সময় জানক
বৃক্ক বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? এই লক্ষণসমূহক আওকাণ কৰিলে বিপদত পৰিব পাৰে...