Donald Trump: পুনৰ ভাৰত-পাকিস্তানৰ যুদ্ধ বন্ধ কৰাৰ দাবী ট্ৰাম্পৰ, ভাৰতৰ প্ৰতিক্ৰিয়া কি?

শেহতীয়াকৈ ট্ৰাম্পে পুনৰ কয়, আমি ভাৰত আৰু পাকিস্তানৰ যুদ্ধ বন্ধ কৰি দিছোঁ। তেওঁলোকৰ মাজত পাৰমাণৱিক যুদ্ধ হ'বলৈ গৈ আছিল। একে সময়তে এই যুদ্ধত পাঁচখন বিমান ধ্বংস হোৱা বুলি দাবী কৰিছে ট্ৰাম্পে।

Donald Trump: পুনৰ ভাৰত-পাকিস্তানৰ যুদ্ধ বন্ধ কৰাৰ দাবী ট্ৰাম্পৰ, ভাৰতৰ প্ৰতিক্ৰিয়া কি?

আমেৰিকাৰ ৰাষ্ট্ৰপতি

Updated On: 

23 Jul 2025 | 03:12 PM

পুনৰবাৰ ভাৰত-পাকিস্তানৰ সংঘাত বন্ধ কৰা বুলি দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । তেওঁৰ মতে, আমেৰিকাৰ মধ্যস্ততাতে ভাৰত-পাকিস্তানৰ সংঘাত অন্ত পৰে। সেই সংঘাত পাৰমাণৱিক যুদ্ধৰ দিশে আগবাঢ়িছিল বুলি দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। একে সময়তে এই যুদ্ধত পাঁচখন বিমান ধ্বংস হোৱা বুলি দাবী কৰিছে ট্ৰাম্পে।

উল্লেখ্য যে,পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সেন্দূৰ আৰম্ভ কৰে। ইয়াৰ পিছতে দুয়োখন দেশৰ মাজত সংঘাত আৰম্ভ হয়। সেই সংঘাতৰ তিনিদিন পিছত যুদ্ধবিৰতিৰ প্ৰতি দুয়োখন দেশে সন্মতি প্ৰকাশ কৰে। কিন্তু ১০ মে’ৰ পৰা ভাৰত-পাকিস্তানৰ সংঘাত বন্ধ কৰাৰ ক্ষেত্ৰত মধ্যস্থতা কৰা বুলি দাবী কৰি আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

শেহতীয়াকৈ ট্ৰাম্পে পুনৰ কয়, “আমি ভাৰত আৰু পাকিস্তানৰ যুদ্ধ বন্ধ কৰি দিছোঁ। তেওঁলোকৰ মাজত পাৰমাণৱিক যুদ্ধ হ’বলৈ গৈ আছিল। শেষৰ আক্ৰমণত ৫ খন বিমান ধ্বংস হৈছিল। বাৰে বাৰে সংঘৰ্ষ হৈছিল। মই ফোন কৰি ক’লোঁ যে যদি এইদৰে সংঘাত চলি থাকে তেন্তে আমি কোনো ধৰণৰ ব্যৱসায় নকৰো। দুয়োখন দেশৰে পাৰমাণৱিক শক্তি আছে। কোনে জানে শেষত কি হ’ব, মই যুদ্ধ বন্ধ কৰি দিলোঁ।”

অৱশ্যে ভাৰতে নিজৰ স্থিতিত স্পষ্ট কৰি আহিছে । ইতিমধ্যে ইছলামবাগে যুদ্ধবিৰতি বিচৰাৰ বাবেই এই সংঘাত বন্ধ কৰা বুলি ৱাশ্বিংটনক স্পষ্ট বাৰ্তা দিছে ভাৰতে। কোনো ধৰণৰ মধ্যস্থতা দাবী মানি লোৱা নহ’ব বুলিও স্পষ্ট কৰি দিছে ভাৰতে।

ইফালে, বুধবাৰে ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পি হৰিশে কয়, “পাকিস্তান আৰু পাকিস্তানে দখল কৰা কাশ্মীৰত ভাৰতে অপাৰেচন সেন্দূৰ আৰম্ভ কৰিছিল। আমি আমাৰ লক্ষ্যত সফল হ’লোঁ। পাকিস্তানৰ অনুৰোধত সামৰিক সংঘাতৰ অন্ত পৰিল। ৰাষ্ট্ৰসংঘৰ অন্যতম সদস্য হিচাপে ভাৰতে সদায় নিজৰ অংশীদাৰৰ সৈতে আলোচনা কৰি আহিছে।”

 

লগতে পঢ়ক:  ঋণ, উগ্ৰবাদ আৰু সন্ত্ৰাসবাদত ডুব গৈ আছে পাকিস্তান ! পুনৰ ৰাষ্ট্ৰসংঘত পাকিস্তানৰ মুখা খুলিলে ভাৰতে…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...