প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চাইপ্ৰাছৰ সৰ্বোচ্চ সন্মান ‘গ্ৰেণ্ড অফ দ্যা অৰ্ডাৰ অফ মাকাৰিছি তৃতীয়’ৰে সন্মানিত…

দেওবাৰে প্ৰধানমন্ত্ৰী মোদী চাইপ্ৰাছত উপস্থিত হয়। মোদীক ভাৰত আৰু চাইপ্ৰাছৰ বাণিজ্যিক জগতৰ নেতাসকলকো সম্বোধন কৰে। এই সময়চোৱাত মোদীয়ে কয় যে,চাইপ্ৰাছ দীৰ্ঘদিন ধৰি ভাৰতৰ এক বিশ্বাসযোগ্য অংশীদাৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চাইপ্ৰাছৰ সৰ্বোচ্চ সন্মান গ্ৰেণ্ড অফ দ্যা অৰ্ডাৰ অফ মাকাৰিছি তৃতীয়ৰে সন্মানিত...

নৰেন্দ্ৰ মোদী

Updated On: 

16 Jun 2025 15:42 PM

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৫ দিনীয়া কাৰ্যসূচীৰে বিদেশ ভ্ৰমণত আছে। বৰ্তমান তেওঁ চাইপ্ৰাছ ভ্ৰমণত আছে আৰু আজি দ্বিতীয় দিন। এই দিনটোতেই মোদীক ইউৰোপীয় দেশৰ সৰ্বোচ্চ সন্মানেৰে সন্মানিত কৰা হৈছে। ছাইপ্ৰাছৰ সৰ্বোচ্চ সন্মান লাভ কৰা বিশ্বৰ ২৩ সংখ্যক নেতা প্ৰধানমন্ত্ৰী মোদী। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে, “এই সন্মান কেৱল মোৰ নহয়, এই সন্মান দেশৰ ১৪০ কোটি জনতাৰ”। ইয়াৰোপৰি এই সন্মান ভাৰত আৰু চাইপ্ৰাছৰ মাজত থকা বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ প্ৰতি উৎসৰ্গিত বুলি তেওঁ কয়।

ৰাজধানী নিকোচিয়াত চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে প্রধানমন্ত্রী মোদীক চাইপ্ৰাছক সৰ্বোচ্চ সন্মান “গ্ৰেণ্ড অফ দ্য়া অৰ্ডাৰ অফ মাকাৰিছি তৃতীয়”ৰে সন্মানিত কৰে।

মোদীয়ে কি কয়

সন্মান গ্ৰহণ কৰি মোদীয়ে কয় যে, ”গ্ৰেণ্ড অফ দ্য়া অৰ্ডাৰ অফ মাকাৰিছি তৃতীয়- সন্মানৰ বাবে মই আপোনাক , চাইপ্ৰাছ চৰকাৰ আৰু চাইপ্ৰাছৰ জনতাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই সন্মান কেৱল নৰেন্দ্ৰ মোদীৰ নহয়, এই সন্মান ১৪০ কোটি ভাৰতীয়ৰ। এয়া তেওঁলোকৰ শক্তি আৰু আকাংক্ষাৰ সন্মান। আমাৰ দেশৰ সংস্কৃতি, ভাতৃত্ববোধ আৰু বসুধৈৱ কুটুম্বকমৰ মতাদৰ্শৰ প্ৰতি মই এই সন্মান। এই সন্মান মই ভাৰত আৰু চাইপ্ৰাছৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক, মূল্যবোধ আৰু পাৰস্পৰিক বুজাবুজিৰ প্ৰতি উৎসৰ্গা কৰিছো”।

তেওঁ আৰু কয় যে, “সকলো ভাৰতীয়ৰ হৈ এই সন্মান মই অত্যন্ত বিনম্ৰতা আৰু কৃতজ্ঞতাৰে গ্ৰহণ কৰিছো। এই সন্মান শান্তি, নিৰাপত্তা, সাৰ্বভৌমত্ব, ভূখণ্ডীয় অখণ্ডতা আৰু সমৃদ্ধিৰ প্ৰতি আমাৰ অদম্য দায়বদ্ধতাৰ প্ৰতীক। এই সন্মান ভাৰত আৰু চাইপ্ৰাছৰ সম্পৰ্কৰ প্ৰতি দায়ত্ববদ্ধতাৰ প্ৰতীক। গতিকে ইয়াৰ গুৰুত্ব আমি বুজি পাওঁ। মই বিশ্বাস কৰো যে, আমাৰ সক্ৰিয় অংশীদাৰিত্বই আগন্তুক সময়ত নতুন শিখৰ স্পৰ্শ কৰিব। আমি আমাৰ দেশৰ উন্নয়ন শক্তিশালী কৰাৰ লগতে শান্তিপূৰ্ণ আৰু সুৰক্ষিত বিশ্ব পৰিৱেশ গঢ়ি তোলাতো অৰিহণা যোগাম।”

 

 

ইয়াৰ পূৰ্বে মোদীক নিকোছিয়াৰ ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। এই সময়চোৱাত ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডছৰ সৈতে মোদীয়ে এক বৈঠকত মিলিত হয়। য’ত বাণিজ্য, বিনিয়োগ আৰু প্রতিৰক্ষাৰ দৰে দ্বিপাক্ষিক ক্ষেত্ৰত আলোচনা কৰা হয়। এই বৈঠকত উপস্থিত থাকে দুই দেশৰ ব্যৱসায়ী।

উল্লেখ্য যে, দেওবাৰে প্ৰধানমন্ত্ৰী মোদী চাইপ্ৰাছত উপস্থিত হয়। মোদীক ভাৰত আৰু চাইপ্ৰাছৰ বাণিজ্যিক জগতৰ নেতাসকলকো সম্বোধন কৰে। এই সময়চোৱাত মোদীয়ে কয় যে,চাইপ্ৰাছ দীৰ্ঘদিন ধৰি ভাৰতৰ এক বিশ্বাসযোগ্য অংশীদাৰ। কাৰ্যক্ৰম সম্বোধন কৰি মোদীয়ে কয় যে, ২৩ বছৰ পাছত ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীয়ে চাইপ্ৰাছ ভ্ৰমণ কৰিছে। এই সময়চোৱাত প্ৰথম কাৰ্যসূচী আছিল ব্যৱসায়ীসকলৰ সৈতে ঘূৰণীয়া মেজ বৈঠক। ইয়াৰ পৰাই বুজা যায় যে ভাৰত আৰু চাইপ্ৰাছৰ সম্পৰ্কৰ বাবে অৰ্থনৈতিক জগতৰ সৈতে জড়িত লোকসকল কিমান গুৰুত্বপূৰ্ণ।

 

অন্য খবৰ পঢ়কঃ হংকঙৰ পৰা দিল্লীলৈ উৰা মাৰিছিল এয়াৰ ইণ্ডিয়াৰ বিমান, উৰণৰ মাজতে কাৰিকৰী বিজুতি, শংকিত যাত্ৰী…

ভাগ্যত নাথাকিলে বিচৰা বস্তুটো কেনেকৈ নিজৰ কৰিব?
উজ্জ্বল আৰু কোমল ছালৰ বাবে কিদৰে ব্যৱহাৰ কৰিব এলোভেৰা জেল?
টোপনিৰ এনে অভ্যাস হ’ব পাৰে আপোনাৰ জীৱনৰ বিপদ, কৰিব পাৰে হৃদযন্ত্ৰৰ ক্ষতি
আজিৰ জীৱনশৈলীত লিভাৰ কেনেকৈ সুস্থ ৰাখিব? ৫টা পৰামৰ্শ
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...