পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপত ভয়ংকৰ বিস্ফোৰণ, বাংকাৰত সোমাল শ্বাহবাজ শ্বৰীফ…

Blast near Pakistan Pm house: ভাৰত-পাকিস্তানৰ মাজৰ উত্তেজনা অব্যাহত আছে। ইয়াৰ মাজতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ ঘৰৰ সমীপত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়।

পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপত ভয়ংকৰ বিস্ফোৰণ, বাংকাৰত সোমাল শ্বাহবাজ শ্বৰীফ...

পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে

Updated On: 

09 May 2025 | 01:05 AM

ভাৰত-পাকিস্তানৰ মাজৰ উত্তেজনা অব্যাহত আছে। পাকিস্তান ভাৰতলৈ ড্ৰ’ন আৰু মিছাইল নিক্ষেপ কৰাৰ পাছতে ভাৰতীয় সেনাই ইয়াৰ প্ৰত্যুত্তৰ স্বৰূপে প্ৰত্যাক্ৰমণ আৰম্ভ কৰে। তথ্য অনুসৰি ভাৰতীয় সেনাই পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাদ শ্বৰীফৰ ঘৰৰ প্ৰায় ২০ কিলোমিটাৰ আঁতৰত ভয়ংকৰ বিস্ফোৰণ সংঘটিত কৰে। ইয়াৰ পাছতে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকী বাংকাৰত আশ্ৰয় লয় বুলি জানিব পৰা গৈছে।

ইয়াৰ পূৰ্বে ভাৰতে প্ৰতিশোধমূলক আক্ৰমণ চলাই পাকিস্তানৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাকে ধৰি কেইবাটাও ক্ষেপনাস্ত্ৰ ধ্বংস কৰিছিল। পাকিস্তানৰ হাইহেট ফাইটাৰ জেট F-17 আৰু JF 17 বিমান ধ্বংস কৰে। শেহতীয়া তথ্য অনুসৰি, ভাৰতে লাহোৰ, ছিয়ালকোট, কৰাচী, ইছলামাবাদত মিছাইল আক্ৰমণ কৰিছে । ইয়াৰোপৰি ভাৰতে পাকিস্তানৰ এয়াৰবোৰ্ণ বাৰ্ণিং এণ্ড কন্ট্ৰোল চিষ্টেম পঞ্জাব প্ৰান্তত ধ্বংস কৰে। ভাৰতৰ প্ৰত্যাক্ৰমণৰ ফলত পাকিস্তানৰ কেইবাখনো চহৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। ইয়াকে লৈ পাকিস্তানী জনতাৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বৃহস্পতিবাৰে সন্ধিয়া পাকিস্তানে ভাৰতৰ পঞ্জাৱ, ৰাজস্থান আৰু জম্মুত মিছাইল নিক্ষেপ কৰিছিল যদিও ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ইয়াক ধ্বংস কৰি পেলাইছিল।  ইয়াৰ প্ৰত্যুত্তৰতে ভাৰতে পাকিস্তানৰ লাহোৰ, ইছলামাবাদকে ধৰি কেইবাখনো চহৰত মিছাইল নিক্ষেপ কৰে। ইয়াৰ মাজতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তিনি সেনা প্ৰধানৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰে আৰু কয় যে, ভাৰতে নিজৰ ৰক্ষাৰ বাবে সম্পূৰ্ণ সাজু।

ভাৰত-পাকিস্তানৰ মাজৰ উত্তেজনা বৰ্তমান অব্যাহত আছে।  ইফালে ভাৰতীয় নৌ সেনাইও কৰিছে আক্ৰমণ। তথ্য অনুসৰি INS বিক্ৰান্তে কৰাচী আৰু অৰমোৰা বন্দৰত আক্ৰমণ সংঘটিত কৰিছে। যাৰ বাবে কৰাচী বন্দৰত ধ্বংস হৈ যায়। এই আক্ৰমণ-প্ৰত্যাক্ৰমণ কি পৰ্যায় পাই সেয়া সময়ত হ’ব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ Indian navy attack on Pak: পাকিস্তানক আক্ৰমণ ভাৰতীয় নৌ সেনাৰ, ধ্বংস কৰাচী বন্দৰ

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...