অন্ত পৰিব ‘শীতল যুদ্ধ’ সদৃশ পৰিস্থিতিৰ! মুখামুখিকৈ বহিব ট্ৰাম্প-পুটিন, কেতিয়া হ’ব এই বৈঠক?

লক্ষণীয়ভাৱে আলাস্কাত অনুষ্ঠিত হ’বলগীয়া এই বৈঠক ২০২১ চনত জেনেভাত সেই সময়ৰ মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে ৰুছ ৰাষ্ট্ৰপতি পুটিনক সাক্ষাৎ কৰাৰ পিছত আমেৰিকা-ৰাছিয়াৰ প্ৰথমখন শীৰ্ষ সন্মিলন হ’ব।

অন্ত পৰিব ‘শীতল যুদ্ধ’ সদৃশ পৰিস্থিতিৰ! মুখামুখিকৈ বহিব ট্ৰাম্প-পুটিন, কেতিয়া হ’ব এই বৈঠক?

ট্ৰাম্প আৰু পুটিনৰ মাজত হ’ব বৈঠক!

Published: 

09 Aug 2025 09:19 AM

বিংশ শতিকাত শীতল যুদ্ধৰ প্ৰভাৱে বাৰুকৈয়ে জোকাৰি গৈছিল আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি শেহতীয়া সময়ছোৱাত পুনৰ দেখা গৈছে শীতল যুদ্ধ সদৃশ পৰিস্থিতিৰ ইউক্ৰেইন যুদ্ধক কেন্দ্ৰ কৰি আমেৰিকা আৰু ৰাছিয়াৰ মাজত বৃদ্ধি পোৱা সংঘাত শেহতীয়া সময়ছোৱাত অধিক পৰিস্ফুট হৈ পৰিছে তাৰ মাজতে প্ৰকাশ পাইছে এক গুৰুত্বপূৰ্ণ খবৰ আমেৰিকা আৰু ৰাছিয়াৰ মাজৰ এনে সংঘাতপূৰ্ণ পৰিস্থিতি এতিয়া অৱসান ঘটাৰ দিশে তথ্য অনুসৰি অহা ১৫ আগষ্টত আলোচনাত মিলিত মাৰ্কিন ৰাষ্ট্ৰপতি নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজা  ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ’ত এই তথ্য প্ৰদান কৰিছে তেওঁ উল্লেখ কৰা মতে অহা শুকুৰবাৰে আলাস্কাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰি ইউক্ৰেইনত যুদ্ধৰ সামৰণি পেলোৱাৰ বিষয়ে আলোচনা কৰিব। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিকে ধৰি সকলো পক্ষই তিনি বছৰীয়া সংঘাতৰ সমাধানৰ বাবে যুদ্ধবিৰতি চুক্তিৰ কাষ চাপিছে বুলিও ট্ৰাম্পে মন্তব্য কৰে।

শুকুৰবাৰে ট্ৰাম্পে হোৱাইট হাউছত সাংবাদিকৰ সৈতে বাৰ্তালাপৰ সময়ৰ ইউক্ৰেইন যুদ্ধৰ যুদ্ধবিৰতি চুক্তিখনত কিছুমান অঞ্চলৰ বিনিময় কৰা ব পাৰে বুলিও ইঙ্গিত প্ৰদান কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই দাবী সন্দৰ্ভত ক্ৰেমলিনে এতিয়াও কোনো তথ্য প্ৰকাশ কৰা নাই অৱশ্যে দুয়োখন দেশেই অহা সপ্তাহত এই বৈঠক হ’ব পাৰে বুলি আশা প্ৰকাশ কৰিছিল।

এই বৈঠক তিনি বছৰতকৈও অধিক পূৰ্বে আৰম্ভ হোৱা ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অৱসানৰ দিশত এক টাৰ্নিং পইণ্ট হিচাপে প্ৰমাণিত হ’ব পাৰে। পিছে এই বৈঠকৰ ফলত যে যুদ্ধৰ অন্ত পৰিব, তাৰো কোনো নিশ্চয়তা নাই স্বাভাৱিকতেই যুদ্ধবিৰতিৰ ক্ষেত্ৰত মস্কো আৰু কিয়েভৰ শান্তিৰ চৰ্তসমূহ পৃথক পৃথক

ইতিপূৰ্বে ট্ৰাম্পে ইংগিত দিছিল যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে আলোচনাৰ পূৰ্বে পুটিনৰ সৈতে তেওঁৰ বৈঠক অনুষ্ঠিত হ’ব। লক্ষণীয়ভাৱে আলাস্কাত অনুষ্ঠিত হ’বলগীয়া এই বৈঠক ২০২১ চনত জেনেভাত সেই সময়ৰ মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনে ৰুছ ৰাষ্ট্ৰপতি পুটিনক সাক্ষাৎ কৰাৰ পিছত আমেৰিকা-ৰাছিয়াৰ প্ৰথমখন শীৰ্ষ সন্মিলন হ’ব।

কোনবোৰ খাদ্যই শৰীৰত কলেষ্টেৰল বৃদ্ধি কৰে? জানক...
ময়ূৰৰ পাখি কিতাপৰ মাজত ৰাখিলে কি হয় জানেনে? সবিশেষ...
ধনেৰে উপচি পৰিব সকলো! জানক ৫টা সহজ অভ্যাস...
হ'ব সমস্যা! এইসকল লোকে ভুলতো খালী পেটত খাব নালাগে নহৰু...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...