অপৰাধী আৰু গেংষ্টাৰৰ বিৰুদ্ধে বৃহৎ অভিযান ব্ৰাজিল আৰক্ষীৰ, নিহত ৮০ জন…
অপৰাধী-গেংষ্টাৰৰ বিৰুদ্ধে ব্ৰাজিলৰ ৰাজধানী ৰিঅ' ডি জেনেৰ' বৃহৎ অভিযান। এতিয়ালৈকে এই অভিযানত প্ৰায় ৮০ জন লোক নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে।

ব্ৰাজিলৰ ৰাজধানী ৰিঅ’ ডি জেনেৰ’ত অপৰাধী আৰু গেংষ্টাৰৰ বিৰুদ্ধে বৃহৎ অভিযান আৰম্ভ কৰিছে ব্ৰাজিলৰ নিৰাপত্তা সংস্থাই। এই অভিযানত চাৰিজন আৰক্ষী বিষয়া আৰু প্ৰায় ৮০জন লোক নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে। হতাহতৰ অধিক সংখ্যাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশ্নৰ উত্থাপন কৰিছে। এই এনকাউণ্টাৰৰ খবৰৰ পিছত প্ৰশ্ন উত্থাপন হৈছে যে, কেনেকৈ হঠাতে ইমান বৃহৎ অভিযান আৰম্ভ হ’ল?
মঙলবাৰে গৱৰ্ণৰ ক্লাউডিঅ’ কাষ্ট্ৰোৱে ভিডিঅ’ বিবৃতি প্ৰকাশ কৰি কয় যে, বৃহৎ পৰিসৰৰ আৰক্ষী অভিযানত ৬০ জন অভিযুক্ত অপৰাধীক নিৰ্মূল কৰা হৈছে আৰু আৰক্ষীয়ে ২৫০ জনতকৈ অধিক গ্ৰেপ্তাৰ আৰু চাৰ্চ ৱাৰেণ্ট জাৰি কৰিছে। কাষ্ট্ৰোৱে আৰু কয় যে, ৮১ জন লোকক আটক কৰি অস্ত্ৰ-শস্ত্ৰ জব্দ কৰা হৈছে।
কাষ্ট্ৰোৱে কয়, “আমি কি বিচাৰো? শান্তিপূৰ্ণ ৰিঅ’ ডি জেনেৰ’, অপৰাধমুক্ত ব্ৰাজিল আৰু আমি পিছুৱাই নাযাওঁ, কাৰণ আমি বিশ্বাস কৰোঁ যে, জনসাধাৰণৰ সুৰক্ষা যিমানেই বেছি হ’ব সিমানেই আপুনি আৰু আপোনাৰ পৰিয়াল মুক্ত হ’ব।”
চহৰখনত পূৰ্বেও একেধৰণৰ অভিযান চলোৱা হৈছিল। ব্ৰাজিলত ড্ৰাগছ সৰবৰাহ, ধন দাবী আৰু অন্যান্য কুখ্যাত কাৰ্যকলাপৰ বাবে পৰিচিত অসংখ্য গেং আছে। অহা সপ্তাহত ৰিঅ’ত আয়োজন কৰা হ’ব জলবায়ু সম্পৰ্কীয় এক বৃহৎ সন্মিলন C40 World Mayors Summit।
ড্ৰাগছ সৰবৰাহ আৰু সংগঠিত অপৰাধৰ বিৰুদ্ধে অপাৰেচন কণ্টেইনমেণ্টৰ অংশ হিচাপে এই অভিযান চলোৱা বুলি জানিব পৰা গৈছে। এই অভিযানৰ নিৰ্দিষ্ট লক্ষ্য আছিল কমাণ্ডো ভাৰ্মেলহ’ গেং, যাক ৰেড কমাণ্ড বুলিও কোৱা হয়। ছ’চিয়েল মিডিয়াতো কৰ্তৃপক্ষই দাবী কৰিছে যে, এই অভিযানৰ সময়ত কমেও ৪২টা ৰাইফল জব্দ কৰা হৈছে।
কাষ্ট্ৰোৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, “এই অভিযানৰ লক্ষ্য হৈছে কমাণ্ডো ভাৰ্মেলহ’ গেঙক কৰায়ত্ত কৰা। উদ্দেশ্য হৈছে ভাৰ্মেলহ’ৰ নেটৱৰ্ক প্ৰতিহত কৰা আৰু ৰিঅ’ ডি জেনেৰ’ আৰু অন্যান্য ৰাজ্যৰ অপৰাধী নেতাসকলক গ্ৰেপ্তাৰ কৰা।” উল্লেখ্য যে, এই অভিযানত প্ৰায় ২৫০০ নিৰাপত্তাৰক্ষী নিয়োজিত হৈছে।