বিধ্বংসী ধুমুহাৰ ফলত ১৭ জন লোকৰ মৃত্যু, ১৩০ ঠাইত অগ্নিকাণ্ড…

বিধ্বংসী ধুমুহাই ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰে । এই ধুমুহাৰ ফলত কমেও ১৭ জন লোকৰ মৃত্যু হৈছে। মিছৌৰী ষ্টেট হাইৱে পেট্ৰ’লে শনিবাৰে জনোৱা মতে, মিছৌৰীত এই বিধ্বংসী ধুমুহাত ১১ জন লোকৰ মৃত্যু হৈছে। সংস্থাটোৱে জনোৱা মতে, বহু লোক আহতও হৈছে।

বিধ্বংসী ধুমুহাৰ ফলত ১৭ জন লোকৰ মৃত্যু, ১৩০ ঠাইত অগ্নিকাণ্ড...

প্ৰতীকী ফটো

Updated On: 

16 Mar 2025 | 07:34 AM

আমেৰিকাত বিধ্বংসী ধুমুহাই ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰে । এই ধুমুহাৰ ফলত কমেও ১৭ জন লোকৰ মৃত্যু হৈছে। মিছৌৰী ষ্টেট হাইৱে পেট্ৰ’লে শনিবাৰে জনোৱা মতে, মিছৌৰীত এই বিধ্বংসী ধুমুহাত ১১ জন লোকৰ মৃত্যু হৈছে। সংস্থাটোৱে জনোৱা মতে, বহু লোক আহতও হৈছে। ইফালে প্ৰকাশিত খবৰ অনুসৰি, ইণ্ডিপেণ্ডেন্স কাউন্টিত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৮ খন কাউন্টিত ২৯জন লোক আহত হৈছে।

আৰ্কান্ সাছৰ জনসাধাৰণৰ সুৰক্ষা বিভাগে এক বিবৃতিত কয় যে, ৰাজ্যখনৰ ১৬খন কাউন্টিত ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষতিৰ লগতে বিদ্যুৎ পৰিবাহী তাঁৰ আৰু গছ-গছনি ভাঙি পৰাৰ খবৰ পোৱা গৈছে। টেক্সাছ পেনহেণ্ডলৰ আমাৰিলো কাউন্টিত ধূলিৰ ধুমুহাৰ সময়ত দুৰ্ঘটনাত পতিত হৈ তিনিজন লোকৰ মৃত্যু হোৱা বুলি বিষয়াসকলে জনায়। ইয়াৰ পূৰ্বে মিছৌৰী ষ্টেট হাইৱে পেট্ৰ’লে জনোৱা মতে, মিছৌৰীৰ বেকাৰছফিল্ড অঞ্চলত হোৱা ধুমুহাৰ ফলত কমেও দুজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয়।

মিছৌৰীৰ বাটলাৰ কাউন্টিৰ ক’ৰনাৰ জিম আকাৰছে জনোৱা মতে, বেকাৰছফিল্ডৰ পৰা প্ৰায় ১৭৭ মাইল পূবত এটা ঘৰত ধুমুহাই বৃহৎ ক্ষতিসাধন কৰে । ইয়াৰ ফলত এজন লোকৰ মৃত্যু হয় । আকাৰছে কয় যে, উদ্ধাৰকাৰীয়ে ঘৰৰ ভিতৰত থকা এগৰাকী মহিলাক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

মেয়ৰ জ’নাছ এণ্ডাৰছনে ছ’চিয়েল মিডিয়াত কয় যে, আৰ্কান্ সাছৰ কেভ চিটি অঞ্চলত পাঁচজন লোক আহত হৈছে, য’ত পৰৱৰ্তী জাননী নিদিয়ালৈকে জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছে। সমগ্ৰ ৰাজ্যখনতে ১৩০ টাতকৈও অধিক স্থানত অগ্নিকাণ্ড সংঘটিত হয় । ফলস্বৰূপে কিছু সংখ্যক লোকক অঞ্চলসমূহ এৰি যাবলৈ পৰামৰ্শ দিয়া হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...