হাছিনাৰ প্ৰত্যৰ্পণ নহ’লেও অটুট থাকিব ভাৰতৰ সৈতে সম্পৰ্ক, ক’লে বাংলাদেশ চৰকাৰৰ উপদেষ্টাই

ভাৰতে মুকলিকৈ এই বিষয়ত কোনো মন্তব্য নকৰিলেও সততে উত্থাপিত হৈছে এক প্ৰশ্ন- হাছিনাক বাংলাদেশৰ হাতত গতাই দিব নেকি ভাৰতে? অৱশ্যে এই বিষয়ে ভাৰতৰ সৈতে বাংলাদেশৰ সম্পৰ্কত কোনো প্ৰভাৱ নেপেলায় বুলি উল্লেখ কৰিছে অন্তৱৰ্তীকালীন চৰকাৰে।

হাছিনাৰ প্ৰত্যৰ্পণ নহ’লেও অটুট থাকিব ভাৰতৰ সৈতে সম্পৰ্ক, ক’লে বাংলাদেশ চৰকাৰৰ উপদেষ্টাই

হাছিনা প্ৰসংগত কি ক’লে বাংলাদেশে!

Updated On: 

01 Dec 2025 | 02:34 PM

স্বদেশত মৃত্যুদণ্ডৰে দণ্ডিত শ্বেখ হাছিনা এতিয়া ভাৰতত। ক্ষমতাৰ পৰা উৎখাত হোৱাৰ পিছৰ পৰাই ভাৰতত আশ্ৰয় গ্ৰহণ কৰি আছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। হাছিনাৰ প্ৰত্যৰ্পণৰ দাবীৰে বাংলাদেশ চৰকাৰে শেহতীয়াকৈ ভাৰতলৈ পত্ৰ প্ৰেৰণ কৰিছিল। এক কথাত শ্বেখ হাছিনা সন্দৰ্ভত বৰ্তমান নতুন দিল্লীৰ ওপৰত দৃষ্টি নিবদ্ধ ঢাকাৰ। অৱশ্যে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা এই সন্দৰ্ভত এতিয়ালৈকে বিশেষ কোনো চৰ্চা হোৱা নাই।

ভাৰতে মুকলিকৈ এই বিষয়ত কোনো মন্তব্য নকৰিলেও সততে উত্থাপিত হৈছে এক প্ৰশ্ন- হাছিনাক বাংলাদেশৰ হাতত গতাই দিব নেকি ভাৰতে? বিশেষজ্ঞসকলৰ মতে হাছিনাৰ প্ৰত্যৰ্পণৰ পক্ষত যুক্তি কম, বিৰোধত যুক্তি অধিক। অৱশ্যে এই বিষয়ে ভাৰতৰ সৈতে বাংলাদেশৰ সম্পৰ্কত কোনো প্ৰভাৱ নেপেলায় বুলি উল্লেখ কৰিছে অন্তৱৰ্তীকালীন চৰকাৰে।

বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা তৌহিদ হুছেইনে এই সন্দৰ্ভত বিশেষ মন্তব্য কৰিছে। ভাৰতে শ্বেখ হাছিনাক ভাৰতে প্ৰত্যৰ্পণ নকৰিলেও ঢাকা-দিল্লীৰ সম্পৰ্কৰ অৱনতি নহয় বুলি তেওঁ উল্লেখ কৰে। বাংলাদেশৰ সংবাদ মাধ্যম ‘সময় টিভি’ৰ এক প্ৰতিবেদনত দেশখনৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টাগৰাকীৰ মন্তব্যৰ বিষয়ে প্ৰকাশ কৰা হৈছে।

এই প্ৰতিবেদন মতে তৌহিদ হুছেইনে কয়, “বিশ্বৰ সকলো দেশৰ সৈতে বাংলাদেশৰ বহুমাত্ৰিক সম্পৰ্ক আছে। তেনে সম্পৰ্ক ভাৰতৰ সৈতেও আছে। শ্বেখ হাছিনা এগৰাকী দোষী সাব্যস্ত হোৱা অপৰাধী। গতিকে নতুন দিল্লীয়ে তেওঁক সোনকালে ঘূৰাই পঠিয়াব বুলি আমি আশা কৰিছো। কিন্তু সেয়া নহ’লেও ঢাকা আৰু নতুন দিল্লীৰ মাজৰ সম্পৰ্কৰ অৱনতে নঘটে।”

তৌহিদে লগতে ভাৰত-বাংলাদেশৰ মাজত তিস্তা নদীৰ পানী ভাগ-বাটোৱাৰা আৰু সীমান্ত সম্পৰ্কীয় অন্যান্য কূটনৈতিক বিষয়তো মন্তব্য কৰে। তেওঁৰ মতে, “তিস্তাৰ পানী হওক বা সীমান্তৰ সমস্যাই হওক, এতিয়াৰ পৰা এই বিষয়সমূহৰ লগতে শ্বেখ হাছিনাক প্ৰত্যৰ্পণৰ দাবীও উত্থাপন হ’ব।” ইয়াৰ বাবে কিমান সময়ৰ প্ৰয়োজন হ’ব, তাৰ নিশ্চয়তা নাই যদিও প্ৰচেষ্টা অব্যাহত থাকিব বুলি তৌহিদ হুছেইনে লগতে কয়।

উল্লেখ্য যে বিগত বৰ্ষৰ জুলাই-আগষ্টৰ বিদ্ৰোহৰ পিছত ক্ষমতাৰ পৰা উৎখাত হৈছিল শ্বেখ হাছিনা। তেতিয়াৰ পৰাই হাছিনা ভাৰতত আছে। শেহতীয়াকৈ বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে অমানৱীয় অপৰাধৰ বাবে তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। তেতিয়াৰ পৰাই বাংলাদেশে হাছিনাক ঘূৰাই নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...