ভয়ংকৰ নাও দুৰ্ঘটনাত ৮৬ জন লোকৰ মৃত্যু, বেছিভাগেই ছাত্ৰ-ছাত্ৰী…

শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ নাও দুৰ্ঘটনা, য’ত কমেও ৮৬ জন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত বেছি সংখ্যকেই ছাত্ৰ-ছাত্ৰী বুলি জানিব পৰা গৈছে।

ভয়ংকৰ নাও দুৰ্ঘটনাত ৮৬ জন লোকৰ মৃত্যু, বেছিভাগেই ছাত্ৰ-ছাত্ৰী...

প্ৰতীকী ফটো

Published: 

12 Sep 2025 | 08:53 PM

উত্তৰ-পশ্চিম কংগোৰ ইকুৱেটৰ প্ৰদেশত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ নাও দুৰ্ঘটনা, য’ত কমেও ৮৬ জন লোকৰ মৃত্যু হয়। বাসাংকুছু অঞ্চলত সংঘটিত হোৱা এই ঘটনাত নিহতসকলৰ ভিতৰত বেছি সংখ্যক ছাত্ৰ-ছাত্ৰী বুলি জানিব পৰা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি, মটৰচালিত এখন নাও বাগৰি যোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। প্ৰয়োজনতকৈ অধিক যাত্ৰী আৰু লাগেজ কঢ়িয়াই আনিছিল নাওখনত। বিষয়াসকলে জনোৱা মতে, নাওখন ৰাতি যাত্ৰা কৰি আছিল আৰু এই সময়ছোৱাত নাওখনে ভাৰসাম্য হেৰুৱাই দুৰ্ঘটনাত পতিত হয়।

বিষয়াসকলে জনোৱা মতে, এতিয়ালৈকে ৮৬টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। এতিয়াও বহু লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। স্থানীয় প্ৰশাসন আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত থকাৰ লগতে নিৰুদ্দেশ হোৱা লোকসকলৰ সন্ধানত অভিযান অব্যাহত আছে। নদীৰ পাৰত অৱস্থিত গাঁৱৰ লোকেও এই অনুসন্ধান অভিযানত সহায় কৰিছে।

আটাইতকৈ বেদনাদায়ক দিশটো হ’ল মৃতকৰ বেছিভাগেই ছাত্ৰ-ছাত্ৰী। কোৱা হৈছে যে, ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ঘৰৰ পৰা আন চহৰলৈ পঢ়া-শুনাৰ বাবে গৈ আছিল। প্ৰয়োজনতকৈ বেছি লোডিং আৰু নিশাৰ যাত্ৰা কৰাৰ ফলত েই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...