ভাৰতৰ বিৰুদ্ধে কৰা যুদ্ধত ২টা দিশেৰে পাকিস্তানক সহায় কৰিছিল চীনে! চাঞ্চল্যকৰ তথ্য পোহৰলৈ…
ভাৰত আৰু পাকিস্তানৰ সংঘাতত চীনৰ ভূমিকা সন্দৰ্ভত এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। এটা প্ৰতিৰক্ষা গৱেষণা সংস্থাৰ মতে চীনে পাকিস্তানক উপগ্ৰহ আৰু বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰে সহায় কৰিছিল। কিন্তু ভাৰত আৰু পাকিস্তান চৰকাৰে এই সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই।

ভাৰত-পাকিস্তানৰ যুদ্ধ
পাকিস্তানৰ ভূমিত প্ৰশিক্ষণ গ্ৰহণ কৰা সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ পহলগামত ২৬জন নিৰীহ পৰ্যটকক হত্যা কৰাৰ পিছত ভাৰতে সন্ত্ৰাসবাদীৰ আত্মগোপন ঘাটি ধ্বংস কৰি ইয়াৰ প্ৰতিশোধ লয়। এই কাৰ্যত ক্ষুব্ধ হৈ ভাৰতক আক্ৰমণ কৰে পাকিস্তানে, যাৰ উপযুক্ত উত্তৰ ভাৰতীয় বাহিনীয়ে দিছে। এতিয়া এই সংঘাতত এটা চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। আচলতে চীনে এই যুদ্ধত পাকিস্তানক পোনপটীয়াকৈ সহায় কৰিছিল। তেওঁ নিজৰ উপগ্ৰহ আৰু বায়ু প্ৰতিৰক্ষাৰ জৰিয়তে এই সহায় আগবঢ়াইছিল।
ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে জড়িত এক গৱেষণা সংস্থাই ডাঙৰ দাবী কৰিছে। তেওঁলোক মতে, শেহতীয়াকৈ ভাৰতৰ সৈতে হোৱা সংঘৰ্ষৰ সময়ত চীনে পাকিস্তানক এয়াৰ ডিফেন্স আৰু চেটেলাইটৰ সহায়ৰ প্ৰস্তাৱ দিছিল। ইয়াৰ পৰা বুজা যায় যে এই যুদ্ধত নিশ্চয়কৈ চীনে প্ৰত্যক্ষ ভূমিকা পালন কৰিছিল। নতুন দিল্লীস্থিত চেণ্টাৰ ফৰ জইণ্ট ৱাৰফেয়াৰ ষ্টাডিজৰ সঞ্চালক অশোক কুমাৰে এক সাক্ষাৎকাৰত কয় যে ২২ এপ্ৰিলৰ হত্যাকাণ্ডৰ পৰা আৰম্ভ কৰি দুয়োখন দেশৰ সংঘাতলৈকে চীনে দুসপ্তাহ ধৰি চেটেলাইট কভাৰেজৰ জৰিয়তে পাকিস্তানক সহায় কৰিছিল।
অশোক কুমাৰে লগতে কয়,”ইয়াৰ দ্বাৰা তেওঁলোকৰ এয়াৰ ডিফেন্স ৰাডাৰ পুনৰ নিয়োগ কৰাত সহায়ক হৈছিল। এই কাম কৰা হৈছিল যাতে ভাৰতে আকাশী পথৰ জৰিয়তে যি ব্যৱস্থা গ্ৰহণ কৰে তাৰ তথ্য লাভ কৰিব পাৰে।” কিন্তু ভাৰত চৰকাৰে এতিয়াও আনুষ্ঠানিকভাৱে চীনৰ জড়িততা সন্দৰ্ভত কোনো মন্তব্য কৰা নাই আৰু পাকিস্তানেও চীনৰ অস্ত্ৰ-শস্ত্ৰৰ ব্যৱহাৰ মানি লোৱা নাই।
চেণ্টাৰ ফৰ জইণ্ট ৱাৰফেয়াৰ ষ্টাডিজ হৈছে ভাৰতৰ সশস্ত্ৰ বাহিনীক আধুনিকীকৰণ আৰু একত্ৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা এক স্বতন্ত্ৰ থিংক টেংক। ইয়াৰ পৰামৰ্শদাতা ব’ৰ্ডত আছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, দেশৰ শীৰ্ষ সামৰিক সেনাধ্যক্ষ আৰু সেনা, বায়ুসেনা আৰু নৌসেনাৰ মুৰব্বীসকল। যোৱা সপ্তাহলৈকে চীনৰ বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ে সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দিয়া নাছিল। এই প্ৰশ্ন ভাৰতৰ বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়, ইয়াৰ সশস্ত্ৰ বাহিনী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়কো সোধা হৈছিল। ইফালে পাকিস্তানৰ বৈদেশিক আৰু তথ্য মন্ত্ৰালয়েও দেওবাৰে ইমেইলযোগে প্ৰেৰণ কৰা প্ৰশ্নৰ কোনো উত্তৰ নিদিলে।
উল্লেখ্য যে, ভাৰত আৰু পাকিস্তানৰ এই যুদ্ধক ৫০ বছৰৰ ভিতৰত দুখন পাৰমাণৱিক অস্ত্ৰধাৰী প্ৰতিবেশী দেশৰ মাজত হোৱা আটাইতকৈ ডাঙৰ যুদ্ধ বুলি অভিহিত কৰা হৈছে। এই যুদ্ধত সীমান্তত বিমান আক্ৰমণ, ড্ৰোন আৰু ক্ষেপণাস্ত্ৰ আক্ৰমণ, আৰ্টিলাৰী গোলাবৰ্ষণ আৰু ক্ষুদ্ৰ অস্ত্ৰৰ সংঘৰ্ষ। প্ৰকৃততে ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে ভাৰতে পাকিস্তানক জগৰীয়া কৰিছে।কিন্তু এই নিষ্ঠুৰ কাৰ্যক অস্বীকাৰ কৰিছে পাকিস্তানে।
লগতে পঢ়ক: প্ৰতিমুহূৰ্ততে বাঢ়িছে পাকিস্তানী শাসকৰ হৃদস্পন্দন! ইখনৰ পিছত সিখন দেশৰ ওচৰত ভিক্ষা শ্বাহবাজ-মুনীৰৰ