বতাহত উৰিছে টকা, সুখৰ সীমা নাই জনতাৰ… কিন্তু ক’ত?

বতাহত উৰিছে কোটি কোটি টকা! এনেকৈ টকা পালে আপোনাৰো আনন্দৰ সীমা নোহোৱা হ'ব। কিন্তু তেনেই এটা অসাধাৰণ ঘটনা সংঘটিত হৈছে। সবিশেষৰ বাবে পঢ়ক এই খবৰ।

বতাহত উৰিছে টকা, সুখৰ সীমা নাই জনতাৰ... কিন্তু কত?

বতাহত উৰিছে টকা, সুখৰ সীমা নাই জনতাৰ

Published: 

11 Jul 2025 | 06:12 PM

আমেৰিকাৰ ডেট্ৰাইটত চহৰত এজন ব্যক্তিৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত হঠাতে হেলিকপ্টাৰ এখনৰ পৰা টকাৰ বৰষুণ হ’বলৈ ধৰিলে। ইয়াত প্ৰায় ৫ হাজাৰ ডলাৰ বৰষুণ হৈছিল যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ৪ লাখ ৩০ হাজাৰ টকা। এই টকা নিবলৈ দৌৰি আহি সকলো। হঠাতে টকা পাই আনন্দত আত্মহাৰা সকলো।

আপুনি হয়তো চিনেমাত আকাশৰ পৰা ধনৰ বৰষুণ হোৱা দেখিছে, যদি সঁচাকৈ তেনে হয় আপোনাৰ বাৰু কেনেকুৱা লাগিব? কিন্তু তেনেই এক ঘটনা পোহৰলৈ আহিছে। আমেৰিকাৰ ডেট্ৰাইটৰ গ্ৰেটিঅ’ট এভিনিউ কান’ৰ ৰাস্তাত ঘটিছিল। আচলতে তাত গাড়ী ধোৱা কোম্পানীৰ মালিক ডেৰেল থমাছক অন্তিম বিদায় দিয়া হৈছিল। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিবলৈ বহু লোক একগোট হৈছিল। সেই সময়ত হঠাৎ হেলিকপ্টাৰ এখনৰ পৰা গোলাপৰ পাহিৰ সৈতে নোটৰ বৰষুণ হ’বলৈ ধৰিলে।

৪.৩০ লাখ টকাৰ বৰষুণ

ডেৰেল থমাছৰ বয়স আছিল ৫৮ বছৰ আৰু তেওঁ এটা গাড়ী ধোৱা কোম্পানী চলাইছিল। তেওঁৰ মৃত্যুৰ কাৰণ আছিল এলঝেইমাৰ। মৃত্যুৰ আগতে তেওঁ ইচ্ছা প্ৰকাশ কৰিছিল যে যেতিয়া তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া হ’ব তেতিয়া আকাশৰ পৰা ধনৰ বৰষুণ কৰিব লাগিব। গতিকে, তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত হেলিকপ্টাৰ এখনৰ পৰা নগদ ধন পেলাই দিয়া হৈছিল। ইয়াৰ পৰিমাণ প্ৰায় ৫ হাজাৰ ডলাৰ বুলি কোৱা হৈছে, যিটো ভাৰতীয় টকাত প্ৰায় ৪ লাখ ৩০ হাজাৰ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...